আকৌ এবাৰ ভয়ানক ভৱিষ্যতৰ ইংগিত প্ৰদান কৰিছে ৰাইজ আৰু বিশেষজ্ঞৰ প্ৰতিবাদক নেওচি কেৱল মাত্ৰ মুনাফা লাভৰ বাবে ভূমিস্খলন আৰু ভুমিকম্পপ্ৰৱণ অঞ্চলত নিৰ্মাণ কৰা নামনি সোৱণশিৰি বৃহৎ জলবিদ্যু প্ৰকল্পটোৱে।
ৰাষ্ট্ৰীয় জল বৈদ্যুতিক শক্তি নিগমৰ নামনি সোৱণশিৰি জল বৈদ্যুতিক শক্তি প্ৰকল্পত এক বৃহৎ ভূমিস্খলনৰ হোৱাৰ খবৰ পোহৰলৈ আহিছে।
সূত্ৰ অনুসৰি নদীবান্ধৰ মথাউৰিৰ সোঁফালৰ পাহাৰত সংঘটিত হৈছে এই ভূমিস্খলনৰ ঘটনা।
উল্লেখ্য যে, মূল মথাউৰিটোৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ লগে লগে ইয়াৰ ডাইভাৰচন সুৰংগটো বন্ধ হৈ যায়। কিন্তু এই বৃহৎ ভূমিস্খলনৰ ফলত পুনৰ মূল ডাইভাৰচন সুৰংগটো মুকলি হৈ পৰিছে বুলি জানিব পৰা গৈছে।
আশংকা কৰা মতে, ভৱিষ্যতে সুৰংগটো থকা পাহাৰৰ অংশত পুনৰ ভূমিস্খলন হ’ব পাৰে। এইদৰে আকৌ ভূমিস্খলন হ’লে ভয়ানক সমস্যা তথা বিপদৰ সৃষ্টি হ’ব বুলি অনুমান কৰিছে বিশেষজ্ঞ সকলে।