NORTHEAST NOW (Assamese)

আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ বাহনত প্ৰতিবাদকাৰীৰ আক্ৰমণ

December 12, 2019 5:01 pm · এন ই নাও নিউজ
Updated: December 12, 2019 5:05 pm
ডি জি পি ভাস্কৰজ্যোতি মহন্ত।

নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী প্ৰতিবাদকাৰী সকলে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ বাহনত শিলগুটিৰে আক্ৰমণ কৰে।

গুৱাহাটীৰ খ্ৰীষ্টানবষ্টিত প্ৰতিবাদকাৰী সকলে সঞ্চালক প্ৰধান গৰাকীৰ গাড়ীলৈ শিল গুটি নিক্ষেপ কৰে।

আনহাতে, সমগ্ৰ অসম জুৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সৃষ্টি হোৱা বিশাল প্ৰতিবাদ সম্পৰ্কত মত প্ৰকাশ কৰিছে অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই।

প্ৰতিবাদকাৰীসকলক গণতান্ত্ৰিক আন্দোলন কৰিবলৈ আহ্বান জনাই আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে আৰক্ষীক আক্ৰমণ কৰা কথাটো বেয়া হৈছে বুলি কয়।

আৰক্ষীয়ে দেশৰ আইন-শৃংখলা ৰক্ষাৰ বাবে কাম কৰি আছে গতিকে তেওঁলোকক প্ৰতিবাদকাৰীয়ে আক্ৰমণ কৰিব নালাগে বুলিও মহন্তই কয়।

অসমৰ সকলো ডেকা ভাই-ভনী সংযত হৈ থাকিব লাগে তেওঁলোকে ৰাজহুৱা সম্পত্তি হানি কৰাৰ পৰা আতৰি থাকিলে ভাল হয় বুলিও মত প্ৰকাশ কৰে ভাস্কৰজ্যোতি মহন্তই।

উল্লেখযোগ্য যে, ১১ ডিচেম্বৰত ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহীত হোৱাৰ পাছতে উত্তৰ-পূবৰ অসম আৰু ত্ৰিপুৰাত ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে।

গুৱাহাটী মহানগৰীৰ লগতে অসমৰ বহু কেইখন জিলাত আইন-শৃংখলা নিয়ন্ত্ৰণৰ বাবে সান্ধ্য আইন জাৰি কৰা হৈছে।

Related News