• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 30, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জালিয়াতিত জড়িত পাঠানজিটৰ বিৰুদ্ধে আইনগতভাৱে ব্যবস্থা লোৱাৰ ঘোষণা বিশ্বজিতৰ

পংকজ কুমাৰ দেব by পংকজ কুমাৰ দেব
September 1, 2020 6:54 am
IMG_20200831_165400

সোমবাৰে পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদ সচিবালয়ত অনুষ্ঠিত সংবাদমেল{ ফটো : নর্থইষ্ট নাও

372
VIEWS
Share on FacebookShare on Twitter

বন বিভাগৰ ৰয়েলিটি চাৰ্টিফিকেট নকল কৰি অবৈধ বেহা চলাই যোৱা উমৰাংছুৰ পাথানজিট জাৰাম্বুছাৰ বিৰুদ্ধে হাফলং আৰক্ষী থানাত এজাহাৰ দাখিল আৰু পাঠানজিটক পৰিষদৰ গেষ্ট হাউচত মাতি নি মাৰপিট কৰা কাৰ্যক লৈ উত্তপ্ত হৈ পৰিছে ডিমা হাচাও।

শেহতীয়াকৈ এই সন্দৰ্ভত মুখ খুলিছে পাৰ্বত্য জিলা পৰিষদ কৰ্তৃপক্ষই।

সোমবাৰে পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদ সচিবালয়ত ইএম বিশ্বজিৎ দাউলাগুপুয়ে এক সংবাদ মেল পাতি কয় যে পাঠানজিটৰ দৰে ব্যক্তিৰ কাৰণে পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদে প্ৰতি মাহে লক্ষ লক্ষ টকাৰ ৰাজহ হেৰুৱাব লগা হৈছে।

সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয়, ‘’কেতিয়াৰ পৰা এই কাৰ্য চলি আহিছে ক’ব নোৱাৰো কিন্তু এতিয়াৰ পৰা তেনে কাৰ্য বন্ধ কৰাৰ কাৰণে ব্যবস্থা লোৱা হ’ব। আৰু এই জালিয়াতি কাৰ্যৰ লগত জড়িত ব্যক্তিৰ বিৰুদ্ধে আইনগতভাৱে ব্যবস্থা লোৱা হ’ব।‘’

দাউলাগুপুয়ে কয় যে অলপতে পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ এটা প্ৰতিনিধি দল উমৰাংছুত এক বৈঠকত ভাগ লোৱাৰ পাছত নেপক’ কৰ্তৃপক্ষৰ সৈতে বন বিভাগৰ এফআৰচিচি অৰ্থাৎ ফৰেষ্ট ৰয়েলিটি ক্লিয়াৰেনছ চাৰ্টিফিকেট সন্দৰ্ভত বৈঠক অনুষ্ঠিত হয়।

সেই বৈঠকত পোহৰলৈ আহে যে পাঠানজিট জাৰাম্বুছা নামৰ এগৰাকী ঠিকাদাৰে এফআৰচিচি যোগান ধৰে। লগে লগে তেওঁক মাতি পঠোৱা হয় আৰু ইয়াৰ পাছত প্ৰাথমিক তদন্তত নেপক’ৰ স্থানীয় ঠিকাদাৰ পাঠানজিট জাৰাম্বুচা জড়িত থকাৰ বিষয় স্পষ্ট হৈ পৰে।

উল্লেখ্য যে পাঠানজিটে প্ৰাক্তন ডিএফঅ’ এন জেমিৰ স্বাক্ষৰ নকল কৰি এফআৰচিচি প্ৰস্তুত কৰিছিল।

পাঠানজিটে হাফলং আৰক্ষী থানাত পৰিষদৰ চিইএম দেব’লাল গার্লছা আৰু পৰিষদ সদস্য ৰতন জাৰাম্বুছাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। এজাহাৰত মাৰপিটৰ বিষয়ে উল্লেখ কৰা হয়।

অৱশ্যে, হাফলং আৰক্ষী থানাত ৰুজু কৰা এজাহাৰত হাফলঙৰ পৰিষদৰ গেষ্ট হাউচত মাতি আনি পাঠানজিটক মাৰপিটৰ ঘটনা সম্পূৰ্ণ মিছা আৰু মনে সজোৱা ৰাজনৈতিক অভিসন্ধি থকা ষড়যন্ত্ৰ বুলি মন্তব্য কৰে দাউলাগুপুয়ে।

ইএম দাউলাগুপুৰ ভাষ্য অনুসৰি পাঠানজিটৰ পথ দুৰ্ঘটনাত মুৰত আৰু শৰীৰৰ আন আন অংশত আঘাত লাগে।

সংবাদ মেলত আন আন ইএম সকলৰ ভিতৰত উপস্থিত থাকে ইএম নন্দিতা গার্লছা, পৰিষদ সদস্য নজিৎ কেম্প্ৰাই, বিজিত লাংঠাচা আৰু ৰতন জাৰাম্বুচা।

Recent News

যদি মোদীৰ ইন্দিৰা গান্ধীৰ দৰে সাহস আছে, তেন্তে তেওঁ কওক যে ট্ৰাম্পে যুদ্ধবিৰতিৰ বিষয়ে মিছা কৈছিল: ৰাহুল গান্ধী

যদি মোদীৰ ইন্দিৰা গান্ধীৰ দৰে সাহস আছে, তেন্তে তেওঁ কওক যে ট্ৰাম্পে যুদ্ধবিৰতিৰ বিষয়ে মিছা কৈছিল: ৰাহুল গান্ধী

ইয়াতেই লিখা হৈছিল ‘গীতঞ্জলি’, এতিয়া পৰিতক্ত ৰবীন্দ্ৰনাথৰ সেই ‘হৈমন্তী’! ৰক্ষণাবেক্ষণৰ দাবী প্ৰতিমা মণ্ডলৰ

ইয়াতেই লিখা হৈছিল ‘গীতঞ্জলি’, এতিয়া পৰিতক্ত ৰবীন্দ্ৰনাথৰ সেই ‘হৈমন্তী’! ৰক্ষণাবেক্ষণৰ দাবী প্ৰতিমা মণ্ডলৰ

পেহেলগামৰ বিফলতাৰ বাবে গৃহমন্ত্ৰী অমিত শ্বাহে নিজৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি  ‘ৰাজধৰ্ম’ৰ নীতি মানি চলিব লাগিছিল : গৌৰৱ গগৈ

পেহেলগামৰ বিফলতাৰ বাবে গৃহমন্ত্ৰী অমিত শ্বাহে নিজৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি  ‘ৰাজধৰ্ম’ৰ নীতি মানি চলিব লাগিছিল : গৌৰৱ গগৈ

ৰাস্তা নে পথাৰ? দৈনিক ৩ কিঃমিঃ বোকা পাৰ কৰি বিদ্যালয়মুখী আদিবাসী শিক্ষাৰ্থী

ৰাস্তা নে পথাৰ? দৈনিক ৩ কিঃমিঃ বোকা পাৰ কৰি বিদ্যালয়মুখী আদিবাসী শিক্ষাৰ্থী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd