কৰ’নাৰ ভয়ত কোনোৱে স্পৰ্শ নকৰা দুৰ্ঘটনাত আহত যুৱকক চিকিৎসক-বিধায়িকাৰ সহায়

WhatsApp Image 2020-08-08 at 10.20.04 AM

কৰ’না ভাইৰাছৰ সংক্ৰমণৰ ভয়ত সম্প্ৰতি কোনোৱে আনক সহায় কৰিবলৈয়ো শংকিত হৈ পৰে। আনকি পথ দুৰ্ঘটনাত আহত হৈ পৰি থকা লোককো সহায় কৰিবলৈ আগবাঢ়ি নহা হৈছে।

অন্ধ্ৰ প্ৰদেশৰ গুন্টুৰ জিলাৰ ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত পতিত হোৱা এজন ব্যক্তিৰ সৈতে এনে এক ঘটনাই সংঘটিত হৈছে।

কিন্তু সেই অসহায় ব্যক্তিৰ সহায়ৰ বাবে আগবাঢ়ি আহে এগৰাকী মহিলা বিধায়ক। বিধায়কগৰাকী নিজেও এগৰাকী চিকিৎসক।

বাতৰি অনুসৰি, গুন্টুৰৰ পৰা নিজৰ বাইকেৰে পিডুগুৰালালৈ গৈ থকা এজন যুৱকৰ বৃহস্পতিবাৰে পুৱাই এখন ট্ৰাকৰ সৈতে সংঘৰ্ষ হয়।

দুৰ্ঘটনাত যুৱকজন বাগৰি পৰে আৰু বেয়াকৈ আহত হয়। বহু সময়লৈকে পথত বাগৰি থকা সত্তেও তেওঁক সহায় কৰিবলৈ কোনো আগবাঢ়ি নাহিল।

কৰ’না ভাইৰাছৰ সংক্ৰমণৰ ভয়তে সকলোৱে যুৱকজনৰ পৰা আঁতৰি গুচি আহিল।

ইয়াৰ মাজতে অন্ধ্ৰ প্ৰদেশৰ শাসনাধীষ্ঠ দলৰ বিধায়িকা শ্ৰীদেৱীয়ে তেওঁৰ কনভয়ৰে সৈতে সেই পথেৰে গৈ আছিল। তেওঁ আহত হৈ পৰি থকা যুৱকজনক দেখা পালে আৰু লগে লগে কনভয় ৰখাই নামি গ’ল।

বিধায়িকাগৰাকীয়ে আৰক্ষীক খৱৰ দিয়াৰ লগতে ততাতয়াকৈ যুৱকজনক দৰৱপাতিৰ লগতে বেণ্ডেজ আদি দি প্ৰাথমিক চিকিৎসা আগবঢ়ায়।

শ্ৰীদেৱী অন্ধ্ৰ প্ৰদেশৰ তাডীকোণ্ডা বিধান সভা সমষ্টিৰ পৰা বিধায়ক নিৰ্বাচিত হৈছে। তদুপৰি তেওঁ নিজেই এগৰাকী চিকিৎসকো।

কৰ’নাৰ ভয়তে কোনেও সহায় কৰিবলৈ আগবাঢ়ি নোযোৱা যুৱকজনক প্ৰথমিক চিকিৎসা প্ৰদান কৰা বিধায়িকাগৰাকীয়ে কয় যে কৰ’নাৰ ভয়ত কাৰোবাক সহায় নকৰাটো ভাল কথা নহয়।

বিধায়িকাগৰাকীয়ে ফোন কৰাৰ পাছতে আৰক্ষী আহি তাত উপস্থিতি হয় আৰু চিকিৎসক বিধায়িকাগৰাকীয়ে প্ৰাথমিক চিকিৎসা প্ৰদান কৰা আহত যুৱকজনক লৈ গৈ হাস্পাতলত ভৰ্তি কৰায়।

বিধায়িকাগৰাকীৰ এই কাৰ্য ছচিয়েল মিডিয়াত ব্যাপকৰূপত চৰ্চিত হৈ পৰিছে আৰু তেওঁৰ ফটো তথা ভিডিঅ’ও ভাইৰেল হৈ পৰিছে।