• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নাজিৰা-গেলেকী পথ নিৰ্মাণৰ দাবীত শ শ মহিলাৰ প্ৰতিবাদ; অনিৰ্দিষ্টকালৰ বাবে অ’ এন জি চিৰ যান-বাহন চলাচল বন্ধ

NE NOW NEWS পাৰ্শ্বজ্যোতি গগৈ
শিৱসাগৰ , October 10, 2019 6:55 pm

2 min read

নাজিৰা-গেলেকী পথ নিৰ্মাণৰ দাবীত শ শ মহিলাৰ প্ৰতিবাদ; অনিৰ্দিষ্টকালৰ বাবে অ’ এন জি চিৰ যান-বাহন চলাচল বন্ধ
663
VIEWS
Share on FacebookShare on Twitter

বিধ্বস্ত নাজিৰা-গেলেকী পথ নিৰ্মাণৰ দাবীত আজি পুৱাই ৰাজপথলৈ শ শ মহিলা ওলাই আহি পথত টায়াৰ জ্বলাই পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

লগতে প্ৰতিবাদকাৰীসকলে অনিৰ্দিষ্টকালীনৰ বাবে উক্ত পথেদি অ’ এন জি চিৰ যান-বাহন চলাচল বন্ধ কৰে।

আনহাতে একাংশ পুৰুষ-মহিলাই হাতে হাতে খেৱালি জাল, টঙী জাল, জাকৈ লৈ পুখুৰী সদৃশ গাঁ‌তৰ পানীত মাছ ধৰি আৰু পানী সিঁচি এক অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰি শুই থকা গড়াকাপ্তানী বিভাগ আৰু চৰকাৰক দৃষ্টিগোচৰ কৰৰোৱালে।

বছৰ বছৰ ধৰি প্ৰায় ১৬ কি. মি. দৈৰ্ঘৰ শোচনীয় পথটো মেৰামতি কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষৰ লগতে মহাৰত্ন কোম্পানী অ’ এন জি চিক ৰাইজে দাবী জনাই আহিছিল।

কিন্তু বাৰম্বাৰ অ’ এন জি চিক পথটো নিৰ্মাণ কৰিবলৈ দাবী জনাই অহাৰ পিছতো আজি পৰ্যন্ত কোনো গুৰুত্বই নিদিলে অ’ এন জি চিয়ে।

যাৰ কাৰণে বৃহত্তৰ গেলেকীৰ শ শ মহিলাই আজি পুৱা পাঁচ বজাৰ পৰা নাজিৰা গেলেকী পথ বন্ধ কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হয়।

উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি নাজিৰা-গেলেকী সংযোগী পথটো বিধ্বস্ত হৈ আছিল। পথত সৃষ্টি হোৱা দ’ দ’ পুখুৰী সদৃশ গাঁতৰ বাবে সংঘটিত হৈছিল বহু কেইটা দুৰ্ঘটনা।

আনহাতে উক্ত পথটোৱেদি সঘনাই চলা অ’ এন জি চিৰ লঘু আৰু গধুৰ যান-বাহন সমূহে পথটো বিধ্বস্ত কৰি আহিছে।

অ’ এন জি চিয়ে গেলেকী তৈলখাদৰ পৰা খনন আৰু উৎপাদনৰ জৰিয়তে কোটি কোটি টকা মুনাফা আদায় কৰি আহিছে যদিও বিধ্বস্ত পথটো নিৰ্মাণৰ ক্ষেত্ৰত কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।

Recent News

মূল্য বৃদ্ধিৰ বিৰুদ্ধে দদৰাত কংগ্ৰেছ কৰ্মীৰ উত্তাল প্ৰতিবাদ; হাজো-গুৱাহাটী ঘাইপথ অৱৰোধ

মূল্য বৃদ্ধিৰ বিৰুদ্ধে দদৰাত কংগ্ৰেছ কৰ্মীৰ উত্তাল প্ৰতিবাদ; হাজো-গুৱাহাটী ঘাইপথ অৱৰোধ

নতুন বৰ্ষত কলিয়াবৰৰ পৰ্যটন ক্ষেত্ৰলৈ আশাৰ সঞ্চাৰ কঢ়িয়াইছে বিভিন্ন স্থানৰ পৰ্যটকে

নতুন বৰ্ষত কলিয়াবৰৰ পৰ্যটন ক্ষেত্ৰলৈ আশাৰ সঞ্চাৰ কঢ়িয়াইছে বিভিন্ন স্থানৰ পৰ্যটকে

দিল্লী এইমছৰ চাফাই কৰ্মী মনিষ কুমাৰ ভাৰতৰ প্ৰথম গৰাকী ক’ৰ’নাৰ ভেকচিন গ্ৰহণ কৰা ব্যক্তি

দিল্লী এইমছৰ চাফাই কৰ্মী মনিষ কুমাৰ ভাৰতৰ প্ৰথম গৰাকী ক’ৰ’নাৰ ভেকচিন গ্ৰহণ কৰা ব্যক্তি

aa del

কলিয়াবৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা গঁড়ৰ আতংক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd