দেশপ্ৰেমৰ জয়গানেৰে ডিমৌত ৭২ সংখ্যক স্বাধীনতা দিৱস উদযাপন

dimow flag hoisting

দেশৰ সকলো প্ৰান্তৰ লগতে শিৱসাগৰ জিলাৰ ডিমৌতো আজি ৭২ সংখ্যক স্বাধীনতা দিৱস উলহ মালহেৰে উদযাপন কৰা হয়। এই উপলক্ষে আজি পুৱা ডিমৌৰ সকলো চৰকাৰী কাৰ্য্যালয়, অনুষ্ঠান-প্ৰতিস্থানত ৰাষ্টীয় পতাকা উত্তোলন কৰা হয়।

পুৱা ৮:৩০ বজাত ডিমৌ ৰাজহুৱা খেলপথাৰত থকা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পন আৰু বন্তি প্ৰজ্বলন কৰাৰ লগতে চহিদ তৰ্পন কাৰ্য্যসূচী সম্পন্ন হয়। ইয়াৰ পিছতে পুৱা ৯ বজাত খেলপথাৰত কেন্দ্ৰীয়ভাবে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে ডিমৌৰ ৰাজহ  চক্ৰ বিষয়া মনোৰমা মৰাঙে।

এই অনুষ্ঠানত থাওৰা সমষ্টিৰ বিধায়ক কুশল দুৱৰী নিমন্ত্ৰীত অতিথি ৰূপে উপস্থিত থাকে। পতাকা উত্তোলনৰ পিছত মাৰোৱাৰী যুৱ মঞ্চ ডিমৌ শাখাৰ ফালৰ পৰা ডিমৌ আদৰ্শ চিকিৎসালয়ত ৰোগীসকলৰ মাজত ফলমূল বিতৰণ কৰা হয়।

ডিমৌ ৰাজহুৱা খেলপথাৰৰ উপৰি বিধায়ক কুশল দুৱৰীয়ে ডিমৌ ৰাইছাই খেল পথাৰতো দলীয় কৰ্মী সকলৰ সৈতে পতাকা উত্তোলন কৰে। আনহাতে, শিৱসাগৰ জিলা কংগ্ৰেছৰ সভাপতি তথা থাওৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক শ্ৰীযুত সুশান্ত বৰগোহাঁইয়ে ডিমৌৰ ৰাজীৱ ভৱনত পতাকা উত্তোলন কৰে।

উল্লেখযোগ্য যে স্বাধীনতা দিৱসৰ কাৰ্য্যসূচীৰ লগত সংগতি ৰাখি আজি ডিমৌ ৰাইছাই গ্ৰাম্য ক্ৰীড়াঙ্গনত ডিমৌ প্ৰেছ ক্লাব আৰু ডিমৌ ৰাজহ চক্ৰ বিষয়া কাৰ্য্যালয় একাদশৰ মাজত এখন প্ৰীতি ফুটবল মেচ অনুস্থিত হয়। উক্ত মেচত বিধায়ক কুশল দুৱৰীক খেলুৱৈৰ ৰূপত দেখিবলৈ পোৱা যায়।