NORTHEAST NOW (Assamese)

অসম বন্ধত ৰাজপথত তাণ্ডৱ : ৰামসেনাৰ গোচৰত অখিল গগৈক থানাত হাজিৰ হ’বলৈ চমন জাৰি

October 27, 2018 9:43 am · এন ই নাও নিউজ
Updated: October 27, 2018 12:03 pm
কৃষক নেতা অখিল গগৈ। ফাইল ফটো

ৰামসেনা নামৰ এটা সংগঠনে দাখিল কৰা অভিযোগৰ ভিত্তিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈক থানাত হাজিৰ হোৱাৰ বাবে চমন জাৰি কৰিছে দিচপুৰ আৰক্ষীয়ে। শুকুৰবাৰে সন্ধিয়া দিচপুৰ আৰক্ষীৰ এটা দলে চানমাৰি আৰক্ষীৰ সহযোগত অখিল গগৈক বিচাৰি তেওঁৰ নিজৰাপাৰস্থিত বাসগৃহত উপস্থিত হয় যদিও সেই সময়ত কৃষক নেতাজন ঘৰত উপস্থিত নাছিল।

ইপিনে, কৃষক নেতা অখিল গগৈক ঘৰত নাপাই আৰক্ষীয়ে অহা ৩ নৱেম্বৰৰ ভিতৰত নেতাগৰাকীক দিচপুৰ থানাত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়ে।

উল্লেখযোগ্য যে যোৱা ২৩ অক্টোবৰত কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি বহুকেইটা সংগঠনে আহ্বান কৰা অসম বন্ধৰ সময়ছোৱাত ৰাজপথত বন্ধৰ সমৰ্থকে তাণ্ডৱলীলা চলোৱাৰ অভিযোগ তুলি ৰামসেনা নামৰ সংগঠনটোৱে অখিল গগৈ, আলোচনাপন্থী আলফা নেতা জিতেন দত্ত আৰু আমছুৰ সভাপতি আজিজুৰ ৰহমানৰ বিৰুদ্ধে দিচপুৰ থানাত এজাহাৰ দাখিল কৰিছিল।

সংগঠনটোৱে আদালত অৱমাননা, ৰাজহুৱা সম্পত্তি নষ্ট কৰাৰ অভিযোগ তুলি তিনিওজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১২, ৪২৭, ৩৯২ আৰু ৩৪ ধাৰা অনুসৰি বিহিত ব্যৱস্থা ল’বলৈ যোৱা ২৪ অক্টোবৰত এজাহাৰ দাখিল কৰিছিল।

উক্ত এজাহাৰৰ ভিত্তিত দিচপুৰ আৰক্ষীয়ে ৩১৮৯/১৮, ৩১৯৭/১৮ দুটা গোচৰ ৰুজু কৰে। এই গোচৰৰ ভিত্তিতেই দিচপুৰ আৰক্ষীয়ে সোধা-পোছা কৰিবলৈ শুকুৰবাৰে সন্ধিয়া কৃষক নেতাজনৰ বাসগৃহত উপস্থিত হয়।

Related News