• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পুনৰ কলংকৰ দাগ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত! : গৱেষিকা ছাত্ৰীক যৌন উৎপীড়ন চলোৱা কোন এই অধ্যাপক?

ডঃ বৰঠাকুৰৰ বিৰুদ্ধে আছে ভুৱা প্ৰমাণ পত্ৰ দাখিলেৰে ডিঃ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত ৰীডাৰ হিচাপে যোগদানৰ গুৰুতৰ অভিযোগ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 13, 2021 7:30 pm
Dibrugarh University
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইটোৰ পিছত সিটো বিতৰ্কই এৰা নিদিয়া উজনি অসমৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ এগৰাকী অধ্যাপকৰ বিৰুদ্ধে ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হোৱা বিষয়ে ইতিমধ্যে নৰ্থইষ্ট নাওত এক প্ৰতিবেদন প্ৰকাশ হৈ গৈছে।

উক্ত প্ৰতিবেদনত আমি উল্লেখ কৰিছিলো যে অসমীয়া বিভাগৰ অধ্যাপকগৰাকীৰ বিৰুদ্ধে তেওঁৰে গৱেষিকা শিক্ষাৰ্থী এগৰাকীয়ে বিশ্ববিদ্যালয়খনৰ Internal Complaints Committee(ICC)ত ইতিমধ্যে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ দাখিল কৰিছে। অধ্যাপকগৰাকীৰ অন্য এগৰাকী গৱেষিকা ছাত্ৰী আৰু এগৰাকী মহিলা কৰ্মচাৰীয়ে তেওঁৰ বিৰুদ্ধে ICCত সাক্ষ্য দিয়া যৌন শোষণৰ বিষয়টো বৰ্তমানেও কমিটিত বিচাৰাধীন হৈ আছে।

পূৰ্বৰ প্ৰতিবেদনত আমি অভিযুক্ত অধ্যাপকগৰাকীৰ নামোল্লেখ কৰাৰ পৰা বিৰত আছিলো যদিও এতিয়া আমি অধ্যাপকগৰাকীৰ নাম উল্লেখ কৰাৰ লগতে তেওঁৰ কু-কৃতি কাহিনীৰ বিষয়ে পাঠকক অৱগত কৰিব খুজিছো।

অধ্যাপকগৰাকী হৈছে বিশ্ববিদ্যালয়খনৰ অসমীয়া বিভাগৰ অধ্যাপক ডঃ সত্যকাম বৰঠাকুৰ। নাৰী তথা ছাত্ৰীৰ প্ৰতি সততে লোলুপ দৃষ্টি দি অহা অধ্যাপক ডঃ সত্যকাম বৰঠাকুৰে বিগত কেবা বছৰ ধৰি কিছু ছাত্ৰীক বিভিন্ন উপায়েৰে মাসনিক নিৰ্যাতন চলোৱাৰ লগতে অশালীন প্ৰস্তাৱ দি অহাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈ আহিছে।

অধ্যাপক ডঃ বৰঠাকুৰৰ এই কুকৰ্ম তথা কু-অভিপ্ৰায় কেৱল বিভাগৰ শিক্ষাৰ্থীসকলৰ মাজতেই সীমাৱদ্ধ হৈ থকা নাই। প্ৰাপ্ত খবৰ অনুসৰি অভিযুক্ত অধ্যাপকগৰাকীয়ে বিশ্ববিদ্যালয়ৰ এগৰাকী মহিলা কৰ্মচাৰীৰ কক্ষলৈ গৈ ধাৰাবাহিকভাৱে বিভিন্ন উপায়েৰে মানসিক আৰু শাৰীৰিকভাৱে অশালীন দুৰ্ব্যৱহাৰ কৰি নিৰ্যাতন চলাই আহিছে।

এই সন্দৰ্ভত ICCত অভিযোগ দাখিল কৰাৰ পিছতে ডঃ সত্যকাম বৰঠাকুৰে মহিলা কৰ্মচাৰীগৰাকীক অভিযোগ উঠাই ল’বলৈ কৈ চাকৰি নিয়মীয়াকৰণৰ প্ৰলোভন দিয়ে আৰু কৰ্মচাৰীগৰাকীয়ে এই টোপ নিগিলাৰ পিছতে গুণ্ডা আৰু ছালফা লগাই ভয় ভাবুকি প্ৰদান কৰাৰো অভিযোগ উঠিছে।

লগতে পঢ়ক : ডিব্রুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ বিৰুদ্ধে যৌন উৎপীড়নৰ অভিযোগ : ICCত অভিযোগ দাখিল শিক্ষাৰ্থীৰ

ইপিনে ইমান দিনে প্ৰলোভন আৰু ভয় ভাবুকিৰে ভুক্তভোগী ছাত্ৰীসকলৰ মুখ বন্ধ কৰি অহা অধ্যাপক ডঃ বৰঠাকুৰে এইবাৰো তেনে ভয় ভাবুকি তথা প্ৰলোভনেৰে মুখ বন্ধ কৰি ৰাখিব পাৰিম বুলি নিজৰে এগৰাকী গৱেষিকা ছাত্ৰীক অশালীন প্ৰস্তাৱ দিয়াৰ লগতে শাৰীৰিকভাৱে যৌন উৎপীড়ন চলোৱাৰ ভংয়কৰ অভিযোগ উত্থাপন হৈছে।

বিশেষ সূত্ৰে লাভ কৰা খবৰ অনুসৰি অধ্যাপকগৰাকীয়ে নিজৰ গৱেষিকা ছাত্ৰীগৰাকীক বিগত পাঁচ বছৰ ধৰি অৰ্থাৎ ২০১৬ চনৰ পৰাই বিভিন্ন উপায়েৰে মানসিক নিৰ্যাতন চলোৱাৰ লগতে অশালীন প্ৰস্তাৱ দি আহিছিল।

নিজৰ লোলুপ অভীপ্সা পূৰণৰ বাবে সদায় নিখুঁট পৰিকল্পনা কৰি এই ক্ষেত্ৰত সিদ্ধহস্ত হৈ উঠা ডঃ বৰঠাকুৰে আনকি ২০১৬ বৰ্ষত গ্ৰন্থমেলাৰ সময়ত নিজৰ গৱেষণা কৰ্মৰ বাবে ছাত্ৰীগৰাকী গুৱাহাটীস্থিত এটা আৰ্কাইভলৈ অহাৰ খবৰ পাই গৱেষিকা ছাত্ৰীগৰাকীক হোটেলত অসৎ কাৰ্য চাৰিতাৰ্থ কৰাৰ মানসেৰে বাৰম্বাৰ মাতিছিল যদিও ছাত্ৰীগৰাকীয়ে এই অশালীন প্ৰস্তাৱ অগ্ৰাহ্য কৰে।

ডঃ বৰঠাকুৰৰ কু-অভিপ্ৰায়ৰ কথা জানিব পাৰি তেওঁৰ প্ৰস্তাৱসমূহ অগ্ৰাহ্য কৰাত ক্ষুণ্ণ হৈ গৱেষিকা ছাত্ৰীগৰাকীক নিৰন্তৰভাৱে বিভিন্ন উপায়েৰে মানসিক নিৰ্যানত চলোৱাৰ উপৰিও তেওঁৰ বিভাগৰ কোঠালৈ বাৰম্বাৰ নিমন্ত্ৰণ কৰি আহিছিল।

এই সকলো প্ৰস্তাৱ অগ্ৰাহ্য কৰাত অধ্যাপক ডঃ বৰঠাকুৰ অধিক প্ৰতিশোধ পৰায়ণ হৈ উঠি ছাত্ৰীগৰাকীৰ ওপৰত মানসিক নিৰ্যাতনৰ চৰম সীমা অতিক্ৰম কৰে আৰু ছাত্ৰীগৰাকীৰ গৱেষণা কৰ্ম সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়ে।

ইয়াৰ পিছতে ছাত্ৰীগৰাকীয়ে নিজৰ গৱেষণাৰ অগ্ৰগতি সম্পৰ্কীয় কামৰ বাবে ডঃ বৰঠাকুৰক সাক্ষাৎ কৰিবলৈ বাধ্য হয় আৰু তেতিয়াই অভিযুক্ত অধ্যাপকগৰাকীয়ে ছাত্ৰীগৰাকীক বিভাগৰ কোঠাৰ পৰিৱৰ্তে গণ সংযোগ বিভাগলৈ মাতি পঠিয়াই। উল্লেখ্য যে ডঃ বৰঠাকুৰ বিশ্ববিদ্যালয়খনৰ গণ সংযোগ বিভাগৰ সঞ্চালকৰ দায়িত্বতো আছে।

গৱেষিকা ছাত্ৰীগৰাকীয়ে গণ সংযোগ বিভাগত থকা অধ্যাপকগৰাকীৰ কোঠাত সাক্ষাৎ কৰিবলৈ যোৱাৰ সময়ত বিভাগটো জনশূন্য আছিল আৰু সেই সুযোগ গ্ৰহণ কোঠাৰ দুৱাৰ খিৰিকী বন্ধ কৰি ভিতৰত ডঃ বৰঠাকুৰে চৰম সীমা অতিক্ৰম কৰি ছাত্ৰীগৰাকীক শাৰীৰিকভাৱে যৌন উৎপীড়ন চলাবলৈ চেষ্টা কৰে।

সুদীৰ্ঘ দিন ধৰি বিভিন্ন উপায়েৰে অশালীন প্ৰস্তাৱেৰে মানসিক নিৰ্যাতন দি অহা ডঃ বৰঠাকুৰে শাৰীৰিকভাৱে যৌন উৎপীড়নৰ চেষ্টা চলোৱাৰ পিছত ছাত্ৰীগৰাকীয়ে তেওঁৰ বিৰুদ্ধে বিশ্ববিদ্যালয়খনৰ ICCত লিখিত অভিযোগ দাখিল কৰে।

ইয়াৰ পিছতে বিপদ অনিবাৰ্য বুলি বুজিব পাৰি অধ্যাপকগৰাকীয়ে ছাত্ৰীগৰাকীক অভিযোগ প্ৰত্যাহাৰ কৰিবলৈ কৰ্মসংস্থাপনৰ লগতে বিভিন্ন প্ৰলোভন দিয়ে। এই প্ৰলোভনবোৰ প্ৰত্যাখান কৰাৰ পিছত অধ্যাপক বৰঠাকুৰে ছাত্ৰীগৰাকীক ভয় ভাবুকি প্ৰদান কৰি অহাৰ অতি ভয়ংকৰ অভিযোগ উঠিছে।

ছাত্ৰীগৰাকীয়ে এই সকলো প্ৰলোভন আৰু ভয়-ভাবুকি কেৰেপ নকৰাত অধ্যাপকগৰাকীয়ে নিজৰ নিকৃষ্টতাৰ চৰম সীমা অতিক্ৰম কৰা বুলি জানিব পৰা গৈছে।

অভিযোগ অনুসৰি অধ্যাপকগৰাকীয়ে নিকৃষ্টতাৰ চূড়ান্ত সীমা চেৰাই জনমানসত ভাৱমূৰ্তি নষ্ট কৰাৰ ভাবুকি প্ৰদান কৰি ছাত্ৰীগৰাকীৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ কুৎসা ৰটনা কৰি ফুৰিছে।

ইফালে এই ঘটনা পোহৰলৈ অহাৰ পিছতে বিশেষ সূত্ৰে জানিব পৰা গৈছে যে ডঃ বৰঠাকুৰে অন্য ছাত্ৰীৰ সৈতেও তদ্ৰূপ ভয়ংকৰ খেলা খেলি আহিছে। অভিযোগ মতে ডঃ বৰঠাকুৰে অন্য গৱেষিকা ছাত্ৰীক গুৱাহাটীলৈ যোৱাৰ প্ৰস্তাৱ দি অহাৰ লগতে অতি কৌশল আৰু চতুৰতাৰে কিছু সংখ্যক ছাত্ৰীক গুৱাহাটীলৈ লৈ যোৱাৰ চেষ্টা কৰি আহিছে।

আনহাতে অধ্যাপকগৰাকীৰ বিৰুদ্ধে ভুৱা প্ৰমাণ পত্ৰ দাখিল কৰি বিশ্ববিদ্যালয়খনৰ অসমীয়া বিভাগৰ শিক্ষকৰ পদত যোগদান কৰাৰ অতি গুৰুতৰ অভিযোগো আছে। অভিযোগ অনুসৰি ডঃ সত্যকাম বৰঠাকুৰে বিশ্ববিদ্যালয়ত যোগ দিয়াৰ পূৰ্বে দুলিয়াজান মহাবিদ্যালয়ত পাঁচ বছৰ নিয়মীয়া শিক্ষকৰূপে কৰ্মৰত বুলি ভুৱা প্ৰমাণ পত্ৰ দাখিল কৰিছিল।

জানিব পৰা মতে তেওঁ দুলিয়াজান মহাবিদ্যালয়ত কেবা বছৰ ধৰি ঠিকাভিত্তিক শিক্ষক হিচাপে কৰ্মৰত আছিল আৰু সেই সময়ত বিশ্ববিদ্যালয়ৰ ৰিডাৰ পদত যোগ দিয়াৰ অৰ্হতা (মহাবিদ্যালয়ত নিয়মীয়া শিক্ষকতা কৰাৰ ন্যূনতম সময়সীমাৰ যি বাধ্যতামূলক অৰ্হতা) তেওঁৰ নাছিল। ভুৱা প্ৰমাণ পত্ৰ দাখিলেৰে যোগ্য প্ৰাৰ্থীক বঞ্চিত কৰি ডঃ সত্যকাম বৰঠাকুৰে বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ ৰীডাৰ হিচাপে যোগদান কৰাৰ গুৰুতৰ অভিযোগ আছে।

ইফালে ICCত অভিযোগ দাখিলৰ পিছতে কমিটিখনে বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে যদিও বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষ বিষয়টো সম্পৰ্কত নিৰ্বিকাৰ হৈ থকা পৰিলক্ষিত হৈছে।

স্মৰ্তব্য যে কিছুদিন পূৰ্বে বিত্তীয় অনিয়মৰ বাবে বিশ্ববিদ্যালয়খনৰ প্ৰাক্তন উপাচাৰ্যৰ লগতে কেবাগৰাকীও শীৰ্ষ প্ৰশাসনিক বিষয়াক চাকৰিৰ পৰা নিলম্বন কৰা হৈছে।

ইফালে ইতিহাস বিভাগৰ তদান্তীন মুৰব্বী অধ্যাপক ডঃ ডম্বৰুধৰ নাথৰ বিৰুদ্ধেও অনুৰূপ অভিযোগ উঠাৰ পিছতো বিশ্ববিদ্যালয় কৰ্তৃপক্ষ নিৰ্লিপ্ত ভূমিকা লোৱা দেখা গৈছিল। আনকি বিশ্ববিদ্যালয়খৰ কৰ্তৃপক্ষই ভুক্তভোগী শিক্ষাৰ্থীগৰাকীক ন্যায় প্ৰদান কৰা নাছিল বুলিও অভিযোগ আছে। অৱশেষত ছাত্ৰীগৰাকী ডঃ নাথৰ বিৰুদ্ধে আৰক্ষীৰ দ্বাৰস্থ হৈছিল।

একাধিক ছাত্ৰী আৰু মহিলা কৰ্মচাৰীয়ে অধ্যাপক ডঃ সত্যকাম বৰঠাকুৰৰ বিৰুদ্ধে এনে গুৰুতৰ অভিযোগ উত্থাপন কৰাৰ পিছত বিশ্ববিদ্যালয়খনৰ ICC আৰু কৰ্তৃপক্ষই তেওঁৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব।

বিশ্ববিদ্যালয়ৰ কৰ্তপক্ষই অভিযুক্ত ডঃ বৰঠাকুৰক এক দৃষ্টান্তমূলক শাস্তি দি উচ্চ শিক্ষানুষ্ঠানখনত শিক্ষকে চলাই অহা এনে অশুভ পৰম্পৰা যতি পেলায় নে শিপাত সাৰ পানী দি জীয়ন দি ৰাখে তালৈ দৃষ্টি নিক্ষেপ কৰিছে ৰাজ্যৰ শিক্ষাসদী আৰু সচেতন লোকৰ লগতে বিশ্ববিদ্যালয়খনৰ শিক্ষাৰ্থী সমাজে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

September 18, 2025 8:29 pm
হিণ্ডেনবাৰ্গৰ সকলো অভিযোগ খাৰিজ, আদানিক ‘ক্লিন চিট’ দিলে ছেবিয়ে

হিণ্ডেনবাৰ্গৰ সকলো অভিযোগ খাৰিজ, আদানিক ‘ক্লিন চিট’ দিলে ছেবিয়ে

September 18, 2025 7:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd