NORTHEAST NOW (Assamese)

COVID19ৰ প্ৰতিৰোধৰ ডায়েট তালিকা; ডায়েট মানি চলক আৰু প্ৰতিৰোধী শক্তি বৃদ্ধি কৰক

March 30, 2020 3:50 pm · এন ই নাও নিউজ
Updated: March 30, 2020 3:51 pm
প্ৰতিনিধিত্বমূলক ছবি

সমগ্ৰ বিশ্বজুৰি সংহাৰ চলাই আছে মাৰাত্মক ভাইৰাছে। ইতিমধ্যে বিশ্বজুৰি ৫ লাখৰো অধিক আক্ৰান্ত হোৱাৰ বিপৰীতে ১৫ হাজাৰৰো অধিক আক্ৰান্তৰ মৃত্যু ঘটিছে।

বিশ্ব স্বাস্থ্য সংস্থা(WHO)এ মতে প্ৰতিৰোধেই হৈছে এই মাৰাত্মক ক’ৰ’না ভাইৰাছৰ পৰা হাত সাৰি থকাৰ একমাত্ৰ উপায়।

বিশ্বৰ বিভিন্ন দেশৰ চিকিৎসা বিজ্ঞানীয়ে এই মাৰাত্মক ভাইৰাছবিধৰ প্ৰতিষেধক আৱিস্কাৰৰ বাবে প্ৰচেষ্টা কৰি আছে।

এনে এক সময়তে হলিষ্টিক হেল্ড চেন্টাৰে COVID19ৰ এখন ডায়েট তালিকা প্ৰস্তুত কৰি উলিয়াইছে। যাৰ দ্বাৰা ক’ৰ’না ভাইৰাছ প্ৰতিৰোধৰ বাবে আপোনাৰ শৰীৰক অধিক সক্ষম  কৰি তুলিব।

  • প্ৰাৰ্থনা আৰু মেডিটেশ্যন কৰিব লাগে। প্ৰাৰ্থনা আৰু মেডিটেশ্যনে মানসিক শক্তি বৃদ্ধি কৰে। ইয়ে মানুহৰ হাওফাও পৰিষ্কাৰ কৰি ৰখাৰ লগতে সুস্বাস্থ্যৰ অধিকাৰীও কৰি ৰাখে।
  • নেমুৰ ৰস, আধাৰ ৰস, তুলসীৰ ৰস আৰু পদিনাৰ ৰস খালে যথেষ্ট উপকাৰ হয়।
  • পুৱা মধুৰীআম, কল, ঠাণ্ডা গাখীৰ, আইচ-ক্ৰীম, ক’ল্ড ড্ৰিংকছ, কেক আদি ঠাণ্ডাজাতীয় ফলমূল আৰু খাদ্য খোৱা উচিত নহয়।
  • ঘৰত প্ৰস্তুত কৰা গৰম আহাৰ গ্ৰহণ কৰা উচিত।
  • কেঁচা পাচলি খোৱাটো এৰাই চলক।
  • সিদ্ধ আঞ্জা সদায় গৰম কৰি খাব, কিয়নো ২৯ ডিগ্ৰীৰ অধিক তাপমানত ক’ৰ’না ভাইৰাছ জীয়াই থাকিব নোৱাৰে।
  • শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পৰা খাদ্য খোৱা উচিত।
  • ঋতুকালীন কেঁচাকৈ খাব পৰা কোনো পাচলিকে নেখাব। তৰমুজ আঙুৰো খোৱা বন্ধ কৰক।
  • ২৫ গ্ৰাম প্ৰ’টিনযুক্ত খাদ্য অৰ্থাৎ বাদাম আদি সিদ্ধ কৰি খাব।
  • শোৱাৰ পূৰ্বে বিশুদ্ধ নাগৰিকল তেল শৰীৰত ঘঁহক।
  • ইমুনিটিৰ অতিৰিক্ত শক্তি বৃদ্ধিৰ বাবে জিৰণি লওক।
  • দৈনিক ৫ গ্ৰামকৈ আধাৰ ৰস আৰু কেঁচা হালধীৰ ৰস খাব। ই শৰীৰৰ ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰে।

Related News