সদৌ অসম প্ৰাথমিক টেট্ উত্তীৰ্ণ শিক্ষক সমাজৰ বঙাইগাঁও জিলা সমিতিয়ে চৰকাৰ তথা বিভাগক সৰ্বশিক্ষাৰ অধীনৰ প্ৰাথমিক টেট্ উত্তীৰ্ণ শিক্ষকসকলক শীঘ্ৰে পাপ্য আদায় দিয়াৰ বাবে দাবী জনাইছে ৷
আনকি এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপো দাবী কৰিছে ৷ এই বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবত সমিতিৰ কাৰ্যকৰী সভাপতি প্ৰশান্ত কলিতা, সাধাৰণ সম্পাদক মহম্মদ হাতেম আলী, ৰাজ্যিক প্ৰতিনিধি ছাইফুল ইছলাম তালুকদাৰে সংবাদ মাধ্যমৰ আগত সৰ্বশিক্ষাৰ অধীনৰ শিক্ষকসকলক বিনাচৰ্তে চাকৰি নিয়মীয়া কৰা, নিয়মীয়াকৰণ নোহোৱা পৰ্যন্ত ২০১৯ চনৰ ১ জুলাইৰ কেবিনেট সিদ্ধান্তৰ নিৰ্দেশনা অনুসৰি নিয়মীয়া শিক্ষকৰ মৰ্যাদা প্ৰদানেৰে সমহাৰত সকলো সুবিধা প্ৰদান কৰা তথা ২০১৯ চনৰ জুলাই মাহৰ পৰা পৰ্যায়ক্ৰমে ৫ শতাংশ ,১১ শতাংশ আৰু ৩ শতাংশ মৰগীয়া বানচ ( সৰ্বমুঠ ১৯ শতাংশ) বকেয়াসহ শীঘ্ৰে মুকলি কৰি দিয়াৰ বাবে চৰকাৰ তথা বিভাগক দাবী জনায় ৷
সংগঠনটোৰ জিলা নেতৃত্বই প্ৰকাশ কৰা অনুযায়ী সৰ্বশিক্ষাৰ অন্তৰ্গত প্ৰাথমিক টেট্ উত্তীৰ্ণ শিক্ষকসকলে অতি দুৰ্ভাগ্যজনকভাৱে ৩০ মাহ ধৰি তিনিটাকৈ বৰ্দ্ধিত মৰগীয়া বানচৰ পৰা বঞ্চিত হৈ আছে ৷ ৰাজ্যখনৰ ৪০ হাজাৰ শিক্ষকে এইদৰে ৩০ মাহ ধৰি বৰ্দ্ধিত মৰগীয়া বানচৰ পৰা বঞ্চিত হৈ থকা বুলিও কয় ৷ নিয়মীয়া শিক্ষকসকলৰ ৩১ শতাংশ মৰগীয়া বানচৰ বিপৰীতে বৰ্তমানেও সৰ্বশিক্ষাৰ শিক্ষকসকলে ১২ শতাংশ মৰগীয়া বানচহে লাভ কৰি আছে ৷
উল্লেখ্য যে শিক্ষক সমাজৰ কেন্দ্ৰীয় সমিতিৰ সৈতে বিভাগীয় মন্ত্ৰী তথা বিভাগৰ কেইবাবাৰো আনুষ্ঠানিক, অনানুষ্ঠানিক আলোচনা হোৱাৰ পাছতো প্ৰতিশ্ৰুতিৰ বাহিৰে কাৰ্যক্ষেত্ৰত কোনো ধৰণৰ ফল লাভ কৰা নাই শিক্ষকসকলে ৷
এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ পোনপটীয়া হস্তক্ষেপ দাবী কৰিছে সংগঠনটোৱে ৷ লগতে ডিচেম্বৰ মাহৰ ভিতৰতে মৰগীয়া বানচৰ সমস্যা সমাধানৰ দাবী জনাইছে বঙাইগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক মহম্মদ হাতেম আলীয়ে ৷
আনহাতে নিয়মীয়া শিক্ষকসকলে লাভ কৰা এনপিএচ, চাৰ্ভিচবুক, মৃত্যুকালীন সুবিধা, শিক্ষক বঁটা, এমএচিপিএচ, আপোন ঘৰ লোন আদিও আজিলৈকে সৰ্বশিক্ষাৰ অধীনৰ এইসকল শিক্ষকে লাভ কৰা নাই বুলি উল্লেখ কৰে ৷
কিন্তু ২০১৯ চনৰ ১ জুলাইৰ কেবিনেট সিদ্ধান্ত অনুসৰি প্ৰকাশ পোৱা নিৰ্দেশনা মতে নিয়মীয়া কৰ্মচাৰীৰ সমহাৰত সকলো সুবিধা লাভ কৰিব বুলি ঘোষণা কৰাৰ পাছতো নিয়মীয়া শিক্ষক সকলৰ বিপৰীতে ঠিকাভিত্তিক এইসকল শিক্ষকে প্ৰতিটো ক্ষেত্ৰতে বঞ্চিতহে হৈ আহিছে বুলিও কয় ৷ সংগঠনটোৰ জিলা নেতৃত্বই আৰু কয় যে ২০ ডিচেম্বৰত অনুষ্ঠিত সদৌ অসম প্ৰাথমিক টেট্ উত্তীৰ্ণ শিক্ষক সমাজৰ অনলাইন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ সমুহীয়া সিদ্ধান্ত অনুসৰি ২৩ ডিচেম্বৰত নিজৰ পাপ্য আদায়ৰ দাবীত অসম সৰ্বশিক্ষা অভিযান মিছনৰ অন্তৰ্গত সকলো শিক্ষকে ফেচবুকত এক ডিজিটেল প্ৰতিকী প্ৰতিবাদ আৰম্ভ কৰিব ৷
উক্ত প্ৰতিকী প্ৰতিবাদ অনুসৰি ২৩ ডিচেম্বৰত সৰ্বশিক্ষাৰ অন্তৰ্গত প্ৰাথমিক টেট্ উত্তীৰ্ণ শিক্ষকসকলে দিনৰ ১২: ১৫ বজাত বিৰতিৰ সময়ত বিদ্যালয়তে সমাজৰ মূল দাবী চাকৰি নিয়মীয়াকৰণ কৰা, ২০১৯ পৰা বৰ্দ্ধিত মৰগীয়া বানচসমূহ আদায় দিয়া, বদলিকৰণ কৰা, ২০১৯ পৰা বৰ্দ্ধিত মৰগীয়া বানচসমূহ আদায় দিয়া, বদলিকৰণ আইন সংশোধন কৰা আদিৰ শ্লোগান লিখা প্লেকাৰ্ড হাতত লৈ একোখনকৈ ফটো তুলি ফেচবুকৰ মাধ্যমত নিজৰ নিজৰ ফেচবুক ৱালত আপলোড কৰিব ৷
উক্ত ফেচবুক আপলোডত অসম চৰকাৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক টেগ কৰিব ৷ সেয়ে শিক্ষক সমাজৰ অন্তৰ্গত সকলো সদস্য শিক্ষককে উক্ত কাৰ্যসূচীত ডিজিটেল অংশগ্ৰহণ কৰিবলৈ জিলা নেতৃত্বই আহ্বান জনায় ৷
আনহাতে ইয়াৰ পিছতো যদি আলোচনাৰ মাজেৰে সমস্যা সমাধান নহয়, তেন্তে নৱবৰ্ষৰ পৰা তীব্ৰ গণতান্ত্ৰিক আন্দোলন গ্ৰহণ কৰিবলৈ বাধ্য হ’ব বুলিও জিলা সমিতিৰ নেতৃত্বই কয় ৷