NORTHEAST NOW (Assamese)

শান্তি-শৃংখলাৰ প্ৰতি লক্ষ্য ৰাখি শিৱসাগৰত জিলা প্ৰশাসনৰ ১৪৪ ধাৰা জাৰি

October 10, 2019 6:59 pm · পাৰ্শ্বজ্যোতি গগৈ
Updated: October 10, 2019 7:05 pm
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

শিৱসাগৰ জিলাত শান্তি- শৃংখলাৰ পৰিস্থিতি বিঘ্নিত হোৱাৰ সম্ভাৱনাৰ প্ৰতি আশংকা প্ৰকাশ কৰি সমগ্র জিলাখনত তৎকালে বলৱত হোৱাকৈ ভাৰতীয় ফৌজদাৰী কাৰ্যবিধি আইনৰ ১৪৪ ধাৰাৰ অধীনত অতিৰিক্ত জিলা দণ্ডাধীশ বিদিত দাসে শেহতীয়া ভাৱে কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে।

এই নিষেধাজ্ঞা অনুসৰি ৰাজহুৱা স্থানত বেআইনী উদ্দেশ্যৰে পাঁচজন বা ততোধিক লোকৰ সমাবেশ, কোনো ব্যক্তি, ব্যৱসায়িক প্ৰতিষ্ঠান, কাৰ্যালয় আদিৰ পৰা কোনোধৰণৰ দান-বৰঙণি সংগ্ৰহ কৰা বা ইয়াৰ বাবে ভাবুকি প্ৰদান কৰা;  বাট-পথ বা ৰাজহুৱা স্থানত সভা পতা, ধৰ্ণা দিয়া, শোভাযাত্ৰা উলিওৱা বা শ্লোগান দিয়া; ব্যক্তিগত ভাৱে বা সমূহীয়া ভাৱে কোনো বাট-পথ, কোনো ৰাজহুৱা স্থানত শ্বহীদ বেদী নিৰ্মাণ কৰা, দেৱাল লিখন, শ্লোগান ছপা কৰি উলিওৱা  ইত্যাদি নিষিদ্ধ ঘোষণা কৰা হৈছে।

তদুপৰি, বেআইনী কাৰ্যকলাপ, মাৰণাস্ত্ৰ ব্যৱহাৰ, হত্যা, অপহৰণ, লুটপাত আদি ঘটনাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি স্কুটাৰ, মটৰ চাইকেল ইত্যাদিত দুজন আৰোহী যোৱাটো নিষিদ্ধ কৰা হৈছে।

অৱশ্যে, দুচকীয়া বাহন চলোৱাৰ ক্ষেত্ৰত ৬০ বছৰ বয়সৰ উৰ্ধৰ ব্যক্তি, ১২ বছৰ বয়সৰ তলৰ শিশু, মহিলা, চৰকাৰী চাকৰিয়াল আৰু আৰক্ষীৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা প্ৰযোজ্য নহ’ব।

আনহাতে, সীমান্ত অঞ্চলত সন্দেহজনক গতি বিধি বা অসামাজিক কাৰ্যকলাপৰ আশংকা কৰি অসম-নাগালেণ্ড সীমান্তত নৈশ সান্ধ্য আইন জাৰি কৰি সীমান্তৰ ৫ কিলোমিটাৰ পৰিধিৰ ভিতৰত সন্ধিয়া ৬:০০ বজাৰ পৰা পুৱা ৬:০০ বজালৈ যিকোনো ব্যক্তি, গোট আৰু যান-বাহনৰ চলাচল নিষিদ্ধ কৰা হৈছে।

এই আদেশ বিশেষকৈ নাগালেণ্ড সীমান্তৰ হালোৱাটিং, গেলেকী আৰু বিহুবৰ আৰক্ষী চকীৰ অধীনৰ অঞ্চল সমূহত কাৰ্যকৰী হ’ব।

এই আদেশ সমগ্ৰ শিৱসাগৰ জিলাত তৎকালীন ভাৱে বলৱত হোৱাকৈ তথা পৰৱৰ্তী ৬০ দিনলৈ বাহাল থাকিব।

এই আদেশ সমূহ অমান্য কৰা সকল ভাৰতীয় দণ্ডবিধি আইনৰ ১৮৮ ধাৰা অনুসৰি দণ্ডনীয় হ’ব।

Related News