চামগুৰিৰ ভূৰবন্ধাৰ জৰাজীৰ্ণ মথাউৰিয়ে জীয়াতু ভোগাইছে ৰাইজক

ভৰ বাৰিষাৰ দিন চমু চাপি অহাৰ লগে লগে শংকিত হৈ পৰিছে নগাঁও জিলাৰ বৃহত্তৰ অঞ্চলৰ ৰাইজ। কিয়নো চামগুৰিৰ লাওঁখোৱা-ভূৰবন্ধাকে ধৰি নগাঁও চহৰক ৰক্ষা কৰিব পৰা এটা মথাউৰিৰ নিৰ্মাণত হোৱা ভয়ংকৰ দুৰ্নীতিয়ে চিন্তিত কৰি তুলিছে চামগুৰিৰ ভূৰবন্ধাবাসীৰ লগতে কলিয়াবৰ সমষ্টিৰ বৰঘূলিৰ নৈপৰীয়া ৰাইজক।

উল্লেখ্য যে ২০১৭ চনৰ প্ৰলয়ংকাৰী বান, গৰাখহনীয়াৰ কৱলত পৰি সৰ্বস্বান্ত হোৱা বহু ভুক্তভোগি দৰিদ্ৰ পৰিয়ালে এতিয়াও বসবাস কৰি আছে লাওঁখোৱাৰ মথাউৰিৰ ওপৰত। বিভিন্ন দল-সংগঠনকে ধৰি গৃহহীন লোকসকলৰ দাবীত বিগত সময়ত চৰকাৰে এই বৃহত্তৰ অঞ্চলকেইটাৰ ৰাইজক বান-গৰাখহনীয়া সমস্যাৰ পৰা মুক্ত কৰাৰ স্বাৰ্থত মথাউৰি নিৰ্মাণ তথা মেৰামতিৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল।

প্ৰতিশ্ৰুতি অনুসৰি চামগুৰিৰ ভূৰবন্ধাৰ পৰা চোলঙলৈকে জহি-খহি যোৱা মথাউৰি মেৰামতিৰ কাম সংশ্লিষ্ট বিভাগে প্ৰায় এক কোটি টকা ব্যয় সাপেক্ষে নতুনকৈ আৰম্ভ কৰিলে। কিন্তু আজি পৰ্যন্ত মথাউৰি মেৰামতিৰ কাম আধৰুৱা হৈ ৰোৱাৰ লগতে সম্পূৰ্ণ নোহোৱাতেই মথাউৰিটোত এতিয়া ঠায়ে-ঠায়ে মেলিছে চিৰাল ফাট।

মথাউৰি নিৰ্মাণত হোৱা ভয়ংকৰ দুৰ্নীতিৰ বাবে এতিয়া জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ গৃহ সমষ্টি কলিয়াবৰৰ লগতে কাষৰীয়া চামগুৰি ৰাইজৰ মাজত তীব্ৰ অসন্তুষ্টিৰ লগতে বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষুভিত হৈ পৰিছে।

উল্লেখ্য যে যদিহে এইবাৰৰ বাৰিষাত নতুনকৈ নিৰ্মিত জৰাজীৰ্ণ মথাউৰিটো চিঙে তেন্তে চামগুৰিৰ বৃহত্তৰ নৈপৰীয়া অঞ্চলৰ লগতে নগাঁও চহৰ পৰ্য্যন্ত পানীৰে ভৰি পৰাৰ লগতে ভয়ংকৰভাৱে ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা প্ৰকাশ কৰিছে ভূৰবন্ধা আৰু বৰঘূলিৰ নৈপৰীয়া ৰাইজে।

আনহাতে ২০১৭ চনৰ উক্ত প্ৰলয়ংকাৰী বানে গৃহহীন কৰা লোকসকল যাতে পুনৰ সমস্যাত নপৰে তাৰ বাবে ত্ৰাণকৰ্তা স্বৰূপ উক্ত মথাউৰিটো মেৰামতি কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক কাতৰে অনুৰোধ জনাইছে।