NORTHEAST NOW (Assamese)

শিৱসাগৰত ফিট ইণ্ডিয়া ম’ভমেণ্টৰ শুভাৰম্ভ অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ

August 29, 2019 4:39 pm · এন ই নাও নিউজ
ফটো : নৰ্থইষ্ট নাও

প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীৰ ইন্দিৰা গান্ধী ইণ্ডোৰ ষ্টেডিয়ামত আজি আয়োজিত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ মূল অনুষ্ঠানৰ মঞ্চৰ পৰা “ফিট ইণ্ডিয়া ম’ভমেণ্ট” (সুস্থ ভাৰত আন্দোলন) শীৰ্ষক এক জনজাগৰণ অভিযানৰ সূচনা কৰে।

এখন শক্তিশালী ৰাষ্ট্ৰ নিৰ্মাণৰ সক্রিয় অংশীদাৰ হোৱাৰ বাবে দেশবাসীক সুস্থ-সবল আৰু সামৰ্থবান কৰি তোলাৰ হকে উদ্বুদ্ধ কৰাৰ লক্ষ্যৰে আয়োজন কৰা হৈছে এই অনুষ্ঠানৰ।

আজি শিৱসাগৰ জিলাত আয়োজন কৰা ‘ফিট ইণ্ডিয়া ম’ভমেণ্ট’ৰ জিলাস্তৰীয় কাৰ্যসূচীত দূৰদৰ্শনযোগে সম্প্ৰচাৰ হোৱা  প্ৰধান মন্ত্ৰীৰ এই কাৰ্যসূচীৰ পোনপটীয়া সম্প্ৰচাৰৰ ব্যৱস্থা কৰা হয়।

উপায়ুক্ত কাৰ্য্যালয়ৰ চুকাফা সভাকক্ষত আয়োজিত এই অনুষ্ঠানত জিলা উপায়ুক্ত ডাঃ এছ লক্ষ্মণন, অৰ্জুন ভোগেশ্বৰ বৰুৱা, ক্রীড়া-শিক্ষা-সংস্কৃতি-সাহিত্য জগতৰ লগত জড়িত জিলাখনৰ ভালেসংখ্যক বিশিষ্ট নাগৰিক, বিভিন্ন চৰকাৰী বিভাগৰ বিষয়া-কৰ্মচাৰী আৰু জ্যেষ্ঠ প্ৰশাসনিক বিষয়াসকলে এই পোনপটীয়া সম্প্ৰচাৰ কাৰ্যসূচী উপভোগ কৰে।

পোনপটীয়া সম্প্ৰচাৰৰ অন্তত অৰ্জুন ভোগেশ্বৰ বৰুৱাই উপস্থিত সকলোকে “ফিট ইণ্ডিয়া ম’ভমেণ্ট”ৰ শপতবাক্য পাঠ কৰোৱায়।

জিলা উপায়ুক্ত ডাঃ এছ লক্ষ্মণে তেওঁৰ বক্তব্যত সকলোকে সুস্থ আৰু সবল জীৱন-ধাৰণৰ বাবে সংকল্পবদ্ধ হ’বলৈ আহ্বান জনায়।

উল্লেখযোগ্য যে, “ফিট ইণ্ডিয়া ম’ভমেণ্ট”ৰ শুভাৰম্ভ অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ কাৰ্যসূচী জিলাখনৰ বিদ্যালয়সমূহ,পঞ্চায়ত আৰু উন্নয়ন খণ্ড সমূহতো কৰোৱা হয়।

Related News