NORTHEAST NOW (Assamese)

আৰম্ভ কৰা এদিনৰ পিছতেই ডিমাছা ছাত্ৰ সন্থাই বন্ধ কৰি দিলে মান্দাৰদিছা ট’ল প্লাজা!

December 17, 2020 7:04 am · পঙ্কজ কুমাৰ দেৱ
Updated: December 17, 2020 7:11 am

মুকলি হোৱাৰ এদিন পাছত বন্ধ কৰি দিয়া হ’ল মান্দাৰদিছা ট’ল প্লাজা। যোৱা কালি পাৰ্বত্য জিলাৰ প্ৰথমটো ট’ল প্লাজা মান্দাৰদিছাত মুকলি কৰিছিল বিজেপি শাসিত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ সদস্য বিমল হোজাইয়ে।

কিন্তু বুধবাৰে দিনৰ ১২ মানত হাফলংৰ পৰা অল ডিমাচা ষ্টুডেন্ট য়ুনিয়ন (আডছু) আৰু ডিমাচা ষ্টুডেন্ট য়ুনিয়নৰ প্ৰতিনিধি দলে যুটীয়াভাৱে মান্দাৰদিছাত উপস্থিত হৈ প্ৰথমে ট’ল প্লাজাৰ ট’ল সংগ্রহ বন্ধ ৰখাৰ কাৰণে নিৰ্দেশ দিয়ে।

আডছুৰ জিলা সভাপতি উত্তম লাংথাছায় অভিযোগ কৰি কয় ‘ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে যোৱা এটা দশকৰ বেছি সময় ধৰি পাৰ্বত্য জিলাত পথ নিৰ্মাণৰ কাম কৰি আছে। কিন্তু এতিয়ালৈকে অধিকাংশ কাম সম্পূৰ্ণ হোৱা নাই। কৰ্দয অৱস্থাত মাইবাঙৰ পৰা হাৰাঙ্গাজাওৰ বাট পথ। ৰত্না ইনফ্ৰা নামৰ ঠিকাদাৰী সন্থাক কামৰ দায়িত্ব দিয়া হৈছে। কিন্তু পথৰ অৱস্থা নাই। তেনে পৰিস্থিতিত পথ নিৰ্মাণ এৰি ট’ল  প্লাজাত গুৰুত্ব দিছে।’

ইফালে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে বলপূৰ্বকভাৱে ট’ল প্লাজা খোলাৰ প্ৰচেষ্টা চলালে বৃহত্তৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ’ব বুলিও তেওঁ ভাবুকি দিয়ে লাংথাছায়ে।

ডিমাচা ষ্টুডেন্ট য়ুনিয়নৰ সভাপতি সিদুট নাইডিঙে কয়, ‘পাৰ্বত্য জিলাৰ বাট পথ যেতিয়ালৈকে সম্পূৰ্ণ নিৰ্মাণ নহয় তেতিয়ালৈকে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ট’ল সংগ্রহ কৰিব নোৱাৰিব। কাৰণ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে পথ নিৰ্মাণৰ নামত ভেকোভাওনাত লিপ্ত হৈছে।’

ডিমাচা ষ্টুডেন্ট য়ুনিয়নৰ সাধাৰণ সম্পাদক প্ৰমিত চেংগুইনে কয়, ‘আমি অলপতে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ অধীনত চলা নিৰ্মাণ কাম লেহেমীয়া গতিত চলাৰ উপৰি কামৰ গুণগত মান নিম্নগামী হোৱা আৰু পথ নিৰ্মাণৰ নামত দুৰ্নীতি হোৱা বুলি অৱগত কৰিছো। ঠিকাদাৰী সন্থাক নিয়োজিত কৰা হৈছে যদিও কিন্তু পথ সূচল হৈ উঠা নাই। অকল এয়াই নহয় জাতিংগা-হাৰাঙ্গাজাও ২৫ কিলোমিটাৰ পথ যোৱা ৯ বছৰে একো হোৱা নাই। ঠাইয়ে ঠাইয়ে প্ৰকাণ্ড গাঁত। তেনে পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ ওপৰত তদন্তৰ দাবী উত্থাপন কৰা হৈছে। কিন্তু এতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই।’

চেংগুইনে স্পষ্ট কৰি দি কয় যে প্ৰথমে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰক তাৰ পাছত ট’ল প্লাজা আৰম্ভ কৰিব পাৰিব।

অলপতে পোৱা তথ্য অনুসৰি অহা বৃহস্পতিবাৰে মাইবাংত মান্দাৰদিছা ট’ল প্লাজা ইছ্যুক লৈ মহকুমা প্ৰশাসন, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ আৰু ডিমাছা ছাত্ৰ সন্থাৰ মাজত বৈঠক অনুষ্ঠিত হ’ব। উক্ত বৈঠকত মান্দাৰদিছা ট’ল প্লাজা খোলা সন্দৰ্ভত চুড়ান্ত আলোচনা হ’ব।

Related News