সমগ্ৰ ৰাজ্য জুৰি চলি থকা নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদে গুৰুতৰ ৰূপ ধাৰণ কৰিছে গুৱাহাটী মহানগৰীত।
চান্দমাৰিত প্ৰতিবাদকাৰীসকলক বৰ্বৰভাৱে আক্ৰমণ কৰা নিৰাপত্তাৰক্ষী বাহিনীৰ বাহনত অগ্নি সংযোগ কৰিছে ক্ষুব্ধ প্ৰতিবাদকাৰী সকলে।
আজি দিনৰ ভাগত লতাশিললৈ যোৱা প্ৰতিবাদকাৰী সকলক উভতি অহাৰ সময়তে বাধা প্ৰদান কৰে নিৰাপত্তাৰক্ষী বাহিনীয়ে।
উল্লেখযোগ্য যে, ১১ ডিচেম্বৰত ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল হোৱাৰ পাছতে অসমত বিধেয়ক বিৰোধী আন্দোলনে গুৰুতৰ ৰূপ ধাৰণ কৰিছে।
অসমত ৰাজ্য প্ৰশাসনে ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়াৰ লগতে বিভিন্ন জিলাত সান্ধ্য আইন জাৰি কৰিছে।
আৰক্ষীয়ে প্ৰতিবাদকাৰী সকলৰ ওপৰত লাঠি চাৰ্জ কৰাৰ লগতে কন্দুৱা গেছ, ৰবৰৰ গুলী নিক্ষেপ কৰি প্ৰতিবাদকাৰী সকলক নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰা দেখা গৈছে বিভিন্ন স্থানত।