• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

DIGITAL PROTEST আজি ৰাজ্যজুৰি টেট্ উত্তীৰ্ণ শিক্ষকৰ ডিজিটেল প্ৰতিকী প্ৰতিবাদ: চৰকাৰে কেতিয়া বুজিব শিক্ষকৰ মৰ্মবেদনা?

টেট্ উত্তীৰ্ণ শিক্ষকসকলে দিনৰ ১২: ১৫ বজাত প্লেকাৰ্ড হাতত লৈ ফটো তুলি আপলোড কৰিব নিজৰ ফেচবুক ৱালত

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
December 23, 2021 6:53 am
ফাইল ফটো

ফাইল ফটো

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সদৌ অসম প্ৰাথমিক টেট্ উত্তীৰ্ণ শিক্ষক সমাজৰ বঙাইগাঁও জিলা সমিতিয়ে চৰকাৰ তথা বিভাগক সৰ্বশিক্ষাৰ অধীনৰ প্ৰাথমিক টেট্ উত্তীৰ্ণ শিক্ষকসকলক শীঘ্ৰে পাপ্য আদায় দিয়াৰ বাবে দাবী জনাইছে ৷

আনকি এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপো দাবী কৰিছে ৷ এই বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবত সমিতিৰ কাৰ্যকৰী সভাপতি প্ৰশান্ত কলিতা, সাধাৰণ সম্পাদক মহম্মদ হাতেম আলী, ৰাজ্যিক প্ৰতিনিধি ছাইফুল ইছলাম তালুকদাৰে সংবাদ মাধ্যমৰ আগত সৰ্বশিক্ষাৰ অধীনৰ শিক্ষকসকলক বিনাচৰ্তে চাকৰি নিয়মীয়া কৰা, নিয়মীয়াকৰণ নোহোৱা পৰ্যন্ত ২০১৯ চনৰ ১ জুলাইৰ কেবিনেট সিদ্ধান্তৰ নিৰ্দেশনা অনুসৰি নিয়মীয়া শিক্ষকৰ মৰ্যাদা প্ৰদানেৰে সমহাৰত সকলো সুবিধা প্ৰদান কৰা তথা ২০১৯ চনৰ জুলাই মাহৰ পৰা পৰ্যায়ক্ৰমে ৫ শতাংশ ,১১ শতাংশ আৰু ৩ শতাংশ মৰগীয়া বানচ ( সৰ্বমুঠ ১৯ শতাংশ) বকেয়াসহ শীঘ্ৰে মুকলি কৰি দিয়াৰ বাবে চৰকাৰ তথা বিভাগক দাবী জনায় ৷

Apply Now

সংগঠনটোৰ জিলা নেতৃত্বই প্ৰকাশ কৰা অনুযায়ী সৰ্বশিক্ষাৰ অন্তৰ্গত প্ৰাথমিক টেট্ উত্তীৰ্ণ শিক্ষকসকলে অতি দুৰ্ভাগ্যজনকভাৱে ৩০ মাহ ধৰি তিনিটাকৈ বৰ্দ্ধিত মৰগীয়া বানচৰ পৰা বঞ্চিত হৈ আছে ৷ ৰাজ্যখনৰ ৪০ হাজাৰ শিক্ষকে এইদৰে ৩০ মাহ ধৰি বৰ্দ্ধিত মৰগীয়া বানচৰ পৰা বঞ্চিত হৈ থকা বুলিও কয় ৷ নিয়মীয়া শিক্ষকসকলৰ ৩১ শতাংশ মৰগীয়া বানচৰ বিপৰীতে বৰ্তমানেও সৰ্বশিক্ষাৰ শিক্ষকসকলে ১২ শতাংশ মৰগীয়া বানচহে লাভ কৰি আছে ৷

উল্লেখ্য যে শিক্ষক সমাজৰ কেন্দ্ৰীয় সমিতিৰ সৈতে বিভাগীয় মন্ত্ৰী তথা বিভাগৰ কেইবাবাৰো আনুষ্ঠানিক, অনানুষ্ঠানিক আলোচনা হোৱাৰ পাছতো প্ৰতিশ্ৰুতিৰ বাহিৰে কাৰ্যক্ষেত্ৰত কোনো ধৰণৰ ফল লাভ কৰা নাই শিক্ষকসকলে ৷

এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ পোনপটীয়া হস্তক্ষেপ দাবী কৰিছে সংগঠনটোৱে ৷ লগতে ডিচেম্বৰ মাহৰ ভিতৰতে মৰগীয়া বানচৰ সমস্যা সমাধানৰ দাবী জনাইছে বঙাইগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক মহম্মদ হাতেম আলীয়ে ৷

আনহাতে নিয়মীয়া শিক্ষকসকলে লাভ কৰা এনপিএচ, চাৰ্ভিচবুক, মৃত্যুকালীন সুবিধা, শিক্ষক বঁটা, এমএচিপিএচ, আপোন ঘৰ লোন আদিও আজিলৈকে সৰ্বশিক্ষাৰ অধীনৰ এইসকল শিক্ষকে লাভ কৰা নাই বুলি উল্লেখ কৰে ৷

কিন্তু ২০১৯ চনৰ ১ জুলাইৰ কেবিনেট সিদ্ধান্ত অনুসৰি প্ৰকাশ পোৱা নিৰ্দেশনা মতে নিয়মীয়া কৰ্মচাৰীৰ সমহাৰত সকলো সুবিধা লাভ কৰিব বুলি ঘোষণা কৰাৰ পাছতো নিয়মীয়া শিক্ষক সকলৰ বিপৰীতে ঠিকাভিত্তিক এইসকল শিক্ষকে প্ৰতিটো ক্ষেত্ৰতে বঞ্চিতহে হৈ আহিছে বুলিও কয় ৷ সংগঠনটোৰ জিলা নেতৃত্বই আৰু কয় যে ২০ ডিচেম্বৰত অনুষ্ঠিত সদৌ অসম প্ৰাথমিক টেট্ উত্তীৰ্ণ শিক্ষক সমাজৰ অনলাইন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ সমুহীয়া সিদ্ধান্ত অনুসৰি ২৩ ডিচেম্বৰত নিজৰ পাপ্য আদায়ৰ দাবীত অসম সৰ্বশিক্ষা অভিযান মিছনৰ অন্তৰ্গত সকলো শিক্ষকে ফেচবুকত এক ডিজিটেল প্ৰতিকী প্ৰতিবাদ আৰম্ভ কৰিব ৷

উক্ত প্ৰতিকী প্ৰতিবাদ অনুসৰি ২৩ ডিচেম্বৰত সৰ্বশিক্ষাৰ অন্তৰ্গত প্ৰাথমিক টেট্ উত্তীৰ্ণ শিক্ষকসকলে দিনৰ ১২: ১৫ বজাত বিৰতিৰ সময়ত বিদ্যালয়তে সমাজৰ মূল দাবী চাকৰি নিয়মীয়াকৰণ কৰা, ২০১৯ পৰা বৰ্দ্ধিত মৰগীয়া বানচসমূহ আদায় দিয়া, বদলিকৰণ কৰা, ২০১৯ পৰা বৰ্দ্ধিত মৰগীয়া বানচসমূহ আদায় দিয়া, বদলিকৰণ আইন সংশোধন কৰা আদিৰ শ্লোগান লিখা প্লেকাৰ্ড হাতত লৈ একোখনকৈ ফটো তুলি ফেচবুকৰ মাধ্যমত নিজৰ নিজৰ ফেচবুক ৱালত আপলোড কৰিব ৷

উক্ত ফেচবুক আপলোডত অসম চৰকাৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক টেগ কৰিব ৷ সেয়ে শিক্ষক সমাজৰ অন্তৰ্গত সকলো সদস্য শিক্ষককে উক্ত কাৰ্যসূচীত ডিজিটেল অংশগ্ৰহণ কৰিবলৈ জিলা নেতৃত্বই আহ্বান জনায় ৷

আনহাতে ইয়াৰ পিছতো যদি আলোচনাৰ মাজেৰে সমস্যা সমাধান নহয়, তেন্তে নৱবৰ্ষৰ পৰা তীব্ৰ গণতান্ত্ৰিক আন্দোলন গ্ৰহণ কৰিবলৈ বাধ্য হ’ব বুলিও জিলা সমিতিৰ নেতৃত্বই কয় ৷

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জীয়াই আছে আং ছান ছু কি? অনুৰাগীৰ উদ্বেগ দূৰ কৰি ৫ বছৰৰ পাছত আত্মপ্ৰকাশ নোবেল বিজয়ী নেত্ৰীৰ

জীয়াই আছে আং ছান ছু কি? অনুৰাগীৰ উদ্বেগ দূৰ কৰি ৫ বছৰৰ পাছত আত্মপ্ৰকাশ নোবেল বিজয়ী নেত্ৰীৰ

August 4, 2026 1:44 pm
গ্ৰেপ্তাৰ ৰাজ্যৰ বিৰোধী দলৰ নেতা; অভিনেত্ৰী তৃষাক এনেকুৱা কি কথা কৈছিল উদয়নিধি ষ্টেলিনে?

গ্ৰেপ্তাৰ ৰাজ্যৰ বিৰোধী দলৰ নেতা; অভিনেত্ৰী তৃষাক এনেকুৱা কি কথা কৈছিল উদয়নিধি ষ্টেলিনে?

August 4, 2026 12:39 pm
‘মই আগেয়ে ভাবিছিলো…’, বাঁকিপুৰত প্ৰশান্ত কিশোৰৰ জয়ৰ পিছত কি ক’লে অসমীয়া পত্নী জাহ্নৱীয়ে?

‘মই আগেয়ে ভাবিছিলো…’, বাঁকিপুৰত প্ৰশান্ত কিশোৰৰ জয়ৰ পিছত কি ক’লে অসমীয়া পত্নী জাহ্নৱীয়ে?

August 4, 2026 11:31 am
৩ বছৰত দেশত বন্ধ হৈছে শ শ কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান! আন্তঃগাঁথনিৰ অভাৱ, কেন্দ্ৰৰ তথ্যক লৈ উদ্বেগ

৩ বছৰত দেশত বন্ধ হৈছে শ শ কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান! আন্তঃগাঁথনিৰ অভাৱ, কেন্দ্ৰৰ তথ্যক লৈ উদ্বেগ

August 4, 2026 10:19 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জীয়াই আছে আং ছান ছু কি? অনুৰাগীৰ উদ্বেগ দূৰ কৰি ৫ বছৰৰ পাছত আত্মপ্ৰকাশ নোবেল বিজয়ী নেত্ৰীৰ

জীয়াই আছে আং ছান ছু কি? অনুৰাগীৰ উদ্বেগ দূৰ কৰি ৫ বছৰৰ পাছত আত্মপ্ৰকাশ নোবেল বিজয়ী নেত্ৰীৰ

August 4, 2026 1:44 pm
গ্ৰেপ্তাৰ ৰাজ্যৰ বিৰোধী দলৰ নেতা; অভিনেত্ৰী তৃষাক এনেকুৱা কি কথা কৈছিল উদয়নিধি ষ্টেলিনে?

গ্ৰেপ্তাৰ ৰাজ্যৰ বিৰোধী দলৰ নেতা; অভিনেত্ৰী তৃষাক এনেকুৱা কি কথা কৈছিল উদয়নিধি ষ্টেলিনে?

August 4, 2026 12:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd