ডিমা হাচাও আৰক্ষীৰ নতুন এপ্লিকেশ্যন ‘জনহিতায়’ মুকলি

20181210_123942

আজি ১০ ডিচেম্বৰ সোমবাৰে ডিমা হাচাও আৰক্ষীয়ে তথ্য প্ৰযুক্তিৰ ব্যৱহাৰেৰে এটা নতুন এপ্লিকেশ্যন প্ৰস্তুত কৰি উলিয়াইছে। যাৰ নাম দিয়া হৈছে ‘ জনহিতায়’। এই এপ্লিকেশ্যন অৰ্থাৎ এপ’টোৰ যোগেদি ৰাইজে সহজে যিকোনো জৰুৰীকালীন সেৱাৰ সুযোগ ল’ব পাৰিব।

হাফলঙত আজি আনুষ্ঠানিকভাৱে এই অত্যাধুনিক এপ্লিকেশ্যনটো মুকলি কৰে আৰক্ষী অধীক্ষক প্ৰশান্ত শইকীয়াই। এপ্লিকেশ্যনটো মুকলি কৰি তেওঁ কয়, ‘‘আজি প্ৰতিজন ব্যক্তিৰ হাতত স্মাৰ্ট ফোন আছে। যিকোনো জৰুৰীকালীন সময়ত জৰুৰীকালীন সেৱা গ্ৰহণ কৰাৰ বাবে ফোন বা মোবাইল নম্বৰ উলিওৱাটো কষ্টকৰ হৈ পৰে। এই কথা বিবেচনা কৰি ডিমা হাচাও আৰক্ষীয়ে প্ৰস্তুত কৰি উলিয়াইছে এটা নতুন এপলিকেশ্যন। যাৰ যোগেদি এটা বুটামত টিপ দিলে সমস্ত নম্বৰ মোবাইলৰ স্ক্ৰীণত দেখা পোৱা যাব।’’

আৰক্ষী অধীক্ষকগৰাকীয়ে আৰু কয় যে এই ‘এপ’ৰ জৰিয়তে যি কোনো প্ৰান্তৰ পৰা অতি কম সময়তেই সাধাৰণ ৰাইজে আৰক্ষীৰ পৰা এম্বুলেঞ্চ অগ্নিনিৰ্বাপক সেৱা আদি জৰুৰীকালীন সেৱা লাভ কৰাৰ বাবে যোগাযোগ কৰিব পাৰিব। ইয়াৰ দ্বাৰা সাধাৰণ ৰাইজ উপকৃত হ’ব বুলি তেওঁ মন্তব্য কৰে।

ডিমা হাচাও আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষকক পুষ্প ৰাজ সিঙৰ নেতৃত্বত এপ্পিকেশ্যনটো বিকাশৰ কাম সম্পাদন কৰিছে ডিমা হাছাও আৰক্ষীৰ চাইবাৰ চেলে। আনহাতে এই নতুন প্ৰযুক্তিৰ এপে অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো সহায়ক হ’ব বুলি আশাবাদী আৰক্ষী অধীক্ষকক প্ৰশান্ত শইকীয়া।