বহিঃৰাজ্যৰ গামোচাৰ বিৰুদ্ধে হস্ত তাত আৰু বস্ত্ৰ শিল্প সঞ্চলাকলয়ৰ অভিযান

Gamosa

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ। উৎস- ইণ্টাৰনেট

অসমীয়াৰ হেপাহৰ ৰঙালী বিহু সমাগত। ৰাজ্যৰ কাপোৰৰ বজাৰত এতিয়া নতুন কাপোৰ ক্ৰয় কৰাৰ বাবে মানুহৰ হেতা-ওপৰা লাগিছে কিন্তু তাৎপৰ্য্যপূৰ্ণভাবে ৰঙালী বিহুৰ সময়ত অসমৰ বজাৰ থলুৱা গামোচাৰ পৰিবৰ্তে বহিঃৰাজ্যৰ গামোচাৰে ভৰি পৰিছে।

আজি অসম চৰকাৰৰ হস্ত তাত আৰু বস্ত্ৰ শিল্প সঞ্চালকালয়ে মহানগৰীৰ ফাঁচী বজাৰত অভিযান চলাই বিভিন্ন দোকানৰ পৰা ১৫০০ খনতকৈও অধিক বহিঃৰাজ্যৰ গামোচা জব্দ কৰে। ৰাজ্যত বহিঃৰাজ্যৰ গামোচাৰ বিক্ৰী বৃদ্ধি কৰাৰ বাবে বিভাগটোৱে এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে বুলি উল্লেখ কৰে।

বিভাগটোৰ এজন বিষয়াই সংবাদ মাধ্যমৰ আগত বিভিন্ন জিলাৰ উপায়ুক্ত আৰু মহকুমাধিপতি সকলৰ লগত মিলি বহি ৰাজ্যৰ গামোচাৰ বিক্ৰী ৰোধ কৰাৰ বাবে নিৰ্দিষ্ট স্কোৱাড গঠন কৰা হৈছে আৰু ইয়াৰ জৰিয়তে গোটেই ৰাজ্যতে অভিযান চলোৱা হ’ব বুলি উল্লেখ কৰে।

উল্লেখযোগ্য যে, হস্ত তাত আৰু বস্ত্ৰ শিল্প বিভাগৰ হাতত বৰ্তমানলৈ আহি পৰা তথ্য মতে গামোচাৰ মান পৰীক্ষা কৰাৰ বাবে কোনো ধৰণৰ যন্ত্ৰ নাই যাৰ ফলত জব্দ কৰা গামোচা সমূহৰ মান পৰীক্ষা কৰা সম্ভৱ নহয়।আনহাতে, গামোচাৰ মান পৰীক্ষা নকৰাকৈ আদালতৰ মজিয়াত গামোচা সমূহ বহিঃৰাজ্যৰ পৰা অহা বুলি প্ৰমাণ কৰাত বিভাগটো ব্যৰ্থ হ’ব।