• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উদ্বোধনী অনুষ্ঠানৰ নিবিদা আহ্বানৰ পূৰ্বেই উদ্বোধন হৈছিল দিছপুৰ উৰণীয়া সেতু! প্ৰতিবেদনত পোহৰলৈ আন এক চাঞ্চল্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 3, 2023 7:02 am
Dispur Flyover Himanta Biswa Sarma
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ২০২১ চনৰ ৪ নৱেম্বৰত দীপাৱলীত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ ৰাজধানী দিছপুৰত উদ্বোধন কৰিছিল দিছপুৰৰ পৰা ডাউন টাউন সংযোগী উৰণীয়া সেতু। ব্যাপক আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠিত কৰা হৈছিল এই সেতুৰ উদ্বোধনী অনুষ্ঠান। সংবাদ মাধ্যমতো অনুষ্ঠানটোৱে যথেষ্ট চৰ্চা লাভ কৰিছিল। মুখ্যমন্ত্ৰীৰ লগতে অনুষ্ঠানত উপস্থিত আছিল মিত্ৰজোঁটৰ চৰকাৰৰ কেইবাগৰাকীও সদস্য তথা বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী।

সেতুখন উদ্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সমবেত লোকসকলক উদ্দেশ্যি ঘোষণা কৰিলে যে চৰকাৰী সময়সীমাৰ পূৰ্বেই ১২৭ কোটি টকাৰ উৰণীয়া সেতুখন সম্পূৰ্ণ কৰা হৈছে। নিৰ্ধাৰিত ৩৬ মাহৰ বিপৰীতে ২২ মাহতে সেতুৰ কাম সম্পূৰ্ণ হোৱাটোৱে আন্তঃগাঁথনি বৃদ্ধিৰ গতি ত্বৰান্বিত কৰাৰ ক্ষেত্ৰত চৰকাৰৰ সৰ্বোচ্চ প্ৰচেষ্টাক প্ৰতিফলিত কৰিছে বুলি মন্তব্য কৰিছিল হিমন্ত বিশ্ব শৰ্মাই।

আড়ম্বৰপূৰ্ণ এই উদ্বোধনী অনুষ্ঠানে ব্যাপক চৰ্চা লাভ কৰিলেও শেহতীয়াকৈ এই সমগ্ৰ অনুষ্ঠানটোৰ আঁৰৰ আন এক ছবিহে পোহৰলৈ আহিছে। পোহৰলৈ আহিছে এই অনুষ্ঠানৰ নামত হোৱা বিত্তীয় অনিয়মৰ এক চাঞ্চল্যকৰ তথ্যহে। ৰাজ্যৰ এক সংবাদ সংস্থা দ্য ক্ৰছকাৰেণ্ট আৰু ৰাষ্ট্ৰীয় সংবাদ সংস্থা দ্য ৱায়াৰৰ প্ৰতিবেদনত পোহৰলৈ আহিছে এই তথ্য।

এই প্ৰতিবেদনটোৱে পোহৰলৈ অনা তথ্য মতে, সেতুৰ উদ্বোধনী অনুষ্ঠানৰ পাঁচ মাহ পিছতহে অসম চৰকাৰে অনুষ্ঠান আয়োজনৰ বাবে নিবিদা আহ্বান কৰি কাকতত বিজ্ঞাপন প্ৰকাশ কৰিছিল। আৰ টি আইৰ উত্তৰত প্ৰকাশ পোৱা মতে, ২০২১ চনৰ ৪ নৱেম্বৰত মেগা উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হোৱাৰ বিপৰীতে অসম চৰকাৰে ২০২২ চনৰ ৯ মাৰ্চত নিবিদা আহ্বানেৰে প্ৰকাশ কৰিছিল বিজ্ঞাপন।

৯ মাৰ্চত প্ৰকাশিত এই বিজ্ঞাপনত ১৫ দিনৰ ভিতৰত উৰণীয়া সেতু উদ্বোধনী অনুষ্ঠানৰ বাবে নিবিদা বিচৰা হৈছিল। নিবিদা দাখিলৰ শেষ তাৰিখ আছিল ১৮ মাৰ্চ, ২০২২। পিছে এইখিনিতে প্ৰকাশিত নিবিদা আহ্বানৰ বিজ্ঞাপন কেৱল ফাইলৰ নথি হিচাপে দেখুৱাৰ কৌশল হিচাপেহে প্ৰকাশ কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

আৰ টি আইৰ উত্তৰ মতে, গুৱাহাটীস্থিত দুটা ব্যৱসায়িক প্ৰতিষ্ঠান – মেছাৰ্ছ জে এম কে কনষ্ট্ৰাকচন এণ্ড চাপ্লাইয়াৰ আৰু ড্ৰিম এ-মেজ আৰু অঞ্জন শৰ্মা নামৰ এগৰাকী ঠিকাদাৰে নিবিদাত অংশগ্ৰহণ কৰিছিল। আশ্চৰ্যকৰভাৱে, তিনিও নিবিদাকাৰীয়ে উল্লেখ কৰা ঠিকনাটো আছিল একেটা অঞ্চলৰে– কামাখ্যা ধাম, গুৱাহাটী। তদুপৰি নিবিদাত অংশগ্ৰহণ কৰা জেএমচি কনষ্ট্ৰাকচনৰ স্বত্বাধিকাৰী যুগানন্দ শৰ্মা, ড্ৰিম এ-মেজৰ স্বত্বাধিকাৰী ভাস্কৰ শৰ্মা আৰু আনগৰাকী ব্যক্তি অঞ্জন শৰ্মাও আছিল প্ৰকৃততে ব্যৱসায়িক সহযোগী।

তিনিও গৰাকী ব্যক্তি আন এটা ব্যৱসায়িক প্ৰতিষ্ঠানৰ সহ-পৰিচালক: মেচাৰ্ছ আছাম কেমিষ্টছ ডিষ্ট্ৰিবিউটৰ্ছ প্ৰাইভেট লিমিটেড নামৰ এটা প্ৰতিষ্ঠানৰ সঞ্চালক পদতো আছিল। আৰ টি আইৰ উত্তৰ অনুসৰি, নিবিদাৰ পাছত পি ডব্লিউ ডিয়ে মেছাৰ্ছ ড্ৰিম এ-মেজক অনুষ্ঠান আয়োজনৰ স্বত্বত অনুমোদন জনায়। লক্ষণীয়ভাৱে, এই প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী ভাস্কৰ শৰ্মা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ এক ঘনিষ্ঠ ব্যৱসায়িক সহযোগী। পি ডব্লিউ ডি মন্ত্ৰালয়ে ভাস্কৰ শৰ্মাৰ প্ৰতিষ্ঠানলৈ তিনিটা ৱৰ্ক অৰ্ডাৰ জাৰি কৰিছিল।

দ্য ৱায়াৰ আৰু দ্য ক্ৰছকাৰেণ্টে লাভ কৰা ৱৰ্ক অৰ্ডাৰত দেখা গৈছে যে ভাস্কৰ শৰ্মাৰ প্ৰতিষ্ঠানটোক উৰণীয়া সেতু উদ্বোধনৰ বাবে মাত্ৰ অস্থায়ী ব্যৱস্থাৰ বাবেই ৪৫,৯৪,৬৫৭ টকা দিয়া হৈছিল। পি ডব্লিউ ডিৰ দিছপুৰ টেৰিটৰিয়েল ৰোডছ ডিভিজনৰ কাৰ্যবাহী অভিযন্তাই স্বাক্ষৰ কৰা ৱৰ্ক অৰ্ডাৰ অনুসৰি এই ৰাশিৰে ১৩,৩৫,৭৩১ টকা ৰটাৰী কাপোৰেৰে ঢাকি দিয়া আৰু সাজ সজ্জাৰ বাবে আবণ্টন দিয়া হৈছিল।

আনহাতে, ৰাজ্যৰ বিভিন্ন জনগোষ্ঠীৰ গামোচা, মুখ্যমন্ত্ৰীৰ প্ৰতিচ্ছবি, ফ্লেক্স ব’ৰ্ডেৰে ফ্লাইঅভাৰৰ সৌন্দৰ্যবৰ্ধনৰ বাবে ১৪,৩২,৯৫০ টকা আৰু তিনিখন তোৰণ নিৰ্মাণৰ বাবে ১৮,২৫,৮৮৬ টকা আবণ্টন দিয়া হৈছিল। ভাস্কৰ শৰ্মাক দিয়া ৱৰ্ক অৰ্ডাৰ কেইখন ভালদৰে চালে দেখিবলৈ পোৱা যাব যে ১৩,৩৫,৭৩১ টকাৰ কামৰ ভিতৰত ৰ’টাৰী দুটা বিভিন্ন ট্ৰাইবেল গামোচাৰে ঢাকিবলৈ ৬,৫০,৯১৪ টকা, কৃত্ৰিম ঘাঁহৰ জাপিৰ নামত ১,৩৩,২৮২ টকা, পোহৰৰ সাজ-সজ্জাৰ বাবে ৪,১৩,২৮০ টকা আৰু বাঁহৰ সাজোনৰ নামত ৫৯,০৪০ টকা আবণ্টন দিয়া হৈছিল৷

ভাস্কৰ শৰ্মাই লাভ কৰা ১৪,৩২,৯৫০ টকাৰ দ্বিতীয়খন ৱৰ্ক অৰ্ডাৰ অনুসৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ফটো, ফ্লেক্স, পতাকা আৰু বিভিন্ন জনগোষ্ঠীয় গামোচাৰ বাবে ৭,৬৮,৭৫০ টকা আৰু ৰঙা, বগা আৰু সোণালী কাপোৰেৰ ফ্লাই অভাৰৰ ফেন্সিং ঢাকি দিয়াৰ বাবে ৬,৬৪,২০০ টকা আবণ্টন দিয়া হয়৷ ভাস্কৰ শৰ্মাৰ ১৮,২৫,৮৮৬ টকাৰ ৱৰ্ক অৰ্ডাৰ অনুসৰি ৩০০ ফুল গছ সাত দিনৰ বাবে স্থাপন কৰাৰ বাবে ১,৫৪,৯৮০ টকা, জেনেৰেটৰৰ বাবে ১,১৮,৮১৮ টকা, লাইটিঙৰ বাবে ১,৯৩,৭২৫ টকা আবণ্টন দিয়া হৈছিল৷

ইয়াৰ বাহিৰেও গেটত ঢোল স্থাপন, জাপি, ফুলাম গামোচা আদিৰ বাবেও পৃথকে পৃথকে ধন আবণ্টন দিয়া হৈছিল৷ ভাস্কৰ শৰ্মালৈ এই নিবিদা অনুমোদনৰ আঁৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ সৈতে থকা ঘনিষ্ঠ ব্যৱসায়িক সম্পৰ্কই অনুঘটক হিচাপে কাম কৰিছিল নেকি সেই লৈ এতিয়া ব্যাপক প্ৰশ্ন উঠিছে। দ্য ক্ৰছকাৰেণ্ট আৰু দ্য ৱায়াৰে প্ৰতিবেদনটোত ভাস্কৰ শৰ্মাৰ সৈতে মুখ্যমন্ত্ৰী পৰিয়ালৰ আন কেতবোৰ ব্যৱসায়িক সম্পৰ্কও পোহৰলৈ আনিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানৰ সৈতে চৌদি আৰবৰ প্ৰতিৰক্ষা চুক্তি! বিবৃতি প্ৰকাশ ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ…

পাকিস্তানৰ সৈতে চৌদি আৰবৰ প্ৰতিৰক্ষা চুক্তি! বিবৃতি প্ৰকাশ ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ…

September 18, 2025 11:44 am
এইবাৰ ‘হাইড্ৰ’জেন বোমা ফুটালে ৰাহুলে গান্ধীয়েঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে ৰক্ষণাবেক্ষণ দিছে ভোট চোৰক!

এইবাৰ ‘হাইড্ৰ’জেন বোমা ফুটালে ৰাহুলে গান্ধীয়েঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে ৰক্ষণাবেক্ষণ দিছে ভোট চোৰক!

September 18, 2025 11:10 am
৭৫ বছৰ বয়সত মোদী, অৱসৰৰ জল্পনা-কল্পনা পুনৰ বাতৰিত! কি চলিছে বিজেপিৰ অভ্যন্তৰত?

৭৫ বছৰ বয়সত মোদী, অৱসৰৰ জল্পনা-কল্পনা পুনৰ বাতৰিত! কি চলিছে বিজেপিৰ অভ্যন্তৰত?

September 18, 2025 10:46 am
চৰম বিপৰ্যয়! গাজা চহৰত খাদ্য আৰু ইন্ধনৰ নাটনিৰ সতৰ্কবাণী ৰাষ্ট্ৰসংঘৰ

চৰম বিপৰ্যয়! গাজা চহৰত খাদ্য আৰু ইন্ধনৰ নাটনিৰ সতৰ্কবাণী ৰাষ্ট্ৰসংঘৰ

September 18, 2025 10:16 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানৰ সৈতে চৌদি আৰবৰ প্ৰতিৰক্ষা চুক্তি! বিবৃতি প্ৰকাশ ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ…

পাকিস্তানৰ সৈতে চৌদি আৰবৰ প্ৰতিৰক্ষা চুক্তি! বিবৃতি প্ৰকাশ ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ…

September 18, 2025 11:44 am
এইবাৰ ‘হাইড্ৰ’জেন বোমা ফুটালে ৰাহুলে গান্ধীয়েঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে ৰক্ষণাবেক্ষণ দিছে ভোট চোৰক!

এইবাৰ ‘হাইড্ৰ’জেন বোমা ফুটালে ৰাহুলে গান্ধীয়েঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে ৰক্ষণাবেক্ষণ দিছে ভোট চোৰক!

September 18, 2025 11:10 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd