পথ নিৰ্মাণৰ দাবীত হাফলঙত পথ অৱৰোধ ডিমাচা ষ্টুডেণ্ট য়ুনিয়নৰ

হাফলঙত পথ নিৰ্মাণৰ দাবীত আজি ডিমাচা ষ্টুডেণ্ট য়ুনিয়নে হাফলঙৰ ৰাজপথ অৱৰোধ কৰে। পুৱা ১০ বজাৰ পৰা ১২ বজালৈ চলে এই অৱৰোধ।

পাছত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ ই এম নন্দিতা গাৰ্লচা, জিলা বিজেপি সভাপতি তথা ই এম নিপোলাল হোজাইৰ লগত গড়কাপ্তানি বিভাগৰ অতিৰিক্ত মুখ্য অভিযন্তা গৌতম কুমাৰ সৰকাৰকে ধৰি কেইবাজনো বিষয়া অৱৰোধস্থলীত উপস্থিত হয়।

ডিমা হাচাও জিলাৰ সহকাৰী আয়ুক্ত এলবন টেৰন আৰু হাফলং থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হৰিচৰণ পাঠকৰ উপস্থিতিত ছাত্ৰ সংগঠনটোৰ সাধাৰণ সম্পাদক প্ৰমিত চেংগুইনৰ লগত আলোচনা হয়।

আলোচনাকালত পৰিষদ আৰু বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা সংগঠনটোক ডিচেম্বৰ মাহৰ ভিতৰত গোটেই কাম সম্পূৰ্ণ কৰাৰ আশ্বাস দিয়ে।

উল্লেখযোগ্য যে যোৱা বছৰৰ মে’ মাহত ৩ কোটি ৯১ লাখ টকাৰে উক্ত নিৰ্মাণৰ দায়িত্ব চমজি লৈছিল ডেভিদ ফংল নামৰ ঠিকাদাৰ গৰাকীয়ে। কাম সম্পূৰ্ণ কৰাৰ সময়সীমা আছিল ১২ মাহ। কিন্তু ১৮ মাহতো কাম আগবঢ়া নাই।

তাৰোপৰি হাফলং চহৰৰ মাজমজিয়াত পুৰণি পথটো ভাঙি পেলোৱাৰ ফলত স্থানীয় ৰাইজে যাতায়াতৰ ক্ষেত্ৰত বিভিন্ন সমস্যাৰ সন্মুখীন হ’ব লগীয়া হৈছে। কিন্তু এই বিষয়ত কোনো গুৰুত্ব প্ৰদান কৰা নাই কৰ্তৃপক্ষই।

আনহাতে ঠিকাদাৰ গৰাকীয়ে বিলাৰ ৩০ শতাংশ ধন মোকলাই নিয়ে। কিন্তু কাম চৰকাৰী গাইড লাইন অনুসৰি হোৱা নাই বুলি ষ্টুডেণ্ট য়ুনিয়নে অভিযোগ উত্থাপন কৰিছে।

লগতে ছাত্ৰ নেতা চেঙগুইনে ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণকাৰ্যক লৈও ক্ষোভ ব্যক্ত কৰে। তেওঁ কয় ঠিকাদাৰে কাম কৰাত ব্যৰ্থ হ’লে তেনে ঠিকাদাৰক ব্লেক লিষ্টেড কৰিব লাগে।

ইফালে আজি হাফলং গড়কাপ্তানি বিভাগৰ কাৰ্যনিৰ্বাহক অভিযন্তা কামিনি কুমাৰ ডেকা উপস্থিত নথকা কাৰ্যক লৈও ছাত্ৰ সংগঠনটোৱে ক্ষোভ ব্যক্ত কৰে।