‘ফেনি’ক লৈ সতৰ্কতা ডিমা হাচাও প্ৰশাসনৰ,গধুৰ যানবাহন চলাচলত নিষেধাজ্ঞা
উৰিষ্যাৰ পুৰীৰে প্ৰৱেশ কৰা ঘূৰ্ণী বতাহ ফেনিয়ে দেশজুৰি সন্ত্ৰাসৰ সৃষ্টি কৰিছে। প্ৰতি ঘণ্টাত ১৮০ পৰা ২০০ গতিবেগত অহা ধুমুহা,বতাহ বৰষুণে বাংলাদেশ হৈ উত্তৰ পূৰ্বাঞ্চলৈ গতি কৰিছে। ৪ মে’ শনিবাৰে আবেলি ভাগত অসম তথা উত্তৰ-পূৰ্বাঞ্চলত ঘূৰ্ণী বতাহ ‘ফেনি’ প্ৰৱেশ কৰিব।
বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰা আগজাননী অনুসৰি অসমত প্ৰৱেশ কৰা সময়ত ‘ফেনি’ৰ গতিবেগ হ্ৰাস পাই ৩০ -৪০ কি:মি:ৰ ভিতৰত থাকিব। ‘ফেনি’ৰ প্ৰভাৱত ৪ আৰু ৫ মে’ত প্ৰৱল বৰষুণ হ’ব। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী অনুসৰি ৩ মে’ শুকুৰবাৰৰ পৰা অসম তথা উত্তৰ-পূৰ্বাঞ্চলত বৰষুণ হ’ব।
ইতিমধ্যে অসমৰ বিভিন্ন জিলাত সতৰ্কতা জাৰি কৰিছে জিলা প্ৰশাসনে। অনুৰূপভাবে ডিমা হাচাও প্ৰশাসনৰ ফালৰ পৰাও ‘ফেনি’ৰ আগজাননী দিছে।
ডিমা হাচাও জিলাৰ জিলা উপায়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ অধ্যক্ষ অমিতাভ ৰাজখোৱাই জাৰি কৰা জৰুৰী জাননীত উল্লেখ কৰিছে যে ঘূৰ্ণী বতাহ ‘ফেনি’ক লৈ প্ৰশাসন সজাগ হৈ আছে। তেওঁ লগতে পাৰ্বত্য জিলাৰ প্ৰতিটো শিক্ষা প্ৰতিষ্ঠানক ‘ফেনি’ক লৈ অধিক সতৰ্ক হোৱাৰ আহ্বান জনায়।
আনহাতে, হাফলং-শিলচৰ বা আন আন ঠাইলৈ অহা যোৱা কৰা গধূৰ যানবাহন চলাচলত নিষেধাজ্ঞা জাৰি কৰা হৈছে। সেই অনুসৰি শুকুৰবাৰৰ পৰা অহা ৭২ ঘন্টালৈ এই নিষেধাজ্ঞা বলবৎ থাকিব।