NORTHEAST NOW (Assamese)

পঞ্চায়তীৰাজৰ বিৰোধিতাত হাফলঙত ডিমাছা উইমেন ছ’চাইটিৰ প্ৰতিবাদ

October 15, 2019 5:43 pm · পংকজ কুমাৰ দেব
Updated: October 15, 2019 5:53 pm
উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদীয় অঞ্চলত কৌশলেৰে পঞ্চায়ত ব্যৱস্থা অনাৰ চৰকাৰী ষড়যন্ত্ৰৰ বিৰুদ্ধে প্ৰতিবাদী ধৰ্ণা কাৰ্য্যসূচী ডিমাছা উইমেন ছ’চাইটিৰ। ১৫ অক্টোবৰত।

ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনত থকা উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদীয় অঞ্চলত কৌশলেৰে পঞ্চায়ত ব্যৱস্থা অনাৰ চৰকাৰী ষড়যন্ত্ৰৰ বিৰুদ্ধে আজি প্ৰতিবাদী ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰিছে ডিমাছা উইমেন ছ’চাইটিয়ে।

উইমেন ছ’চাইটিৰ শতাধিক সদস্যই এই ষড়যন্ত্ৰৰ প্ৰতিবাদত হাফলং জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সম্মুখত হাতে হাতে প্লেকাৰ্ড লৈ “পঞ্চায়তীৰাজ নেহি চলেগা”, “পঞ্চায়তীৰাজ গ’ বেক” ধ্বনি দিয়ে।

ডিমাছা উইমেন ছ’চাইটিৰ সভানেত্ৰী ৰিংমিলা হোজায়ে সংবাদ মাধ্যমৰ জৰিয়তে চৰকাৰক সকীয়াই দি কয়, “চৰকাৰে জোৰ কৰি ষষ্ঠ অনুসূচীৰ ডিমা হাচাওত পঞ্চায়তীৰাজ ব্যৱস্থা অনাৰ প্ৰয়াস কৰিলে ইয়াৰ পৰিণাম অতি ভয়ংকৰ হ’ব। আমি উলংগ হৈ ৰাজপথত প্ৰতিবাদ কৰিবলৈ বাধ্য হ’ম”।

তেওঁ ষষ্ঠ অনুসূচীৰ অধীনত থকা জিলাখনত পঞ্চায়তীৰাজ ব্যৱস্থা প্ৰচলন সম্বন্ধে বিভিন্ন বা-বাতৰি  ইমান দিন বিভিন্ন  মিডিয়াত দেখা পালেও এতিয়া চৰকাৰী নিৰ্দেশ আদি দেখি চকু কপালত উঠা বুলি কয়।

“ইতিমধ্যে গ্ৰাম পঞ্চায়ত ডেভেলপমেণ্ট প্লেন অৰ্থাৎ জিপিডিপি স্বায়ত্তশাসিত পৰিষদীয়  এলেকাৰ কাৰণ সাজু কৰি তোলা হৈছে। এনে পৰিপ্ৰেক্ষিতত আমাৰ হাত-ভৰি চপাই বহি থকাৰ সময় নাই। আমি সকলো ওলাই আহিব লাগিব। বিজেপি চৰকাৰে কিহৰ ভিত্তিত ষষ্ঠ অনুসূচীৰ ডিমা হাছাও জিলাত পঞ্চায়তীৰাজ ব্যৱস্থা চালু কৰিবলৈ উঠি-পৰি লাগিছে এয়া এটা ডাঙৰ প্ৰশ্ন। সংবিধান সংশোধন অবিহনে এই ব্যৱস্থা কেতিয়াও সম্ভৱ নহয়”, ৰিংমিলা হোজাইৰ মন্তব্য।

ইপিনে লাংটিঙত অসম চৰকাৰে এটা ডিটেনশ্যন কেম্প স্থাপনৰ প্ৰস্তাৱ লোৱাক লৈও তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ডিমাছা উইমেন ছ’চাইটিয়ে।

লগতে পঢ়ক ফলঙত ষষ্ঠ অনুসূচীৰ ক্ষমতাক ওফৰাই পঞ্চায়ত ব্যৱস্থা আনিব খোজা ষড়যন্ত্ৰৰ বিৰুদ্ধে প্ৰতিবাদ কংগ্ৰেছৰ

এই সন্দৰ্ভত সভানেত্ৰী ৰিংমিলা হোজায়ে কয়, “অবৈধ নাগৰিকক ৰখাৰ কাৰণে ডিমা হাচাও জিলাত ডিটেনশ্যন কেম্প স্থাপন কৰাৰ প্ৰস্তাৱৰ আমি বিৰোধ কৰি যাম”।

আজিৰ প্ৰতিবাদী ধৰ্ণাত ষষ্ঠ অনুসূচী ৰূপায়ণ কমিটিৰ সভাপতি বহিমচন্দ্ৰ লাংথাছা, কংগ্ৰেছ নেতা কালিজয় চেংগুইন, লক্ষ্যমণি লাংথাছা, ডিমাছা ষ্টুডেণ্টছ য়ুনিয়নৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক প্ৰমিত চেংগুইন, আডছুৰ প্ৰতিনিধি অৰিজিত কেম্প্ৰাই আদিয়েও অংশগ্ৰহণ কৰে।

উল্লেখ কৰিব পাৰি পাহাৰীয়া জিলাখনত পঞ্চায়তীৰাজ ব্যৱস্থা আৰোপ কৰিব খোজা প্ৰয়াসৰ বিৰুদ্ধে যোৱা ১ অক্টোবৰত জিলাখনৰ কংগ্ৰেছ গোটেও প্ৰতিবাদ সাব্যস্ত কৰিছিল। এয়া এক ষড়যন্ত্ৰ আখ্যা দি দলটোৰ শতাধিক নেতা-কৰ্মীয়ে হাফলঙত থকা পাৰ্বত্য পৰিষদ সচিবালয় চৌহদ ঘেৰাও কৰিছিল।

দলটোৰ নেতা ডেনিয়েল লাংথাছাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে, পঞ্চায়তীৰাজ ব্যৱস্থা প্ৰচলন কৰাৰ প্ৰথমটো পদক্ষেপ হিচাপে পি এণ্ড আৰ ডি অৰ্থাৎ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনত পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ প্ৰতিটো সমষ্টিৰ ভিত্তিত এখনকৈ কমিটি গঠন কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে।

Related News