প্ৰতিদিনে, প্ৰতিটো ক্ষণওতে সমগ্ৰ বিশ্বত গুগল চাৰ্জ কৰা হয়। গুগলত সকলো বিষয় সম্পৰ্কেই তথ্য পোৱা যায়। প্ৰত্যেকখন দেশৰ সংস্কৃতি, ভাষা, খেল, চিনেমা আদিৰ লগতে কোনোবা এখন ঠাইত ভাল খাদ্য ক’ত পোৱা যায় তাৰ পৰ্যন্ত গুগলে কৈ দিব পাৰে।
২০২৪ চনত গুগলত আটাইতকৈ বেছিকৈ সন্ধান কৰা বিষয়কেইটা কি আপুনি জানেনে?
মঙলবাৰে গুগলে এই বছৰত সৰ্বাধিক সন্ধান কৰা গুগলৰ সন্ধানৰ তালিকা প্ৰকাশ কৰে।
ইয়াত সংগীত, চিনেমা, টিভি শ্ব’, ক্ৰীড়া, বাণিজ্য জগত, পৰ্যটন, হোটেল আৰু পানীয় আদি সকলো বিষয়ৰ সন্ধান তালিকা প্ৰকাশ কৰা হৈছে।
উল্লেখ্য যে শ্ব’ৰ শিতানত শীৰ্ষ ট্ৰেণ্ডিং চাৰ্চত শীৰ্ষস্থান দখল কৰিছে সঞ্জয় লীলা ভাঞ্চালীৰ হিৰমণ্ডীয়ে। একে সময়তে এই অ’টিটি ছিৰিজত ব্যৱহৃত তাবাইফ শব্দটোও বিশ্বজুৰি সন্ধান তালিকাৰ শীৰ্ষত আছে।
গুগলৰ ইয়েৰ ইন চাৰ্চ ৰিপৰ্টত দেশবাসীৰ বিভিন্ন ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানৰ প্ৰতি আগ্ৰহ আৰু কৌতুহল প্ৰকাশ পাইছে।
শ্ৰী ২ৰ দৰে হৰৰ-কমেডীৰ পৰা আৰম্ভ কৰি সমাজ সচেতন ছবি টুৱেলভ ফেইলছলৈকে সৰু পৰ্দাৰ হিৰমণ্ডি আৰু মিৰ্জাপুৰ চাৰ্চৰ আগস্থানত আছে।
ইয়াৰ লগতে আন্তঃৰাষ্ট্ৰীয় জনপ্ৰিয় দ্য লাষ্ট অৱ ইউ এছ আৰু কোৰিয়ান নাটক কুইন অৱ টিয়াৰ্ছৰ সন্ধান বৃদ্ধি পাইছে।
ভাৰতীয়সকল ক্ৰীড়াক লৈ পাগল। ক্ৰীড়াৰ ক্ষেত্ৰত আই পি এল, প্ৰ’ কাবাডী লীগ আৰু আই এছ এলৰ বিষয়ে ভাৰতত সৰ্বাধিক গুগল সন্ধান কৰা হৈছে।
আনহাতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পেৰিছ অলিম্পিকৰ বিষয়ে আটাইতকৈ বেছিকৈ গুগলত সন্ধান কৰা হৈছে।
এইবাৰ ভাৰতীয়সকল বিদেশ ভ্ৰমণৰ প্ৰতি অধিক আগ্ৰহী আছিল। উদাহৰণস্বৰূপে আজাৰবাইজান আৰু বালি দ্বীপৰ পৰ্যটনৰ বিষয়ে ভাৰতীয় সকলে গুগলক প্ৰশ্ন সুধিছে। ঘৰুৱা পৰ্যটনৰ ক্ষেত্ৰত মানালী আৰু জয়পুৰৰ সন্ধানে শীৰ্ষস্থান দখল কৰিছে।
ভাৰতীয় জনতা পাৰ্টি, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, লোকসভা নিৰ্বাচনৰ ফলাফল, কংগ্ৰেছ পাৰ্টি আাৰু ৰাহুল গান্ধী ৰাজনীতি বিষয়ক সন্ধানৰ শীৰ্ষত আছিল।
লগতে তাপ প্ৰবাহ, বায়ু প্ৰদূষণৰ জোখ-মাখ, দিল্লীৰ একিউআই, ৰতন টাটাৰ মৃত্যু আদিও সন্ধান তালিকাৰ শীৰ্ষতেই আছে।