NORTHEAST NOW (Assamese)

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

July 30, 2026 7:00 am · নৰ্থ ইষ্ট নাও, গুৱাহাটী
Updated: July 30, 2026 6:40 am
An aerial view of a flooded river island in the Brahmaputra river in Majuli, in the northeastern Indian state of Assam September 24, 2012. Floods and landslides caused by relentless rain in northeast India have killed at least 33 people and displaced more than a million over the past week, officials said on Monday. REUTERS/Stringer (INDIA - Tags: DISASTER ENVIRONMENT)

বানপানীৰ পিছত দূষিত পানী, জমা পানী, অস্বাস্থ্যকৰ পৰিৱেশ আৰু ম’হ-মাখিৰ বংশবৃদ্ধিৰ ফলত বহু ধৰণৰ ৰোগ বিয়পিব পাৰে।

বানপানীৰ পিছত হ’ব পৰা মুখ্য ৰোগসমূহঃ

  1. ডায়েৰিয়া আৰু কলেৰা – দূষিত পানী বা খাদ্য গ্ৰহণৰ ফলত হয়।
  2. টাইফইড – বেক্টেৰিয়াযুক্ত পানী বা খাদ্যৰ জৰিয়তে সংক্ৰমিত হয়।
  3. জণ্ডিছ (হেপাটাইটিছ A/E) – দূষিত পানীৰ ফলত হ’ব পাৰে।
  4. লেপ্ট’স্পাইৰ’ছিছএন্দুৰৰ প্ৰস্ৰাৱ মিহলি পানীৰ সংস্পৰ্শলৈ আহিলে সংক্ৰমণ হ’ব পাৰে।
  5. মেলেৰিয়া, ডেংগু  – জমা পানীত ম’হৰ বংশবৃদ্ধিৰ বাবে বৃদ্ধি পায়।
  6. চৰ্মৰোগ – দীঘলীয়া সময় দূষিত পানীত থাকিলে চুলি, খজুৱতি, ফাংগাছ আদি হ’ব পাৰে।
  7. শ্বাস-প্ৰশ্বাসজনিত সংক্ৰমণ –  পানী আৰু ঠাণ্ডাৰ বাবে কাহ, জ্বৰ, নিউমোনিয়া আদি হ’ব পাৰে।

প্ৰতিকাৰ আৰু সাৱধানতাঃ

  • কেৱল বিশুদ্ধ পানীহে খাব।
  • খাদ্য সদায় ঢাকি ৰাখিব আৰু সতেজ খাদ্য গ্ৰহণ কৰিব।
  • চাবোনেৰে নিয়মিত হাত ধুব, বিশেষকৈ খোৱাৰ আগতে আৰু শৌচালয় ব্যৱহাৰৰ পিছত।
  • জমা পানী আঁতৰাই ম’হৰ বংশবৃদ্ধি ৰোধ কৰিব।
  • সম্পূৰ্ণ হাত-ভৰিৰ কাপোৰ পিন্ধিব আৰু ম’হ খেদোৱা ঔষধ বা মশাৰী ব্যৱহাৰ কৰিব।
  • বানপানীত ভিজা কাপোৰ সলনি কৰি শৰীৰ পৰিষ্কাৰকৈ ৰাখিব।
  • জ্বৰ, বমি, ডায়েৰিয়া, তীব্ৰ পেটবিষ, চকু বা ছাল হালধীয়া হোৱা আদি লক্ষণ দেখা দিলে তৎক্ষণাত ওচৰৰ স্বাস্থ্যকেন্দ্ৰ বা চিকিৎসকৰ কাষ চাপিব।
  • শিশুসকল, গৰ্ভৱতী মহিলা আৰু বৃদ্ধসকলৰ বিশেষ যত্ন ল’ব।

বানপানীৰ পিছত সামান্য সাৱধানতাই বহু সংক্ৰমণজনিত ৰোগৰ পৰা নিজকে আৰু পৰিয়ালক সুৰক্ষিত ৰাখিব পাৰে।

 

 

 

 

 

 

 

 

 

 

 

Related News