পঞ্চায়ত নিৰ্বাচনত ‘বিজেপি’ক ভোট নিদিবলৈ আহ্বান আক্ৰাছুৰ

AAKRSu

ফাইল ফটো

‘বিজেপিয়ে বিধানসভা নিৰ্বাচনৰ পূৰ্বে কোচ ৰাজবংশীসকলৰ দীৰ্ঘদিনীয়া দাবী পৃথক কমতাপুৰ ৰাজ্য পুনৰ্গঠন আৰু জনজাতিকৰণৰ প্ৰসংগটো গুৰুত্বসহকাৰে লোৱাৰ লগতে চৰকাৰ গঠনৰ পাছতে এই দাবীসমূহ পূৰণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু এই চৰকাৰখনে আমাক চৰম প্ৰতাৰণা কৰিলে’। অতি ক্ষোভেৰেএই মন্তব্য আগবঢ়াইছে আক্ৰাছুৱে।

বঙাইগাঁৱৰ চহিদবেদীস্থিত আক্ৰাছুৰ মুখ্য কাৰ্যালয়ত সোমবাৰে অনুষ্ঠিত হোৱা এখন সংবাদমেলত আক্ৰাছুৰ কেন্দ্ৰীয় সভাপতি অৰুণ কুমাৰ ৰয় আৰু সম্পাদক গোকুল বৰ্মনে কয় যে মুখ্য মন্ত্ৰী সোণোৱাল চৰকাৰে গঠন কৰি দিয়া কেবিনেট উপ-সমিতিয়ে মুখ্য মন্ত্ৰীৰ উপস্থিতিত কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ লগতে প্ৰধান মন্ত্ৰীৰ স’তে আক্ৰাছুৰ এখন ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰি দিয়াৰ প্ৰস্তাৱ লৈছিল। কিন্তু এই ক্ষেত্ৰত আজিলৈ কোনো পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত নহ’ল।

উল্লেখ্য যে কোচ ৰাজবংশীসকলৰ সমস্যা সমূহ সমাধানৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে কৰি অহা চৰম অৱহেলাৰ বাবে আক্ৰাছুৱে পুনৰ আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰাৰ সিদ্ধান্ত লয়। ‘আমি আৰু আলোচনালৈ অপেক্ষা নকৰো। দীৰ্ঘদিন স্থগিত ৰখা আন্দোলন পুনৰ আৰম্ভ কৰিম’। এইদৰে আক্ৰাছুৰ নেতাদ্বয়ে জানিব দিয়ে।

ইফালে আক্ৰাছু, আক্ৰামস আৰু চিলাৰায় সেনাৰ সিদ্ধান্ত মৰ্মে আগন্তুক পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থীক ভোট নিদিবলৈ উক্ত সংগঠন তিনিটাৰ তৰফৰ পৰা কোচ ৰাজবংশীৰ লগতে অসমবাসী ৰাইজক আহ্বান জনায়।

আনহাতে উক্ত সংবাদমেলত সংগঠনটোৱে আন্দোলন কাৰ্যসূচীৰ বিষয়েও সদৰী কৰে। সংগঠনটোৱে গ্ৰহণ কৰা কাৰ্যসূচী অনুসৰি অহা ১৪ নৱেম্বৰত জিলাই জিলাই মুখ্য মন্ত্ৰী আৰু প্ৰধান মন্ত্ৰীৰ পুত্তলিকা দাহ, ২০ নৱেম্বৰত গুৱাহাটীত ৰাইজমেল, ২২ নৱেম্বৰত বাইক ৰেলী আৰু নাগৰিক সভা আৰু ১৯ ডিচেম্বৰত অনিৰ্দ্দিষ্টকালীন ঘাইপথ অৱৰোধ কাৰ্যসূচী।