বিৰোধীৰ ভয়ত চৰকাৰে হঠাতে সামৰণি মাৰিলে নেকি বিধান সভাৰ চলিত বাজেট অধিৱেশন? 

গুৱাহাটী অসম বিধান সভাৰ চলিত বাজেট অধিৱেশনৰ বাকী থকা দুদিন হঠাতে বাতিল কৰি ১৪ দিনীয়া পূৰ্ব নিৰ্ধাৰিত অধিৱেশনৰ সূচী ১২ দিনলৈ হাস কৰা কাৰ্যত তীব্ৰ  অসন্তুষ্টি প্ৰকাশ কৰিছে ৰাইজৰ দলে। 

এক বিবৃতিত ৰাইজৰ দলৰ সভাপতি অখিল গগৈ, কাৰ্যকৰী সভাপতিদ্বয় ভাস্ক’ ডি শইকীয়া আৰু কবীন্দ্ৰ চেতিয়া ফুকনে কয় যে এইয়া গণতন্ত্ৰৰ ওপৰত বিজেপি চৰকাৰৰ এক চৰম কুঠাৰাঘাত। 

তেওঁলোকে কয় বিজেপি চৰকাৰে এইকাৰণেই বিধান সভাৰ অধিৱেশন অনুষ্ঠিত হোৱাতো নিবিচাৰে যাতে চৰকাৰে গণতান্ত্ৰিক ব্যৱস্থাটোৰ অজ্ঞাতে তেওঁলোকৰ জনবিৰোধী কাৰ্যকলাপ সমূহ চলাই নিব পাৰে। বিৰোধীয়ে যাতে সদনত চৰকাৰৰ ব্যৰ্থতা সমূহ উদঙাই দিয়াৰ সুযোগ নাপায়, তাৰবাবেই পিছদুৱাৰেদি এনে অসুস্থ পৰম্পৰাৰ সৃষ্টি কৰিছে চৰকাৰ খনে।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও বিধান সভাৰ শীতকালীন অধিৱেশন অনুষ্ঠিত নকৰিলে চৰকাৰ খনে। এইবাৰ বাজেট অধিৱেশনতো ৰাইজৰ দলৰ বিধায়ক অখিল গগৈৰ তৎপৰতাই যঠেষ্ট শ’নঠেকত পেলাইছিল চৰকাৰখনক, সেয়েহে হয়তো হঠাতে এনে সিদ্ধান্ত ল’বলৈ বাধ্য হৈছে চৰকাৰখন ৷

গণতন্ত্ৰত বিধান সভাৰ গুৰুত্বৰ কথা মনত পেলাই দি নেতাত্ৰয়ে শীঘ্ৰে পুনৰ বিধান সভাৰ অধিৱেশন অনুষ্ঠিত কৰিবলৈ চৰকাৰক আহ্বান জনায়।