HIV infection during pregnancy: গৰ্ভাৱস্থাত এইচ আই ভি সংক্ৰমণ কেনেকৈ হয় জানেনে?

HIV in pregnancy

এগৰাকী মাতৃৰ পৰা সন্তানলৈ এইচ আই ভি সংক্ৰমণ হোৱাৰ বহুতো কাৰক থাকে। তাৰেই ভিতৰত কিছু কাৰক হৈছে:

১) মাতৃৰ শৰীৰত থকা এইচ আই ভি বীজাণু, মাতৃগৰাকীৰ গাত দেখা দিয়া আন যৌন সংক্ৰামক ৰোগ, অসুৰক্ষিত যৌনাভ্যাস, মাতৃৰ বেমাৰ প্ৰতিৰোধী ক্ষমতা, পHIVৰিপুষ্টি, ধূমপান তথা মদ খোৱাৰ অভ্যাস, নিচাযুক্ত ঔষধ ব্যৱহাৰকাৰী, মাতৃৰ যৌনাংগত থকা ভাইৰাছৰ পৰিমাণ আদিৰ ওপৰত নিৰ্ভৰ কৰে।

যিমানে মাতৃগৰাকীৰ শৰীৰত ভাইৰাছৰ পৰিমাণ বেছিকৈ থাকে, সিমানে শিশুটিলৈ এই ভাইৰাছ বিয়পাৰ সম্ভাৱনা বৃদ্ধি পায়।

২) স্বাভাৱিক প্ৰসৱ বা অস্ত্ৰোপচাৰ বা ছিজাৰিয়ান অস্ত্ৰোপচাৰ, সকলোতে শিশু এটি এইচ আই ভিত আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে।

৩) শিশুটিৰ বংশগত গাঁথনি, জন্মৰ সময়, শিশুটিৰ ৰোগ প্ৰতিৰোধী ক্ষমতা, মাকৰ দুগ্ধপান আদিৰ ওপৰত নিৰ্ভৰ কৰে শিশুটিৰ সংক্ৰমণৰ প্ৰৱণতা। এইডছ আক্ৰান্ত মাতৃয়ে দুগ্ধ পান কৰালে শিশুটি এইডছৰ দ্বাৰা আক্ৰান্ত হ’ব পাৰে।

৪) মাকৰ পৰা শিশুটিলৈ গৰ্ভাৱস্থাৰ বিভিন্ন সময়ত হোৱা সংক্ৰমণৰ পৰিসংখ্যা এনেধৰণৰ-গৰ্ভাৱস্থাৰ ৩৬ সপ্তাহৰ আগলৈ ২০ শতাংশ, প্ৰসৱৰ সময়ত ৫০ শতাংশ আৰু দুগ্ধপানৰ দ্বাৰা ৩০ শতাংশ।

ৰোগৰ লক্ষণসমূহৰ বিষয়ে জানো আহক:-

এইচ আই ভিৰ দ্বাৰা আক্ৰান্ত মহিলা এগৰাকীৰ ৰোগ প্ৰতিৰোধী ব্যৱস্থাটো প্ৰায় অকামিলা হৈ পৰে। ইয়াৰ ফলত সাধাৰণ অৱস্থাত সুপ্তপ্ৰায় হৈ থকা বেমাৰৰ বীজাণুবোৰ সক্ৰিয় হৈ পৰে আৰু মানুহগৰাকীক আক্ৰমণ কৰে।

ইয়াৰ ফলত মানুহগৰাকীক বিভিন্ন ৰোগে হেঁচি ধৰি কোঙা কৰি পেলায়। প্ৰথমাৱস্থাত জ্বৰ, গাৰ বিষ, মূৰৰ বিষ, ডিঙিৰ বিষ আদি সৰু-সুৰা লক্ষণবোৰে দেখা দিয়ে। লাহে লাহে শৰীৰত থকা গ্ৰন্থিসমূহ বাঢ়িবলৈ ধৰে। গাঁত ৰঙা ৰঙা গুটি ওলায়। প্ৰথমাৱস্থাত ভাইৰাছৰ দ্বাৰা সংক্ৰমিত মহিলাগৰাকীৰ কোনো লক্ষণে দেখা নিদিব পাৰে।

লাহে লাহে সকলো লক্ষণে দেখা দিয়ে। যক্ষ্মা, কৰ্কট ৰোগ, যেনে জৰায়ুৰ কৰ্কট ৰোগ, কেপ’ছিছ ছাৰক’মা, লিমফ’মা আদি ৰোগৰ আৱিৰ্ভাৱ ঘটে। ওজন কমে। গোটেই গাৰ গ্ৰন্থিবোৰ বাঢ়ি যায়, পনীয়া শৌচ হয়। দীঘলীয়া সময়জুৰি হোৱা পনীয়া শৌচ আদি কেতবোৰ লক্ষণ।

চিকিৎসা সম্পৰ্কে কিছু জানিব লগীয়া কথা:-

গৰ্ভৱতী মহিলাৰ চিকিৎসাৰ মূল লক্ষ্য হ’ল- এইচ আই ভি সংক্ৰমণ প্ৰতিৰোধ কৰা। অপ্ৰয়োজনীয় গৰ্ভাৱস্থা ৰোধ কৰা, মাকৰ পৰা শিশুটিলৈ হোৱা সংক্ৰমণ ৰোধ কৰা আৰু এইচ আই ভি সংক্ৰমিত মহিলাগৰাকীৰ লগতে শিশু আৰু পৰিয়ালৰ আন লোকসকলৰ যত্ন তথা চিকিৎসা কৰা।

এতিয়া জানো আহক গৰ্ভাৱস্থাৰ সময়ত লোৱা যতন সমূহৰ কথালৈ:-

১) এইচ আই ভি সংক্ৰমিত গৰ্ভৱতী মহিলা এগৰাকীৰ চিকিৎসা স্ত্ৰী ৰোগ বিশেষজ্ঞ তথা ভেষজ বিশেষজ্ঞ, মানসিক ৰোগ বিশেষজ্ঞ আৰু পৰামৰ্শদাতা মিলি কৰা হয়।

২) সাধাৰণ স্বাস্থ্য পৰীক্ষা কৰি কিবা ইনফেকচন থাকিলে চিকিৎসা কৰি সুস্থ কৰি তোলা হয়। পুষ্টিহীনতাত ভোগা মহিলাৰ স্বাস্থ্য পুষ্টিকৰ খাদ্যৰে সুস্থ কৰি তোলা হয়।

৩) মহিলাগৰাকীক গৰ্ভপাতৰ বিষয়ে বুজোৱা হয়, সন্মত হ’লে সকলো সাৱধানতা অৱলম্বন কৰি গৰ্ভপাত কৰোৱা হয়।

৪) গৰ্ভাৱস্থা ৰাখিব বিচাৰিলে, মহিলাগৰাকীৰ তেজৰ সকলো পৰীক্ষা তথা আল্ট্ৰাছাউণ্ড কৰি গৰ্ভস্থ শিশুটিৰ সুস্থতা নিৰুপণ কৰা হয়।

৫) এইচ আই ভিৰ ঔষধ সাধাৰণতে তিনি প্ৰকাৰৰ। উদাহৰণস্বৰুপে যিড’ভিউডিন, নেভিৰেপিন, টেন’ফ’ভিৰ, লোম ভিউডিন, ইফা ভিৰেঞ্জ আদি। ইয়াৰে তিনিবিধ ঔষধ গৰ্ভাৱস্থাৰ সময়ত আৰম্ভ কৰা হয়।