“নিৰুদ্দিষ্ট বাংলাদেশী”ৰ ঠিকনা অসমৰ কাৰাগাৰ

Adjhar Peada_New

২৩ বছৰ নিৰুদ্দেশ হৈ থকা আজহাৰ পেদা।

বাংলাদেশত ২৩ বছৰ পূৰ্বেই নিৰুদ্দেশ হোৱা এজন লোকক পৰিয়ালৰ লোকে বিচাৰি বিচাৰি আৱিষ্কাৰ কৰিলেহি অসমৰ তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত।

তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত সন্ধান উলিওৱাৰ পূৰ্বে নিৰুদ্দিষ্ট আজহাৰ পেদা (৫৫) নামৰ লোকজনক বিচাৰি পৰিয়ালৰ লোকে বাংলাদেশৰ গোটেই সাতটা ডিভিজন চলাথ কৰিছিল।

পেদাৰ ঘৰ বাংলাদেশৰ খুনলা ডিভিজনৰ সাতক্ষীৰা জিলাত। তেওঁৰ পিতা আব্দুল কৰিম পেদা, মাক মোমিনা খাতুন।

অৱশেষত তেজপুৰত উপস্থিত হোৱা তেওঁৰ ভায়েক ইকবাল পেদা (২৮)ই তেজপুৰৰ কেন্দ্ৰীয় কাৰাগাৰত থকা ডিটেনশ্যন কেম্পত তেওঁক চিনাক্ত কৰে আৰু সকলো তথ্যসহ নিশ্চিত কৰে।

“মোৰ মায়ে জনোৱামতে, মই যেতিয়া সৰু হৈ আছিলো, মোৰ ককাইদেউ, যিজন এজন মানসিক ৰোগী, ঘটনাক্ৰমে পৰিয়ালৰ পৰা বিচ্ছিন্ন হৈছিল আৰু কেনেবাকৈ ভাৰতত প্ৰৱেশ কৰিছিল”, ককায়েক আজহাৰ এজন মানসিক ৰোগী বুলি জানিবলৈ দি ইকবালে কয়।

তেওঁলোকৰ পৰিয়ালটোৱে আজহাৰ তেজপুৰৰ কাৰাগাৰত থকাৰ তথ্য বাংলাদেশৰ এজন সমাজকৰ্মী অমলেন্দু দাসৰ পৰা জানিবলৈ পোৱা বুলি অৱগত কৰে ইকবালে। তাৰ পিছতে গুৱাহাটীত থকা বাংলাদেশ উচ্চায়ুক্তৰ কাৰ্য্যালয়ৰ সৈতে যোগাযোগ কৰে। সহকাৰী উচ্চায়ুক্ত আৰু অপাৰেইশ্যন হেড মহম্মদ তনবীৰ মনছুৰৰ সহায়ত তেওঁ ককায়েকৰ সন্ধান উলিয়ায়।

ভায়েকক লগ পোৱাৰ পিছত আজহাৰ পেদাই কয়, “মই মোৰ নিজৰ ঘৰলৈ যাব বিচাৰো আৰু মোৰ মা আৰু পৰিয়ালৰ মানুহবোৰ লগ পাবলৈ অধীৰ হৈ আছো।”

তেজপুৰৰ কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষক মৃণ্ময় দাউকাই কয় যে বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত আৰু অপাৰেইশ্যন হেড মহম্মদ তনবীৰ মনছুৰে সঠিক যোগাযোগৰ সহায়ত ভায়েক ইকবালে ককায়েক আজহাৰক কাৰাগাৰৰ মেডিকেল পৰীক্ষাৰ সময়ত লগ কৰিবলৈ সুবিধা পায়।

আজহাৰক ধেমাজিৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল। তেওঁৰ বিৰুদ্ধে পাছপ’ৰ্ট আইনৰ ধাৰা ১৪ (এ) (বি), বিদেশী আইন আৰু পাছপ’ৰ্ট আইন ১৯৬৭-ৰ ১২ (চি) ধাৰাৰ অধীনত আৰু ছেছন কেছ নং ১১৩, ১১৫ সাধাৰণ পঞ্জীয়ন নং ৫৫২/১৫ নম্বৰৰ গোচৰ আছে, জনালে কাৰাগাৰ অধীক্ষক দাউকাই