শেহতীয়াকৈ শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলঙৰ ভৱিষ্যতক লৈ সৃষ্টি হৈছে তুমুল বিতৰ্কৰ। ব্ৰিটিছ শাসনৰ সময়ত নিৰ্মিত এই পুৰণি দলংখন দিখৌ নদীৰ ওপৰেৰে সংৰক্ষিত কৰিব লাগে নে দলংখন ভাঙি পেলাব লাগে? এই সম্পৰ্কে মতবিৰোধ হৈচে ৰাইজৰ মাজত। একাংশ ৰাইজে বিশ্বাস কৰে যে দলংখন পুনৰুদ্ধাৰ কৰিলে পৰ্যটকক আকৰ্ষণ কৰা হ’ব আৰু স্থানীয় যাতায়ত পৰিচালনা কৰাত সহায়ক হ’ব। ইয়াৰ পৰিৱৰ্তে আন একাংশই যুক্তি আগবঢ়ায় যে যিহেতু ইয়াৰ আয়ুস অতিক্ৰম কৰি গৈছে গতিকে ইয়াক ভাঙি পেলোৱা উচিত।
শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰ ভ্ৰমণৰ সময়ত পুনৰ বিতৰ্কৰ সূত্ৰপাত ঘটিছিল। তেওঁৰ ভ্ৰমণৰ সময়ত একাংশ বাসিন্দাই দলংখন ভাঙি পেলোৱাৰ ইচ্ছা প্ৰকাশ কৰে। ইয়াৰ বিপৰীতে বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়াই মুখ্যমন্ত্ৰীলৈ পত্ৰ লিখি দলংখন পুনৰ নিৰ্মাণৰ বাবে আহ্বান জনায়।
বৰ্তমান দিখৌ দলং মেৰামতিৰ প্ৰয়োজন অহি পৰিছে। যদিহে দলংখন মূল ডিজাইন ধৰি ৰাখি পুনৰ নিৰ্মাণ কৰা হয় তেন্তে ই পৰ্যটকৰ জনপ্ৰিয় আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব পাৰে। উল্লেখ্য যে ১৯৩০ চনত কলকাতাৰ এটা কোম্পানীয়ে নিৰ্মাণ কৰা এই দলংখন শিৱসাগৰৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ অংগ। দলংখনৰ এটা অনন্য বৈশিষ্ট্য আছে: ইয়াৰ কেন্দ্ৰীয় অংশটো ওপৰলৈ তুলি ল’ব পাৰি যাতে জাহাজ বা নাওবোৰ তলেৰে পাৰ হ’ব পাৰে। ঐতিহাসিকভাৱে চাহ পৰিবহণ আৰু গ্ৰাম্য অঞ্চলক চহৰৰ বজাৰৰ সৈতে সংযোগ কৰাৰ বাবে ই অতি গুৰুত্বপূৰ্ণ আছিল।
অৱশ্যে দলংখনত বয়সৰ লক্ষণ দেখা গৈছে, মামৰ ধৰি যথেষ্ট ক্ষতিসাধন হৈছে দলং খনৰ। বিশেষজ্ঞসকলে সকীয়াই দিছে যে দলংখন আৰু বেছি দিনলৈ নিৰাপদ নহ’বও পাৰে। ইয়াৰ মূল সৌন্দৰ্য্য ৰক্ষা কৰি ইয়াৰ চাৰিওফালৰ অঞ্চলটোক পথ আৰু পৰ্যটকৰ বাবে দৰ্শনীয় স্থানৰ দ্বাৰা উন্নীত কৰিব পৰাকৈ পুনৰুদ্ধাৰ কৰিব পৰা যাব বুলি পৰামৰ্শ দিছে। সৰু বাহন আৰু পথচাৰীক পুনৰ দলংখন ব্যৱহাৰ কৰিবলৈ দিলে যাতায়ত সহজ হ’ব পাৰে আৰু চহৰখনৰ পৰ্যটন বৃদ্ধি পাব পাৰে।