NORTHEAST NOW (Assamese)

বাথৌ ধৰ্মৰ বিষয়ে যুক্তি-তৰ্ক আৰু আলোচনা হ’ব লাগে : প্ৰমীলা ৰাণী ব্ৰহ্ম

January 29, 2019 10:32 pm · ৰিনয় বসুমতাৰী
Updated: January 29, 2019 10:34 pm
প্রমীলাৰাণী ব্ৰহ্ম। ফাইল ফটো।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বড়োভূমি কোকৰাঝাৰ চহৰৰ বাগানশালিস্থিত বাথৌ মন্দিৰ প্ৰাংগণতো আজি পৱিত্ৰ বাথৌ দিৱস উলহ-মালহৰে উদযাপন কৰা হয়।

দিনজোৰা কাৰ্য্যসূচীৰে অনুষ্ঠিত পৱিত্ৰ বাথৌ দিৱসৰ মুকলি সভাত আমন্ত্ৰিত অতিথি ৰূপে উপস্থিত থাকে পূব কোকৰাঝাৰ সমষ্টিৰ বিধায়িকা তথা অসমৰ  সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম।

মন্ত্ৰীগৰাকীয়ে কেৱল বড়োসকলৰে নহয়, বাথৌ ধৰ্মই ইয়াৰ আন জনজাতিসকলৰো আদিম ধৰ্ম বুলি উল্লেখ কৰে।

‘’পূৰ্বপুৰুষৰ পৰাই বড়োৰ লগতে অন্যান্য জনজাতিসকলেও বাথৌ ধৰ্ম পালন কৰি আহিছে। বাথৌ ধৰ্মক সংৰক্ষণ কৰি ৰখাৰ প্ৰয়োজন আছে। এই ধৰ্মক সংৰক্ষণ কৰা তথা বহল প্ৰসাৰ কৰিবলৈ বিস্তৃতভাৱে ইয়াৰ ওপৰত যুক্তি-তৰ্ক আৰু আলোচনা হ’ব লাগে। এই ধৰ্ম ভালকৈ প্ৰসাৰ নোহোৱা বাবে অন্যান্য জাতি তথা ব্ৰাহ্মী বিলাকে বড়োসকলক ঘৃণা কৰি আহিছিল। যাৰ বাবে গুৰুদেৱ কালিচৰণ ব্ৰহ্মই কলকাতাত গৈ ব্ৰহ্মা ধৰ্ম গ্ৰহণ কৰি প্ৰসাৰ কৰিছিল। এনেকৈ একাংশ বড়োৱে ব্ৰহ্ম ধৰ্ম গ্ৰহণ কৰি ব্ৰহ্ম উপাধি লিখি আহিছে। আৰু নিজৰ ধৰ্মৰ পৰা ফালৰি কাটি অন্য ধৰ্ম গ্ৰহণ কৰা দেখা যায়। মই নিজেই ইয়াৰ উদাহৰণ। বহুতে আজি খ্ৰীষ্টান ধৰ্মত আছোঁ বুলি কয়। সেই কাৰণে বাথৌ ধৰ্মক ধুনীয়াকৈ গঢ় দিব লাগে, যাতে সকলৰে আস্থা থাকে।‘’ তাৎপৰ্য্যপূৰ্ণ মন্তব্য মন্ত্ৰীগৰাকীৰ।

অসম চৰকাৰৰ ৰাজ্যিক বন্ধ স্বীকৃতি লাভ কৰি এইবেলি দ্বিতীয়বাৰৰ বাবে গৌথাৰ বাথৌ চান পালন কৰিবলৈ সক্ষম হৈছে বুলিও কয় মন্ত্ৰীগৰাকীয়ে।

আনহাতে অসমৰ এটা ক’লা অধ্যায় ৩০ অক্টোবৰৰ ঘটনাত ন্যায়ালয়ে কেইবাজনকো দোষী সাব্যস্ত কৰা প্ৰসংগতো মন্ত্ৰীগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

‘’এন ডি এফ বিৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ৰঞ্জন দৈমাৰীৰ ওপৰত উচ্চ ন্যায়ালয়ে যি শাস্তিৰ চূড়ান্ত ৰায় দিব তাত ক’ব লগীয়া নাই। এন ডি এফবিৰ সৈতে চৰকাৰে আলোচনা চলি আছে। সেই দিশটো ন্যায়ালয়ে নজৰ ৰাখিব বুলি মোৰ বিশ্বাস আছে।‘’, নিজৰ মত দাঙি ধৰি ব্ৰহ্মই কয়।

‘’ন্যায়ালয়ে আইনীভাৱে যি শাস্তি প্ৰদান কৰে কৰক। কিন্তু ফাঁচি হ’ব নালাগে।‘’ মন্ত্ৰীগৰাকীয়ে কয়।

ইয়াৰ যুক্তি দি কয়, ‘’কাৰণ বড়ো জাতিৰ কাৰণে আৰু সমাজখনৰ কাৰণে আন্দোলন কৰিছিলে এন ডি এফ বিয়ে। আন্দোলন কৰা সময়ছোৱাত এনে ধৰণৰ কাৰ্য কৰি বহু লোকৰ প্ৰাণহানি হৈছিল। যিটো কাৰ্যত গভীৰভাৱে শোক প্ৰকাশ কৰিছোঁ।‘’

সেয়ে দুয়োটা দিশত উচ্চতম ন্যায়ালয়ে সত্যক বিচাৰ-বিবেচনা কৰিব বুলি বিশ্বাস প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে।

Related News