১০ হাজাৰ টকা উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত ডবকা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া

দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল হোজাই জিলাৰ ডবকা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিলোৎপল ভূঞা। বৃহস্পতিবাৰে নিশা দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাই এজন যুৱকৰ পৰা ১০ হাজাৰ টকা উৎকোচ লোৱাৰ বাবে ভাৰপ্ৰাপ্ত বিষয়াগৰাকীক আটক কৰে।

লগতে অভিযানকাৰী দলটোৱে আৰক্ষী বিষয়াজনৰ গাড়ীৰ পৰা এটা বন্ধ খামত থকা নগদ ধনো জব্দ কৰে।

জানিব পৰা মতে ডবকা আৰক্ষী থানাৰ অন্তৰ্গত চাংমাজি গাঁৱৰ আৰিফ উদ্দিন নামৰ এজন যুৱকৰ নামত ৰুজো হোৱা গোচৰৰ বিনিময়ত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীয়ে যুৱকজনৰ পৰা ১০ হাজাৰ টকা বিচাৰিছিল।

লগতে ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে যুৱকজনক ধন নিদিলে গ্ৰেপ্তাৰ কৰি জে’ললৈও প্ৰেৰণ কৰাৰ ভাবুকি দিছিল।

কিন্তু যুৱকজনে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীক ধন দিবলৈ অমান্তি হয় আৰু এই বিষয় সন্দৰ্ভত দুৰ্নীতি নিবাৰক শাখাৰ কাষ চাপে।

দুৰ্নীতি নিবাৰক শাখাৰ এজন উপ অধীক্ষকৰ নেতৃত্বত অহা এটি দলে আৰিফ উদ্দিনক ৰাসায়নিক পদাৰ্থ মিহলি টকাৰ এটি বন্ধ খাম আৰক্ষী বিষয়াক নিলোৎপল ভূঞাক দিবলৈ কয়।

সেইমতে যুৱকজনে টকাৰ খামটো আৰক্ষী বিষয়া নিলোৎপল ভূঞাক দিয়ে। ইফালে সেই সময়তে দুৰ্নীতি নিবাৰক শাখাৰ এটা দল আহি আৰক্ষী বিষয়া গৰাকীৰ কোঠাত প্ৰৱেশ কৰি তালাচী চলায়।

অভিযানকাৰী দলটোৱে কোঠাত একো নোপোৱাত আৰক্ষী বিষয়াগৰাকীৰ বাহনত তালাচী চলাই তাৰ পৰা নগদ ধনৰ খামটো উদ্ধাৰ কৰি জব্দ কৰে।

ইয়াৰ পিছতে আৰক্ষী বিষয়াগৰাকীক দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে মাৰাথান জেৰা চলায় আৰু পিছত গ্ৰেপ্তাৰ কৰি গুৱাহাটীলৈ লৈ যায়।