NORTHEAST NOW (Assamese)

বটদ্ৰৱাৰ হিংসাত্মক কাণ্ড: শালনাবাৰী গাঁৱৰ অভিযুক্তৰ ঘৰত জিলা প্ৰশাসনে চলালে উচ্ছেদ

May 22, 2022 10:35 am · ৰিদীপ শৰ্মা, কলিয়াবৰ
ফটো: নৰ্থইষ্ট নাও।

শনিবাৰে বটদ্ৰৱাত এজন লোকৰ মৃত্যুক কেন্দ্ৰ কৰি সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ পিছত দেওবাৰে পুৱাই নগাওঁ জিলা প্ৰশাসনে শালনাবাৰীত উচ্ছেদ অভিযান চলায়। প্ৰশাসনে এক্সকেভেটৰেৰে চলোৱা এই অভিযানত শালনাবাৰীৰ বহুকেইটা ঘৰ উচ্ছেদ কৰে।

উল্লেখ্য যে শনিবাৰে এদল উন্মত্ত লোকে বটদ্ৰৱা থানা জ্বলাই দিছিল। এই ঘটনা  সংক্ৰান্তত এতিয়ালৈকে আৰক্ষীয়ে ২১জন লোকক গ্ৰেপ্তাৰ কৰিছে। ভিডিঅ’ ফুটেজৰ ভিত্তিত নিশাই আৰক্ষীয়ে অভিযুক্তসকলক আটক কৰিছে।

ফটো: নৰ্থইষ্ট নাও।

বটদ্ৰবা কাণ্ডৰ মূল অভিযুক্ত বুলি চিনাক্ত কৰা মহিলাগৰাকীকো গ্ৰেপ্তাৰ কৰা হৈছে। অভিযোগ মতে মহিলাগৰাকীয়ে আৰক্ষীৰ বাহনত অগ্নিসংযোগ কৰিছিল। এই ঘটনাত থানাৰ কেইবাখনো বাহন উন্মত্ত লোকৰ দলে জ্বলাই দিছিল।

ফটো: নৰ্থইষ্ট নাও।

আৰক্ষীয়ে ইতিমধ্যে বটদ্ৰৱা কাণ্ডৰ তদন্ত ক্ষিপ্ৰ কৰি তুলিছে। থানাখনৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীক নিলম্বিত কৰাৰ লগতে থানাখনৰ বাকী আৰক্ষীসকলৰ ৰিজাৰ্ভ ক্ল’জ কৰা হৈছে।

Related News