লাডেনক হত্যা কৰাৰ দিনা অবামা দম্পত্তিয়ে ৰাতি কিদৰে বিজয় উদযাপন কৰিছিল!

প্ৰাক্তন মাৰ্কিন ফাৰ্ষ্ট লেডী মিচেল অবামাৰ শেহতীয়া এটা সাক্ষাৎকাৰে চৰ্চা লাভ কৰিছে।

মঙলবাৰে, জিম্মী কিম্মেল নামৰ আমেৰিকান টিভি চেনেল এটাৰ এজন সাক্ষাৎকাৰগ্ৰহণকাৰীয়ে মিচেল অবামাক কৰা এটা আজৱ প্ৰশ্ন কৰে।

‘জিম্মী কিম্মেল লাইভ!’ নামৰ অনুষ্ঠানটোত সাক্ষাৎগ্ৰহণকাৰীজনে প্ৰাক্তন ফাৰ্ষ্ট লেডীগৰাকীক কয় যে প্ৰশ্নটো তেওঁ মিচেলৰ স্বামী বাৰাক অবামাকো সুধিছিল।

কিন্তু প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতিজনে প্ৰশ্নটোৰ উত্তৰৰ বাবে মিচেল অবামাক সুধিবলৈ কৈছিল।

উল্লেখযোগ্য যে, প্ৰায় এক দশক পূৰ্বে বাৰাক অবামাৰ কাৰ্যকালতে দুৰ্ধূষ সন্ত্ৰাসবাদী অছামা বিন লাডেনক ধৃত অৱস্থাতে হত্যা কৰি হৈছিল।

যিটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাবে এক বৃহৎ সাফল্য আছিল।

জিম্মী কামেলে সোধা প্ৰশ্নটো আছিল যে যেতিয়া মিচেলৰ স্বামীৰ আদেশত লাডেনক হত্যা কৰা হৈছিল, সেই ৰাতি মিচেল আৰু বাৰাক অবামাই কি কৰিছিল?

জিম্মী কামেলে সুধিছিল যে সফলতা লাভৰ আনন্দত স্বামী-স্ত্ৰী দুয়োৱে সেই ৰাতি কিদৰে প্ৰেম কৰিছিল?

আজৱ প্ৰশ্নটোৰ সমুখীন হোৱাৰ পাছতে মিচেল অবামাই স্বভাৱজাত ৰসিকতাৰে কয় যে জিম্মী কামেলে যিদৰে প্ৰশ্নটো সুধিছে, তেওঁ ইয়াৰ পূৰ্বে এনেধৰণৰ প্ৰশ্নৰ সমুখীন হোৱা নাই!

প্ৰাক্তন ফাৰ্ষ্ট লেডীগৰাকীয়ে কয় যে জিম্মী কামেল এতিয়াও এটা সৰু ল’ৰা হৈ আছে!

এটা ঐতিহাসিক ক্ষণক লৈ জিম্মী কামেলে কৰা আজৱ প্ৰশ্নটোৰ সমুখীন হৈ প্ৰাক্তন ফাৰ্ষ্ট লেডীগৰাকী হাঁহিত বাগৰি পৰে।

ফাৰ্ষ্ট লেডীগৰাকীয়ে উলোটাই সোধে যে তেওঁৰ ব্যক্তিগত জীৱনক লৈ জিম্মী কিমেল কিয় ইমান আসক্ত?

উল্লেখযোগ্য যে শেহতীয়াকৈ মিচেল অবামাই শিশু খাদ্য সম্পৰ্কীয় এটা নেটফ্লিক্স চিৰিজ ”ৱেফ্ফলছ প্লাছ মচি’ত ব্যস্ত আছে।