ৱাজো অপহৰণ কাণ্ডৰ মাষ্টাৰমাইণ্ডক গ্ৰেপ্তাৰ ডিমা হাছাও আৰক্ষীৰ

অপহৰণত জড়িত দিপঞ্জয় জাৰাম্বুছা দলবিৰোধী কাৰ্যৰ বাবে ডিমা হাছাওৰ অগপৰ পৰা বহিষ্কৃত

sp saikia

যোৱা ২৯ নভেম্বৰ তাৰিখে মাইবাঙ মহকুমাৰ ৱাজো গাঁওৰ পৰা অপহৃত হৈছিল পাইনচ’ডাও নুনিছা নামৰ সত্তৰ বছৰীয়া বৃদ্ধ। উপৰোক্ত অপহৰণ কাণ্ডক কেন্দ্ৰ কৰি পাহাৰীয়া জিলাখনত তীব্ৰ চাঞ্চ্যল্যৰ সৃষ্টি হৈছিল। লগে লগে আৰক্ষীৰ দলে অপহৃত ব্যক্তিগৰাকীক উদ্ধাৰৰ কাৰণ অভিযান আৰম্ভ কৰিছিল। অবশ্যে পৰিস্থিতিৰ কথা বিবেচনা কৰি অপহৰণকাৰীয়ে নুনিছাক যোৱা বৃহস্পতিবাৰে মোকলাই দিয়ে। কাৰণ ইয়াৰ আগতে আৰক্ষীয়ে অপহৰণ কাণ্ডত জড়িত থকাৰ অভিযোগত তিনিজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছিল। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোককেইজনৰ পৰা এটা চাইনিজ গ্ৰেনেড, এম ১৬ ৰাইফলৰ ৩৫ জাঁই সজীৱ গুলি, সেনাৰ পোছাক আৰু ভালেমান আপত্তিজনক নথি-পত্ৰ উদ্ধাৰ কৰে।

আজি ডিমা হাচাও জিলাৰ আৰক্ষী অধীক্ষকক প্ৰশান্ত শইকীয়াই এখন সংবাদমেল অনুষ্ঠিত কৰি ৱাজো অপহৰণ কাণ্ডৰ বিতং তথ্য তুলি ধৰি কয় যে এই অপহৰণৰ আঁৰত কিছুমান মুখা পিন্ধা ব্যক্তি জড়িত হৈ আছে।

ইতিমধ্যে তিনিগৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে। এওঁলোক হ’ল মইতেশ্বৰ থাউচেন, দীপঞ্জয় জাৰাম্বুছা আৰু প্ৰীতিশ থাউচেন ওৰফে খুডাপ। আৰক্ষী অধীক্ষককে জনায় যে অপহৰণ কাণ্ডত এখন ইক’ ভ্যান ব্যবহাৰ কৰা হৈছিল। বাহনখনৰ পঞ্জীয়ন নম্বৰ হৈছে এএছ -১১ এম ৯২৬৭। মাহুৰৰ পৰা সাত হেজাৰ টকাৰ বিনিময়ত গাড়ীখন ভাড়া কৰা হৈছিল।

উল্লেখনীয় যে দিপঞ্জয় জাৰাম্বুছা ডিমা হাছাওৰ অগপৰ নেতা। যোৱা ৩০ নভেম্বৰ তাৰিখে দিপঞ্জয় আৰু এগৰাকী নেতাক দল বিৰোধী কাৰ্যত জড়িত থকাৰ বাবে নিলম্বিত কৰা হৈছিল।