NORTHEAST NOW (Assamese)

দিহা ভৰসা : আপোনাৰ সমস্যা , সমাধান আমাৰ। প্ৰেৰণ কৰক আপোনাৰ প্ৰশ্নটো

July 22, 2023 7:30 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: July 22, 2023 5:53 pm

প্ৰশ্ন১- চৌদিশে হত্যা, ধৰ্ষণ, হিংসাৰ ঘটনাবোৰ দেখি শুনি মই বৰ অস্থিৰ হৈ পৰিছোঁ। কাৰো ওপৰতেই যেন বিশ্বাস নোহোৱা হৈছে। কি কৰিম কি নকৰিম একো ভাবি ওৰ পোৱা নাই। দিহা এটা দিয়ক ? (প্ৰশ্নকৰ্তা – নগেন ৰায়চৌধুৰী, বয়স – ৩৫, কাহিলীপাৰা।)

উত্তৰ: কথাটো সঁচা। আমি যেন সময় নহয় এক অসময়তহে বাস কৰিছোঁ। ইয়াৰ কাৰণে মূলতঃ দায়ী আমাৰ চৰকাৰখন। চৰকাৰে নিজেই যদি আইনৰ শাসন মানি নচলে তেন্তে সমাজত অৰাজকতা সৃষ্টি নহৈ কি হ’ব? কিন্তু, এটা কথা গুৰুত্বপূৰ্ণ, এজন সজাগ নাগৰিক হিচাপে মোৰ নিজৰো এটা দায়িত্ব আছে? মই মোৰ দায়িত্ব পালন কৰিছোনে? যদি মই মোৰ দায়িত্ব পালন কৰিছোঁ, অন্ততঃ মোৰ মাজত অপৰাধবোধ নাথাকে। গতিকে আপুনি নিজে এজন দায়িত্বসম্পন্ন নাগৰিক হ’বলৈ চেষ্টা কৰক।

প্ৰশ্ন২- মই ভালপোৱা ছোৱালীজনীক আৰু দুজন ল’ৰাই ভাল পায়। তাই প্ৰকৃততে কাক ভাল পাই মই এতিয়াও ধৰিব পৰা নাই। সুধিবলৈও ভয় হয়। মই বৰ দোমোজাত পৰিছোঁ, কি কৰা ভাল হ’ব? ( প্ৰশ্নকৰ্তা – ধৰনী বৰা, বয়স – ২৮ লখিমপুৰ)

উত্তৰঃ সেইটো কেনেকৈ সম্ভৱ হ’ব? ভালপোৱা বস্তুটো ইমান তৰল নহয়। তাইৰ লগত কাৰোবাৰ বন্ধুত্ব থাকিব পাৰে। কিন্তু, একে সময়তে এজনী ছোৱালীয়ে কেইবাজনোকো ভাল পাব নোৱাৰে। মনত ৰাখিবা শাৰীৰিক আকৰ্ষণ কিন্তু ভালপোৱা নহয়। শাৰীকিক আকৰ্ষণ উপৰুৱা বস্তু। তুমি যদি সঁচাকৈয়ে তাইক ভালপোৱা, তোমাৰ ভালপোৱা যদি গভীৰ তুমি নিজেই এদিন গম পাবা তাই তোমাক ভালপায় নে আন কাৰোবাকহে ভালপায়!

প্ৰশ্ন৩- মই বহু দিন ধৰি এৰো এৰো বুলিও মদ এৰিব পৰা নাই। গধূলি হ’লেই মনটোৱে নামানে। কেনেকৈ এৰোঁ? (প্ৰশ্নকৰ্তা – বৈকুন্ঠ হাজৰিকা, বয়স – ২৫, মৰাণ)

উত্তৰঃ নিয়ন্ত্ৰণৰ মাজত থাকি মদ খালে একো নহয়। কিন্তু, তুমি যিহেতু মদ এৰিব বিচাৰিছা তাৰমানে তুমি নিজকে নিয়ন্ত্ৰণৰ ভিতৰত ৰাখিব পৰা নাই। কথাটো বৰ ঠিক হোৱা নাই। তোমাৰ সেইখিনি মানসিক দৃঢ়তা থকা উচিত আছিল। এটা কাম কৰাচোন। তুমি যদি সদায় মদ খোৱা, প্ৰথমতে এদিন এৰি এদিন খাবলৈ লোৱা। তেনেকৈ ক্ৰমান্বয়ে ব্যৱধানটো বঢ়াই গৈ থাকা। দেখিবা এদিন তুমি মদ এৰি দিব পাৰিছা। 

প্ৰশ্ন৪ – মোৰ ৭ বছৰীয়া কণমাণি সন্তানটোৱে অনবৰতে মোবাইল ফোনত ব্যস্ত হৈ থাকে। মোবাইলটো নিদিলে বৰ আমনি কৰে। বুজাই, ভয় খুৱাই একো ফল পোৱা নাই। মোবাইলটো নিদিলে ভাত খাবলৈ ইচ্ছা নকৰে। কিবা এটা উপায় দিয়ক। (প্ৰশ্নকৰ্তা – নম্ৰতা দেৱী, বয়স – ৩৪, সৰ্থেবাৰী।)

উত্তৰঃ নাই আপুনি অলপ কাঢ়া হ’ব লাগিব। আপুনি এটা নিৰ্দিষ্ট সময়ত কিছু সময়ৰ কাৰণে তাক ফোনটো দিব। কিন্তু, সি ফোনত কি চায় তাৰ ওপৰত চকু ৰাখিব। ভাত নোখোৱাকৈ কেনেকৈ থাকিব। ভোক লাগিলে নিজেই খাব। কিন্তু, আপুনি যদি হকেবিহকে অনবৰতে ফোনটো পিটিকি থাকে তেন্তে আপোনাৰ সন্তানক ফোন নাচাবলৈ কোৱাৰ আপোনাৰ কোনো নৈতিক অধিকাৰ নাথাকিব। গতিকে সেই কথাটো চাব।

প্ৰশ্ন৫- প্ৰেয়সীৰ ফালৰ পৰা উপেক্ষিত হোৱা পিছতো বা ফেচবুক বা হোৱাটছএপত ব্লক কৰাৰ পিছতো কিয় বাৰে বাৰে

পূৰ্বৰ কথাবোৰে মনত আমনি কৰি থাকে? আকৌ যেন উভটি গৈ পুনৰ ডুবি যাম প্ৰেমত। উপায় লাগে। (প্ৰশ্নকৰ্তা- ৰুবুজ্যোতি শইকীয়া, বয়স – ২৮, কলিয়াবৰ)

উত্তৰঃ এইটো এটা টান কাম। কাৰোবাক এবাৰ ভালপোৱাৰ পিছত ইমান সহজে জানো পাহৰি যাব পাৰি? কিন্তু, তোমাক যদি তেওঁ উপেক্ষা কৰিছে তেওঁৰ পিছত লাগি থাকি কি লাভ? তোমাৰ নিজৰ আত্ম-সন্মান বোলা বস্তু এটা নাই জানো? তুমি তোমাৰ মনটো বান্ধিব পাৰিব লাগিব। সদ্যহতে তুমি তোমাৰ মাজত থকা প্ৰতিভাৰ বিকাশৰ ওপৰত বেছি গুৰুত্ব দিয়াচোন। ইতিবাচক কামত লাগি থাকিলে এদিন তুমি গম নোপোৱাকৈয়ে সকলো স্বাভাবিকহৈ পৰিব।

উত্তৰদাতা – অৰিন্দম বৰুৱা।

Related News