NORTHEAST NOW (Assamese)

আপুনি দ্য গ্ৰেট খালীৰ পত্নীক চিনি পায়নে? জানো আহক খালীৰ সুন্দৰী স্ত্ৰীক

January 25, 2025 7:25 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: January 25, 2025 8:30 am

দ্য গ্ৰেট খালীক কোনেনো নাজানে! ভাৰততেই নহয়, সমগ্ৰ বিশ্বতেই খ্যাতি আছে খালীৰ। এই ৭ ফুট ১ ইঞ্চি ওখ তথা প্ৰকাণ্ড শৰীৰৰ অধিকাৰী খালী ভাৰতৰ গৌৰৱ। সমগ্ৰ বিশ্বৰ মল্লযুঁজাৰুসকলৰ বাবে তেওঁ এক আতংক।

এই দ্য গ্ৰেট খালীয়ে কাক বিয়া কৰালে জানেনে? গ্ৰেট খালী বিবাহিত আৰু এজন পুত্ৰ আৰু এগৰাকী কন্যা সন্তান আছে। আজি আপোনালোকক চিনাকি কৰাই দিম খালীৰ ধুনীয়া পত্নীৰ সৈতে।

খালীৰ পত্নীৰ নাম হৰমিন্দৰ কৌৰ। ১৯৭২ চনৰ ১২ জানুৱাৰীত পাঞ্জাবী পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। দিল্লীৰ পৰাই স্কুল-কলেজীয়া পঢ়া-শুনা সম্পূৰ্ণ কৰিছিল। দিল্লী বিশ্ববিদ্যালয়ৰ পৰা স্পেনিছ ভাষাত ডিপ্লমা লাভ কৰিছে তেওঁ। কেৱল সেয়াই নহয়, তেওঁ বিদেশৰ পৰাও স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে। খালীয়ে যেনেকৈ মল্লযুঁজৰ জগতখনত ইটোৰ পিছত সিটো সফলতা লাভ কৰিছে, পত্নীয়েও পঢ়া-শুনাত ইটোৰ পিছত সিটো ডিগ্ৰী লাভ কৰিছে।

যেতিয়া খালীৰ লগত হাৰমিন্দৰৰ বিয়াৰ কথা আহিল, তেতিয়া দুয়োজনে নিজৰ কেৰিয়াৰ গঢ়ি তুলিছিল। নিজৰ কেৰিয়াৰৰ প্ৰতি থকা উৎসাহ দেখি তেওঁলোকে কাৰ্যতঃ ইজনে সিজনক ভাল পাইছিল। ২০০২ চনত তেওঁলোকৰ বিবাহ হয়। বিয়াৰ পিছত খালীৰ কেৰিয়াৰে আৰু অগ্ৰগতি লাভ কৰে। এই ক্ষেত্ৰত তেওঁৰ পত্নীক সদায় কাষত আছিল।

স্বামী ইমান ডাঙৰ চেলিব্ৰিটি হোৱাৰ পিছতো পত্নীয়ে কেমেৰাৰ পৰা আঁতৰি থকাটো পছন্দ কৰে। ২০১৪ চনত তেওঁলোকৰ এগৰাকী কন্যা সন্তান জন্ম হৈছিল। তেওঁলোকৰ কন্যাৰ নাম ৰাখিলে ইভেলিন ৰানা। ২০২২ চনত তেওঁলোকৰ পৰিয়ালত এটি সুন্দৰ পুত্ৰৰ জন্ম হয়। তেওঁলোকৰ পুত্ৰৰ নাম সম্ৰাট ৰাণা ৰাখিলে। পত্নী আৰু সন্তানৰ সৈতে তেওঁৰ এটা সুখী পৰিয়াল আছে।

Related News