যেন ভূতৰ মুখত ৰামনাম। সেয়াও বিধানসভাত। কংগ্ৰেছ শাসিত কৰ্ণাটকৰ অধিৱেশনৰ সময়ত ভাষণ দিবলৈ উঠি অহা শিৱকুমাৰে বিধানসভাত আৰ এছ এছৰ প্ৰাৰ্থনা গীত গাইছিল। কৰ্ণাটকত মুখ্যমন্ত্ৰী পদক লৈ শিৱ-সিদ্ধ সংঘাতৰ মাজতে শিৱৰ কণ্ঠৰ এই গীতটোৱে স্বাভাৱিকতে বিতৰ্কৰ সৃষ্টি কৰিছে। আনহাতে, এই ঘটনাক লৈ বিজেপি অতি সুখী।
জানিব পৰা মতে, চিন্নাস্বামী ষ্টেডিয়ামত সংঘটিত হোৱা পদপিষ্টৰ কাণ্ডক লৈ কৰ্ণাটক বিধানসভাত এক আলোচনা চলি আছিল। সেই আলোচনাৰ প্ৰেক্ষাপটত শিৱকুমাৰে নিজৰ দীঘলীয়া ৰাজনৈতিক জীৱনৰ কথা কৈছিল। সেই সময়ত বিধানসভাত বিৰোধী দলৰ বিধায়ক অশোকে তেওঁক সোঁৱৰাই দিছিল যে তেৱোঁ এটা সময়ত আৰএছএছত আছিল। শিৱকুমাৰে সেই কথা অকপটে স্বীকাৰ কৰিছিল। ইয়াৰ পিছত তেওঁ ক‘লে, “হয়, মই আৰএছএছৰ সদস্য আছিলো। আৰু আৰএছ ছৰ প্ৰাৰ্থনা গীতটো এতিয়াও মোৰ মনত আছে।” তাৰ পিছত তেওঁ সেই গীতটো গাবলৈ আৰম্ভ কৰিলে। বিজেপি নেতাসকলেও তেওঁৰ সৈতে সেই গীতটো গাইছিল।
সেই ঘটনাৰ ভিডিঅ’ ভাইৰেল হৈ পৰে ছ’চিয়েল মিডিয়াত। স্বাভাৱিকতে জল্পনা-কল্পনা আৰম্ভ হ’ল। শেহতীয়াকৈ এই দক্ষিণৰ ৰাজ্যখনত মুখ্যমন্ত্ৰীৰ পদক লৈ হোৱা বিদ্ৰোহে ভয়াৱহ ৰূপ ধাৰণ কৰিছিল। সিদ্দাৰামায়াক অপসাৰণ কৰি শিৱকুমাৰক পদটো দিবলৈ দাবী উত্থাপন হৈছিল। হাইকমাণ্ডৰ হস্তক্ষেপত পৰিস্থিতি স্বাভাৱিক হ’লেও এই ঘটনা আৰু ইয়াৰ উৎসক লৈ বহুতে প্ৰশ্ন উত্থাপন কৰিছে।
মন কৰিবলগীয়া যে, ১৫ আগষ্টত লালকিল্লাত দিয়া ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰএছএছৰ প্ৰশংসাৰে ভৰি পৰিছিল। মোদীয়ে কৈছিল, আৰএছএছৰ সদস্যসকলে মাতৃভূমিৰ কল্যাণৰ বাবে প্ৰাণ আহুতি দিবলৈ কুণ্ঠাবোধ নকৰে। অৱশ্যে শিৱকুমাৰে মোদীৰ এই বক্তব্যক তীব্ৰ গৰিহণা দি সংঘৰ কোনো ইতিহাস নাই বুলি কয়। ই এক নতুন সংগঠন। কংগ্ৰেছৰ ইতিহাস তাতকৈ বহু পুৰণি। আৰ এছ এছৰ সমালোচনা কৰি তেওঁ কয় যে স্বাধীনতাৰ বহু সময় পাৰ হৈ যোৱাৰ পাছতো সংঘই ৰাষ্ট্ৰীয় পতাকাৰ ধাৰেৰে স্পৰ্শ কৰা নাই। অৱশ্যে এইবাৰ শিৱকুমাৰৰ মুখত আৰ এছ এছৰ প্ৰাৰ্থনা শুনি আচৰিত হ’ল কংগ্ৰেছ।