নগদ ধনৰ লেনদেন লাহে লাহে অতীত হ’বলৈ গৈ আছে। আজিকালি সকলোৱেই অনলাইনযোগেই ধন পৰিশোধ কৰে। ঘৰ ভাড়াৰ পৰা কাৰেন্টৰ বিললৈকে, গেলামালৰ দোকানৰ পৰা মাছ-মঙহলৈকে সকলোতে উপলব্ধি QR কোড।
QR কোডত লেনদেন কৰাটো তেনেই সহজ। তাত নাথাকে খুচুৰা ঘূৰাই দিয়াৰ সমস্যা। চিধাই টকা বেংকত সোমাইগৈ। গতিকে সকলোৱে এইদৰেই লেনদেন কৰিবলৈ ভাল পায়।
কিন্তু ধনৰ অনলাইন লেনদেন যিমানেই বাঢ়িছে সিমানেই ৰিস্ক-ও বাঢ়িছে। অনলাইন অপৰাধীয়ে আজিকালি বেংকৰ টকা অনলাইনযোগে হৰলুকি কৰা ঘটনা তেনেই সুলভ হৈ পৰিছে।
অনলাইন পেমেন্টৰ দ্বাৰাই এনেদৰে একাউণ্টৰ ধন চুৰি কৰাৰ বহু ঘটনা পোহৰলৈ আহিছে।
এই সমস্যাৰ পৰা কেনেকৈ হাত সাৰিব পাৰি জানো আহক –
১. QR কোড স্কেন কৰাৰ পৰিৱৰ্তে মোবাইল নম্বৰ বা UPI ID ব্যৱহাৰ কৰি পেমেণ্ট কৰিবলৈ চেষ্টা কৰক। তুলনামূলকভাৱে ই অধিক সুৰক্ষিত।
২. যি একাউণ্টৰ পৰা আপুনি অনলাইন পেমেণ্ট কৰে সেই একাউণ্টত কম পৰিমাণৰ টকা ৰাখিবলৈ চেষ্টা কৰক। ফলত সাৱধানতা অৱলম্বন কৰিও কেনেবাকৈ প্ৰৱঞ্চকৰ জালত পৰিলেও আপুনি বেছি টকা হেৰুৱাব নালাগিব। ৩. যদি হঠাতে কোনো অচিনাকি মানুহে লিংক পঠায়। ইয়াৰ বাবে ধন দিয়াৰ আগতে ভালদৰে পৰীক্ষা কৰক। এনে লিংকত প্ৰায়ে বিভিন্ন ভুল বানান থাকে। ফলত আপুনি নজনা কোনোবাই পঠোৱা লিংক এটাৰ বাবে ধন দিয়াৰ আগতে অলপ সাৱধান হ’লে প্ৰৱঞ্চকৰ পৰা নিজকে ৰক্ষা কৰিব পাৰিব।