অপাৰেইশ্যন আধা কৰি পেট ফলা অৱস্থাতে ৰোগীক এৰি পলাল ডাক্তৰ!! মানুহৰ জীৱনক লৈ হেতালি যোৰহাটৰ নাৰ্ছিং হোমৰ

Rupa kalita

চিকিৎসালয়ৰ বিছনাত আধা অপাৰেইশ্যন কৰা অৱস্থাত ৰূপা কলিতা।

ব্যৱসায়ৰ নামত ৰোগীৰ জীৱনক লৈ হেতালি খেলা ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ এটা শেহতীয়া নমুনা হ’ল যোৰহাটৰ কে জি নাৰ্ছিং হোম। চিকিৎসালয়খনত কালি, অৰ্থাৎ ১৬ আগষ্টত সংঘটিত হৈছে এক ভয়ংকৰ কাণ্ড।

যোৰহাট চহৰৰ মাজমজিয়াত থকা ব্যক্তিগত খণ্ডৰ এই চিকিৎসালয়খনৰ কৰ্তৃপক্ষই অনুপযুক্ত তথা অদক্ষ চিকিৎসকৰ হতুৱাই ৰোগীৰ চিকিৎসা কৰোৱাই ৰোগীৰ জীৱনলৈ নমাই আনিছে প্ৰাণৰ সংশয়।

উল্লেখযোগ্য যে চিকিৎসালয়খনত কালি পেটৰ বিষৰ কাৰণে ৰূপা কলিতা নামৰ এগৰাকী ৰোগী ভৰ্তি হৈছিল। চিকিৎসক ডাঃ সিদ্ধাৰ্থ বুঢ়াগোহাঁয়ে দিনৰ ১ বজাত ৰোগীগৰাকীৰ অপাৰেইশ্যন কৰিবলৈ লয়। কিন্তু অস্ত্ৰোপচাৰৰ বাবে পেট ফালিও পিছত তেওঁ ‘ইমান জটিল অস্ত্ৰোপচাৰ কৰিব নোৱাৰো’ বুলি জানিবলৈ দি ৰোগীগৰাকীক বাহিৰলৈ নিবলৈ পৰিয়ালক অনুৰোধ কৰে। তাৰ পিছতে তেওঁ ৰোগীৰ কটা অংশ চিলাই কৰি ৰোগীক তাতে এৰি চিকিৎসালয়খনৰ পৰা পলায়ন কৰে।

ভুক্তভোগী ৰোগী ৰূপা কলিতাৰ পৰিয়ালে দিয়া এজাহাৰখন।

এই ঘটনাত ৰোগীৰ পৰিয়ালত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টিৰ লগতে চিকিৎসালয়খনত থকা আন আন ৰোগী তথা তেওঁলোকৰ আত্মীয়ৰ মাজতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে।

জানিব পৰামতে, ডাঃ সিদ্ধাৰ্থ বুঢ়াগোহাঁয়ে তাৰ পিছতে ৰোগীগৰাকীৰ প্ৰতি সামান্যও দায়িত্ব প্ৰদৰ্শন নকৰাকৈয়ে তেওঁৰ বৰুৱা চাৰি আলিস্থিত নিজৰ চেম্বাৰত ৰোগী চাই থাকেগৈ।

ঘটনাৰ বিষয়ে জানিব পাৰি জিলা উপায়ুক্তই চিকিৎসকজনক মতাই আনি তেওঁৰ স্বীকাৰোক্তি লিপিবদ্ধ কৰায়। তেওঁ নিজৰ অসমৰ্থতাৰ কথা স্বীকাৰ কৰে।

ইতিমধ্যে এই সন্দৰ্ভত ভুক্তভোগীৰ পৰিয়ালে চিকিৎসালয়খন আৰু চিকিৎসক ডাঃ সিদ্ধাৰ্থ বুঢ়াগোহাঁইৰ নাম সন্নিৱিষ্ট কৰি যোৰহাট সদৰ থানাত এখন এজাহাৰ দাখিল কৰিছে।

এজাহাৰত উল্লেখ কৰা মতে, ৰোগীগৰাকীৰ অপাৰেইশ্যনৰ পূৰ্বে ভালকৈ পৰীক্ষাও কৰা নাছিল। ভৰ্তি হোৱা লগে লগেই অপাৰেইশ্যন কৰা হৈছিল। পিছত আধাতে অপাৰেইশ্যন এৰি পলায়ন কৰিছিল চিকিৎসকজনে।

শেহতীয়াকৈ জানিব পৰামতে, দৰিদ্ৰ পৰিয়ালৰ ৰোগীগৰাকীক চিকিৎসালয় কৰ্তৃপক্ষই যোগাৰ কৰি দিয়া এখন এম্বুলেন্সেৰে আজি গুহাৱাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ আনি থকা হৈছে।

জানিব পৰামতে চিকিৎসক ডাঃ সিদ্ধাৰ্থ বুঢ়াগোহাঁই পূৰ্বে যোৰহাট মেডিকেল কলেজ হস্পিটেলৰ পৰা নিলম্বিত হৈছিল।