হাফলঙত ডিমাচা ষ্টুডেন্টছ ইউনিয়নৰ ৬৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

dimasa

 ডিমাচা ষ্টুডেন্টছ ইউনিয়নৰ ৬৫ সংখ্যক প্ৰতিষ্ঠা দিৱস হাফলঙৰ কেন্দ্ৰীয় কাৰ্যালয় হিড়িম্ব প্ৰতাপ থাউচেন ভৱন চৌহদত ক’ভিড প্ৰট’কল মানি উদযাপন কৰা হয়।

প্ৰতিষ্ঠা দিৱসত অতিথি হিচাপে উপস্থিত থাকে ডিমাচা অ্যাপেক্স বডি জাদিখে ন্বাইছ’ হছমৰ সভাপতি চাইনদেশ আৰদাও, জ্যেষ্ঠ সাংবাদিক সূৰ্য থাউচেন, সাংবাদিক পঙ্কজকুমাৰ দেৱ, ডিমাচা ষ্টুডেন্ট ইউনিয়নৰ উপদেষ্টা থালেন্দ্ৰ ডিব্ৰাগেডে, কেন্দ্ৰীয় সমিতিৰ সভাপতি চিদুট নাইদিং , সাধাৰণ সম্পাদক প্ৰমিত সেংগুইন আদি ব্যক্তিসকল।

অনুষ্ঠানৰ আৰম্ভণিতে ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰে ডিমাচা ষ্টুডেন্টছ ইউনিয়নৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি চিদুট নাইদিঙে। ইয়াৰ পাছত ইউনিয়নৰ প্ৰতিষ্ঠাপক  সভাপতি আৰু সাধাৰণ সম্পাদক প্ৰয়াত হিড়িম্ব প্ৰতাপ থাউচেন আৰু নলেন্দ্ৰ কেম্প্ৰাইৰ প্ৰতিকৃতিত পুষ্পাৰ্ঘ নিৱেদন কৰা হয়।  অনুষ্ঠিত হয় আলোচনা সভাও। লগতে ৬৫ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কেক কাটি দিনটো স্মৰণীয় কৰি ৰখা হয়।

ইপিনে ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সামাজিক দূৰত্ব বজাই ৰাখি অনাগত  দিনত ষ্টুডেন্টছ ইউনিয়নে ডিমাচা ছাত্ৰ সমাজৰ হিতাৰ্থে কি কাম কৰিব বা বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত কেনে ধৰণে ব্যবস্থা ল’ব লাগিব তাৰ বিষয়ে আলোচনা কৰা হয়। ১৯৫৫ চনৰ আজিৰ দিনটোতে ডিএছইউৰ প্ৰতিষ্ঠা হৈছিল।

আজি হাফলঙৰ উপৰি মাইবাঙ, মাহুৰ, হাৰাঙ্গাজাও, হাতিখালী, লাংটিং, ডিয়ুংব্ৰা আদি ঠাইতো সামাজিক দূৰত্ব বজাই ৰাখি ৬৫ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰা হয়।

সন্থাৰ সভাপতি চিদুট নাইডিঙে কয় যে বিগত বছৰবোৰত  আমি উলহ- মালহৰে এই দিনটো পালন কৰিছিলো যদিও এইবাৰ ক’ভিড পৰিস্থিতিৰ কাৰণে অকল নিয়ম ৰক্ষা কৰা হৈছে।