পৃথক স্বায়ত্ত শাসিত ৰাজ্য গঠনৰ প্ৰতিশ্ৰুতিৰে ডিমা হাচাও কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ

Dima Hasao Congress

ফটো : নৰ্থ-ইষ্ট নাও

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আজি দলীয় ইস্তাহাৰ প্ৰকাশ কৰে ডিমা হাচাও কংগ্ৰেছে। হাফলং ৰাজীৱ ভৱনত জিলা কংগ্ৰেছ সভাপতি নিৰ্মল লাঙঠাচা, উপ-সভাপতি ৰুদ্ৰজিত লাইছ্ৰাম, অবাষ্টিঙ পাচ’য়ানৰ লগতে বিভিন্ন নেতাৰ উপস্থিতিত আনুষ্ঠানিক ভাৱে দলীয় ইস্তাহাৰ মুকলি কৰে।

ইস্তাহাৰ মুকলি কৰি ডিমা হাচাও জিলা কংগ্ৰেছ সভাপতি নিৰ্মল লাঙঠাচায় কয় যে কংগ্ৰেছ দলে পাৰ্বত্য জিলাৰ সামগ্ৰীক উন্নয়নৰ হকে কাম আগতেও কৰিছে আৰু অহা দিনতো কৰি যাব। নিৰ্মলে কয় ‘ আমাৰ কাৰণে উন্নয়নৰ নতুন অৰ্থ হৈছে হাৰ্মোনিৱাছ ইক’নমি’। অৰ্থাৎ বিভিন্ন জাতি জনগোষ্ঠীৰ সম-উন্নয়ন।

তেওঁ লগতে কয় যে  ২০১৩ চনত পৰিষদত কংগ্ৰেছ নেতৃত্বৰ চৰকাৰ গঠন হৈছিল যদিও কিন্তু তাত নিৰ্বাচিত নেতাসকল কংগ্ৰেছ পটভূমিৰ পৰা নাছিল। যাৰ কাৰণে দলৰ বহু ক্ষতি হৈছে। কিন্তু আগন্তুক নিৰ্বাচনত কংগ্ৰেছ দল জয়ী হ’লে এই ক্ষেত্ৰত গুৰুত্ব দিব।

তেওঁ পুনৰ কয় যে আজি যদিও আমি ইস্তাহাৰ মুকলি কৰিছোঁ। কিন্তু আমি ইয়াৰ নাম দিছো ‘ৰোড ম্যাপ’।

ৰোড ম্যাপত ১৯৯৫ চনৰ ৰাজ্য চৰকাৰৰ সৈতে স্বাক্ষৰিত ‘মউ’ আৰু ২০১২ চনত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সৈতে স্বাক্ষৰিত ‘মছ্’ৰ কথাও উল্লেখ কৰা হয়।

ইয়াৰ উপৰি ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচিৰ ২৪৪(ক) ধাৰাৰ অধীনত পৃথক স্বায়ত্ত শাসিত ৰাজ্য গঠনৰ কথা ইস্তাহাৰত উল্লেখ কৰা হয়। শিক্ষা, কৃষি, পৰ্যটন,পৰিবহন, উদ্যোগ, খোৱা পানী সমস্যা আদি ক্ষেত্ৰত অধিক গুৰুত্ব দিয়াৰ অংগীকাৰ ডিমা হাচাও কংগ্ৰেছৰ।

আনহাতে বেচৰকাৰী বিদ্যালয়ৰ মাহেকীয়া মাচুল নিয়ন্ত্ৰণত কংগ্ৰেছ দলে ব্যৱস্থা গ্ৰহণ কৰিব বুলিও নিৰ্বাচনী ইস্তাহাৰত প্ৰকাশ কৰে।