শিৱসাগৰৰ অন্যতম সামাজিক আৰু সাংস্কৃতিক অনষ্ঠান দিখৌপৰীয়া সন্মিলিত যুৱ সংঘই অহা ৮ ছেপ্তেম্বৰত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ৯৩ সংখ্যক ওপজা দিনটো শিৱসাগৰৰ নাট্য মন্দিৰত দিনজোৰা কাৰ্যসূচীৰ মাজেৰে উদযাপন কৰিবলৈ আগবাঢ়িছে।
উল্লেখ্য যে ১৯৯০ চনৰ পৰাই দিখৌপৰীয়া সন্মিলিত যুৱ সংঘই শিৱসাগৰ জিলা প্ৰশাসনৰ সহযোগত ভূপেনদাৰ জন্মদিনটো পালন কৰি আহিছে। প্ৰতিবছৰৰ দৰে এই বছৰো ভূপেনদাৰ জন্মদিনৰ লগত সংগতি ৰাখি সদৌ অসম ভিত্তিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ আয়োজন কৰিছে। যিকোনো বয়সৰ প্ৰতিযোগীয়ে এই প্ৰতিযোগিতাত অংশ লৈ গীত পৰিৱেশন কৰিব পাৰিব।
প্ৰতিযোগিতাত একক ভাৱে পৰিৱেশন কৰিবলগীয়া গীত সমুহ হ’ল- মদাৰৰে ফুল, অগ্নিযুগৰ ফিৰিঙতি মই, অয় অয় আকাশ শুৱ, শীতৰে সেমেকা ৰাতি, অ মিচিং ডেকাটি, বিজুলী পোহৰ মোৰ নাই, কত জোৱানৰ মৃত্যু হ’ল, বুকু হম হম কৰে, অসম আমাৰ ৰূপহী, কহুৱা বন মোৰ, গাঁৱৰ জীয়ৰী সপোন সুন্দৰী, চিলঙৰে গধূলি, তোমাৰ উশাহ কহুঁৱা কোমল, দোলা হে দোলা, প্ৰতধ্বনি শুনো মই, সময়ৰ অগ্ৰগতি, কলিৰ কৃষ্ণ, বিমূৰ্ত মোৰ নিশাটি আৰু আকাশী গংগা।
আনহাতে দ্বৈত কণ্ঠত পৰিৱেশন কৰিবলগীয়া গীত সমুহ হ’ল আই সৰস্বতী, চেনাই মোৰ অ’, পলাশৰে ৰং, মই কহিমাৰে আধুনিকা ডালিমী, বন জুই বনত জ্বলে, অ’ট ৰিক্সা চলাও আমি দুয়ো ভাই, নৱমল্লিকাৰ হেঁপাহ, এই ধুনীয়া গধূলি লগন, চিত্ৰ লেখা চিত্ৰ লেখা, চুচুক চামাক কৈ আৰু জোনাকী পৰুৱা।
প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান প্ৰাপ্ত বিজয়ী প্ৰতিযোগিৰ উপৰি ৭ গৰাকী শ্ৰেষ্ঠ প্ৰতিযোগিক নগদ ধন আৰু মানপত্ৰৰে সন্মানীত কৰা হ’ব।
প্ৰতিযোগিতাখনত বিচাৰক হিচাপে থাকিব ভূপেনদাৰ সতীৰ্থ কমল কটকী, পৰমেশ্বৰ বসুমতাৰী আৰু জনপ্ৰিয় গায়ক বিপুল কাথাই।
আনহাতে প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিব বিচৰা ইচ্চুক প্ৰতিযোগিয়ে ৭০০২৫০৫৮০৮, ৯৯৫৪৬৭১১৩৩, ৯৪৩৫৪৯০৪৮৪ আৰু ৯৯৫৭৩০২৯০০ নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি আয়োজকৰ তৰফৰ পৰা জানিবলৈ দিয়ে।