• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হাফলঙত ষষ্ঠ অনুসূচীৰ ক্ষমতাক ওফৰাই পঞ্চায়ত ব্যৱস্থা আনিব খোজা ষড়যন্ত্ৰৰ বিৰুদ্ধে প্ৰতিবাদ কংগ্ৰেছৰ

পংকজকুমাৰ দেব by পংকজকুমাৰ দেব
October 2, 2019 4:03 pm
Denial Langthasa

হাফলঙত পাৰ্বত্য পৰিষদ সচিবালয় চৌহদ ঘেৰাও কংগ্ৰেছ নেতা-কৰ্মীৰ।

2.6k
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনত থকা উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদ অঞ্চলত কৌশলেৰে পঞ্চায়ত ব্যৱস্থা অনাৰ চেষ্টাৰ বিৰুদ্ধে পাহাৰীয়া জিলাখনৰ কংগ্ৰেছ গোটে প্ৰতিবাদ সাব্যস্ত কৰে।

শাসক বিজেপিৰ এনে ষড়যন্ত্ৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ দলটোৰ শতাধিক নেতা-কৰ্মীয়ে ১ অক্টোবৰত হাফলঙত থকা পাৰ্বত্য পৰিষদ সচিবালয় চৌহদলৈ যায় আৰু চৌহদ ঘেৰাও কৰে।

কংগ্ৰেছ দলটোৰ পৰিষদ প্ৰতিনিধি ডেনিয়েল লাংঠাছাই সংবাদ মাধ্যমৰ আগত  কয় যে বিজেপিৰ হাতত ডিমা হাচাও আৰু পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদ সুৰক্ষিত নহয়। প্ৰতি মুহূৰ্তত বিজেপিয়ে ডিমা হাচাও জিলাৰ পৰা ষষ্ঠ অনুসূচীৰ নিচিনা বিশেষ মৰ্য্যাদা কৰ্তন কৰাৰ কাৰণে চেষ্টা কৰি আছে।

নেতাজনৰ অভিযোগ, ইয়াৰ প্ৰথমটো পদক্ষেপ হিচাপে পি এণ্ড আৰ ডি অৰ্থাৎ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনত পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ প্ৰতিটো সমষ্টিভিত্তিক এখনকৈ কমিটি গঠন কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে।

তেওঁ প্ৰশ্ন কৰে, ষষ্ঠ অনুসূচীৰ অন্তৰ্গত ডিমা হাচাও জিলাত কিহৰ ভিত্তিত পঞ্চায়ত ব্যৱস্থা চালু কৰা হৈছে বা কৰাৰ প্ৰস্তুতি চলিছে?

“জি পি ডি পি অৰ্থাৎ গাঁও পঞ্চায়ত ডেভেলপমেণ্ট প্লানৰ কাৰণে এটা ট্ৰেইনিং ইতিমধ্যে অনুষ্ঠিত হৈছে, যিটোৰ বিষয়ে বৰ্তমান পৰিষদ প্ৰধান  দেব’লাল গাৰ্লোছা ভালকৈ অৱগত। কাৰণ তেওঁ নিজে এই বিষয়ে যোৱা মাহৰ ২৫ তাৰিখে অনুমোদন দিছে”, প্ৰক্ৰিয়াটো বিজেপি নেতৃত্বাধীন পৰিষদখনৰ দ্বাৰাই গোপনে আৰম্ভ হোৱা বুলি অভিযোগ কৰি লাংঠাইছাই কয়।

তেওঁ লগতে কয়, “বিজেপি দলে প্ৰচাৰ চলাইছে এইবুলি যে  ডিমা হাচাও জিলাত যিহেতু পঞ্চায়ত ব্যৱস্থা নাই সেই কাৰণে ইয়াত পৰিষদ সমষ্টি ভিত্তিক জি পি ডি পি গঠন কৰি উন্নয়নমূলক কাম-কাজ আগুৱাই নিয়াৰ কাৰণে এই ব্যৱস্থা কৰা হৈছে। কিন্তু বাস্তৱত এই জি পি ডি পিয়ে অসম চৰকাৰৰ গাইডলাইন অনুসৰি কাম কৰিব। তেতিয়া পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ বিশেষ ক্ষমতা ক’ত থাকিব?”

ডেনিয়েলে বিজেপি পৰিষদখনৰ এই কামক বিজেপিৰ পাহাৰীয়া ৰাইজৰ লগত কৰা ষড়যন্ত্ৰ আখ্যা দি কয়, “ইয়াৰ বিৰুদ্ধে আমি সকলো থিয় হ’ব লাগিব। অন্যথা ষষ্ঠ অনুসূচী ধ্বংস হোৱাটো সময়ৰ অপেক্ষা মাথোঁ।”

তেওঁ ষষ্ঠ অনুসূচীৰ সংশোধন অবিহনে পঞ্চায়তীৰাজ ব্যৱস্থা বা বেলেগ কোনো ব্যৱস্থা চালু কৰা সহজ নহয় বুলি জানিবলৈ দিয়ে।

তেওঁৰ মতে, জি পি ডি পিৰ মাধ্যমেৰে ডিমা হাচাওত পঞ্চায়ত ব্যৱস্থা আৰম্ভ কৰা আৰু ষষ্ঠ অনুসূচীক উঠাই দিয়াৰ এয়া আৰম্ভণিহে।

ডিমা হাচাও জিলা কংগ্ৰেছ সভাপতি নিৰ্মল লাংঠাছায়ো অনুৰূপভাৱে ডিমা হাচাও জিলাৰ  ৰাইজক ষষ্ঠ অনুসূচী ৰক্ষাৰ কাৰণে আগুৱাই অহাৰ আহ্বান জনায়।

”জনজাতি ৰাইজৰ অধিকাৰ ৰক্ষাৰ কাৰণে আৰু বিজেপি চৰকাৰৰ প্ৰতাৰণাৰ প্ৰতিবাদ জনাই আমি দল-মত নিৰ্বিশেষে একগোট হ’ব লাগিব”, নিৰ্মল লাংঠাছাই কয়।

পৰিষদ ঘেৰাও কাৰ্যাসূচীত প্ৰাক্তন ই এম কালিজয় চেংগুইন, প্ৰাক্তন ই এম লক্ষ্যমণি লাংঠাছা, যুবনেতা অৰিপম বডো, জ্যাক দাউলাগুপু আদি নেতাকে ধৰি কৰ্মীসকলে হাতে হাতে প্লেকাৰ্ড লৈ কাৰ্যসূচীত ভাগ লৈছিল।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd