NORTHEAST NOW (Assamese)

ৰ’দত ওলালেই মূৰৰ বিষ হয় নেকি? তেন্তে জানি লওঁক এইকেইটা কথা

April 21, 2023 4:44 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: April 21, 2023 9:27 pm

এইবাৰ এপ্ৰিল মাহতেই তীব্ৰ গৰমে জ্বলাকলা খুৱাইছে ৰাইজক। বতৰ বিজ্ঞান বিভাগৰ পূৰ্বাভাস অনুসৰি আগন্তুক দিনত এই তাপ আৰু অধিক বৃদ্ধি পাব। গৰম বৃদ্ধি হোৱাৰ লগে লগে বিভিন্ন সমস্যাই শৰীৰত আক্ৰমণ কৰিব।

অত্যধিক গৰম আৰু তীব্ৰ ৰ’দে মূৰৰ বিষৰ সমস্যা অধিক ভয়াৱহ কৰি তোলে। ঘৰতে থাকিলে কিছু পৰিমাণে এই সমস্যাৰ পৰা হাত সাৰিব পাৰি। কিন্তু যিসকলে প্ৰতিদিনে ৰ’দত ওলাই যাব লগা হয়, তেওঁলোকে মূৰৰ বিষৰ সমস্যাত অধিক কষ্ট পায়।

ইয়াৰ বাহিৰেও গৰমৰ বাবে টোপনিৰ অভাৱ, মানসিক চাপ বৃদ্ধি, শৰীৰত পানীৰ অভাৱ আদি কাৰণৰ বাবেই মূলতঃ মূৰৰ বিষ হয়। এই দৰে হোৱা মূৰৰ বিষৰ পৰা ঘৰুৱা উপায়েৰেও সকাহ পাব পাৰি। গতিকে জানো আহকচোন গৰমত কেনেদৰে মূৰৰ বিষৰ পৰা বাচি থাকিব পাৰি

) গ্ৰীষ্মকালত শৰীৰত পানীৰ পৰিমাণ কমি যায়। পানীৰ অভাৱত বিভিন্ন শাৰীৰিক সমস্যাই শৰীৰত বাহ সাজে। মূৰৰ বিষ এনেকুৱা এটা সমস্যা। গতিকে মূৰৰ বিষৰ পৰা হাত সাৰিবলৈ অধিক পানী খোৱাটো প্ৰয়োজনীয়। গোটেই দিনটোত ৮১০ গিলাচ পানী খোৱাটো জৰুৰী। মূৰৰ বিষ আৰম্ভ হ’লে পানী সেৱন বৃদ্ধি কৰিব লাগে। ইয়াৰ ফলত বিষ কমিব।

) মূৰৰ বিষ আৰম্ভ হোৱাৰ লগে লগে কামৰ পৰা বিৰতি লওক। পৰাপক্ষত চকু মুদি আন্ধাৰ কোঠা এটাত বহক। চকু দুটা মুদি আধা ঘণ্টা জিৰণি লওক। এই সময়ত মোবাইল বা টিভি নাচাব। ইয়াৰ ফলত বিষ আৰু বেছি হ’ব পাৰে।

) সুগন্ধি, ধূপ বা ৰুম ফ্ৰেছনাৰৰ প্ৰবল গোন্ধেও মূৰৰ বিষৰ সৃষ্টি কৰিব পাৰে। মূৰৰ বিষৰ সময়ত এনে প্ৰবল গোন্ধৰ পৰা আঁতৰি থাকক। লগতে এই সময়ত চাবোন, মইশ্ব’ৰাইজাৰ আদিৰ গোন্ধ পৰিহাৰ কৰিব লাগে। প্ৰয়োজন হ’লে যিকোনো আৱশ্যকীয় তেল ব্যৱহাৰ কৰিব পাৰে। আপুনি সকাহ পাব।

) সঘনাই হোৱা মূৰৰ বিষৰ পৰা হাত সাৰিবলৈ ফিটনেছ ট্ৰেইনাৰৰ পৰামৰ্শ লওক। ব্যায়ামৰ অভাৱৰ বাবে প্ৰায়ে এনে হয়। গতিকে সুস্থ হৈ থাকিবলৈ নিয়মীয়া ব্যায়ামৰ ওপৰত গুৰুত্ব দিব। ইয়াৰ উপৰিও মূৰৰ বিষৰ পৰা উপশম পাবলৈ কিছুমান বিশেষ ব্যায়াম আছে। ইয়াৰ উপৰিও দৈনিক ব্যায়ামে মূৰৰ বিষকে ধৰি বিভিন্ন শাৰীৰিক সমস্যাৰ পৰা উপশম ঘটায়।

) বহুতে মূৰৰ বিষ হ’লে চাহ বা কফিৰ ওপৰত নিৰ্ভৰ কৰে। বহুতে বিশ্বাস কৰে যে চাহ বা কফি খালে মূৰৰ বিষ ভাল হয়। আচলতে কফিত থকা কেফেইনে স্নায়ুক উদ্দীপিত কৰে, যাৰ ফলত বিষ কমোৱা যেন লাগে। সেই ধাৰণাটো ভুল। ইয়াৰ বিপৰীতে কেফেইনে মূৰৰ বিষ বঢ়াইহে তুলিব পাৰে। গতিকে মূৰৰ বিষৰ পৰা সোনকালে পৰিত্ৰাণ পাবলৈ কফিৰ পৰা আঁতৰি থাকক।

Related News