টীয়কত নৱনিৰ্মিত চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ বিধ্বস্ত ৰূপ,গাঁতত আবদ্ধ মালবাহী ট্ৰাক

dog

যোৰহাট বাইপাছৰ পৰা জাঁজী দলং পৰ্যন্ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ কামত নিয়োজিত লিংকন এণ্ড ডিগনিটি ইনফ্ৰা প্ৰজেক্ট নামৰ নিৰ্মাণকাৰী সংস্থাটোৰ নিম্নমানৰ কামৰ বাবেই এতিয়া চাৰিলেনযুক্ত পথছোৱা নিৰ্মাণৰ পিচতে বিধস্ত হৈ পৰিছে।

ৰাষ্ট্ৰীয় ঘাইপথ আন্তঃগাথনি উন্নয়ন প্ৰাধিকৰণ চমুকৈ এন এইচ আই ডি চি এলৰ তত্বাবধানত গেমন ডাংকলে এণ্ড কোম্পানী লিমিটেড নামৰ নিৰ্মাণকাৰী সংস্থাটোৰ পৰা উপ ঠিকা লৈ লিংকন এণ্ড ডিগনিটি ইনফ্ৰা প্ৰজেক্ট নামৰ সংস্থাটোৱে উক্ত পথছোৱাৰ নিৰ্মাণৰ কাম কৰিছিল।

কিন্তু নিৰ্মাণকাৰী সংস্থাটোৰ নিম্নমানৰ কামৰ বাবেই এতিয়া পথটোৰ মেটেল বখলা বখলে এৰাই যোৱাৰ উপৰি বহু স্থানত দ’ গাঁতৰ সৃষ্টি হৈছে।

জিলাখনৰ জাঁজী হাঁহচৰাত ক্ৰুটিপূৰ্ণ ভাবে নিৰ্মিত চাৰিলেন যুক্ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথছোৱা এতিয়া যানবাহনৰ চলাচলৰ বাবে সম্পূৰ্ণ অনুপযোগী হৈ পৰিছে।
পথৰ মাজৰ বৃহৎ গাঁত আৰু চপৰা চপৰে এৰাই যোৱা বিধস্ত পথত যানবাহনৰ চলাচল দুৰূহ হৈ পৰিছে।

যোৱা নিশাৰ ভাগত হাঁহচৰা দুৰ্গা পূজা মন্দিৰৰ সমীপত পথৰ মাজত থকা এটা গাঁতত পৰি যোৰহাটৰ দিশে গৈ থকা ইউ.কে ১৮ চিএ ২৪৯৯ নম্বৰৰ মালবাহী ট্ৰাকখন পথৰ মাজতে আবদ্ধ হৈ পৰে।
ফলত পথটো বন্ধ হৈ পৰে আৰু দুয়োদিশে কেইবা শতাধিক বাহন আবদ্ধ হৈ পৰে।

অৱশ্যে পিছত আনটো লেনেৰে বাহন সমূহ চলাচলৰ সুবিধা কৰি দিয়া হয়।

উল্লেখযোগ্য যে, উক্ত পথছোৱা আনহাতে সম্প্ৰতি নিৰ্মীয়মান চাৰিলেনযুক্ত পথটোৰ আনটো লেনেৰে যানবাহনৰ চলাচল হৈ আছে যদিও এই লেনটোৰো কিছু অংশ পূৰ্বেই বিধস্ত হৈ থকাৰ পৰিপ্ৰেক্ষিতত এতিয়া যিকোনো সময়তে পথটোৰ দুয়োটা লেনতে যানবাহনৰ যাতায়ত বন্ধ হৈ পৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।

ফলত অচিৰেই ব্যাহত হব উজনি নামনিৰ মাজৰ যাতায়ত ব্যৱস্থা।

উল্লেখযোগ্য যে ট্ৰাক চালক সকলে পথৰ দুৰৱস্থা দেখি পুনৰ অসমলৈ নাহো বুলি পন লৈ বৰ্হি ৰাজ্যৰ পথ সমূহ চাই আহি অসমত পথ নিৰ্মাণ কৰিবলৈ পৰামৰ্শ দিছে সংশ্লিষ্ট বিষয়া কৰ্মচাৰীক l