কোভিশ্বিল্ডৰ পাৰ্শ্ব-প্ৰতিক্ৰিয়াত উদ্বেগ! কেন্দ্ৰক সকলো কোভিড ভেকচিনৰ পুনৰীক্ষণৰ আৰ্জি চিকিৎসকৰ
বিশ্বব্যাপী ক’ৰ’না মহামাৰী প্ৰতিৰোধৰ একমাত্ৰ ভৰসা আছিল ভেকচিন। সেই কোভিড-১৯ ভেকচিন কোভিশ্বিল্ডতে বিৰল পাৰ্শ্বক্ৰিয়া! এষ্ট্ৰাজেনেকাৰ দ্বাৰা প্ৰস্তুত কৰা কোভিশ্বিল্ড ভেকচিন গ্ৰহণ কৰা সকলৰ এই খবৰ শুনি টোপনি হৰিছে। আৰু এষ্ট্ৰাজেনেকাই যেতিয়া এই অভিযোগৰ দায়িত্ব স্বীকাৰ কৰিলে, তেতিয়া সমগ্ৰ তোলপাৰ লাগিল। এই পৰিস্থিতিত চিকিৎসক সংগঠনে কেন্দ্ৰক অনুৰোধ জনাইছে যে সকলো কোভিড ভেকচিন পুনৰীক্ষণ কৰক।
‘এওৱেকেন ইণ্ডিয়া মুভমেন্ট’ চিকিৎসকৰ এটা সংগঠন। এই সংগঠনটোৱে কেন্দ্ৰক সকলো কোভিড ভেকচিন পুনৰীক্ষণ কৰিবলৈ অনুৰোধ জনাইছে। সকলো কোভিড ভেকচিনৰ আঁৰৰ বিজ্ঞানৰ সত্যাসত্য নিৰূপণ কৰিবলৈ চিকিৎসক গোষ্ঠীটোৱে চৰকাৰক অনুৰোধ জনাইছে। সংস্থাটোৱে এই ভেকচিনৰ বাণিজ্যিকীকৰণৰ অডিটৰো আহ্বান জনাইছে।
সংস্থাটোৱে কোভিড ভেকচিনৰ ওপৰত কঠোৰ নিৰীক্ষণো বিচাৰিছে। চিকিৎসক গোষ্ঠীৰ মতে, এই ভেকচিনৰ উৎপাদন প্ৰক্ৰিয়াতো পৰ্যবেক্ষণ কৰি ভেকচিনৰ ক্ষতিকাৰক দিশ বিচাৰি উলিয়াব লাগে।
লগতে পঢ়কঃগুজৰাটৰ চিকিৎসা পৰীক্ষাত বৃহৎ দুৰ্নীতিৰ অভিযোগ; ১০ লাখ টকা দিলেই উত্তীৰ্ণ হ’ব NEET
কোভিশ্বিল্ডৰ ফলত থ্ৰম্ব’চাইট’পেনিয়া চিনড্ৰম বা TTS নামৰ এক বিৰল ৰোগ হ’ব পাৰে, যিটো অৱস্থাত শৰীৰত তেজ জমা হয় বা তেজ গোট মাৰে। এই পাৰ্শ্বক্ৰিয়াৰ ফলত হাৰ্ট এটেক হ’ব পাৰে। খবৰ ওলোৱাৰ লগে লগে ভেকচিন গ্ৰহণ কৰা সকল চিন্তিত হৈ পৰিছে। ভাৰতত কোভিশ্বিল্ড ভেকচিন প্ৰস্তুতৰ দায়িত্বত আছিল ছেৰাম ইনষ্টিটিউট। ইফালে, এষ্ট্ৰাজেনেকা আৰু চেৰামৰ বিৰুদ্ধেও উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু হৈছে।
যোৱা ৮ মে’ত এষ্ট্ৰাজেনেকাই বিশ্বজুৰি কোভিড ভেকচিন প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰিছিল। অৰ্থাৎ আৰু বজাৰত উপলব্ধ নহ’ব এষ্ট্ৰাজেনেকাৰ কৰ’না ভেকচিন। ভেকচিন প্ৰস্তুত কৰা কোম্পানীটোৱে এক বিবৃতি প্ৰকাশ কৰি কয় যে ক’ৰ’না ভেকচিন এতিয়া প্ৰস্তুত কৰা হোৱা নাই।
লগতে পঢ়কঃ IPL 2024: শুভমন-সুদৰ্শনৰ শতকেৰে দুৰ্দান্ত জয়! গুজৰাটৰ হাতত হাৰি কঠিন হ’ল চেন্নাইৰ প্লে অফৰ পথ
কোভিশ্বিল্ড আৰু ক’ভেক্সিনৰ টিকাকৰণ মূলতঃ ভাৰতত ক’ৰ’না কালত আৰম্ভ হৈছিল। অৱশ্যে বেছিভাগ মানুহেই ভাৰতৰ ছেৰাম ইনষ্টিটিউটে কোভিশ্বিল্ড নামেৰে প্ৰস্তুত কৰা এষ্ট্ৰাজেনেকাৰ ভেকচিন গ্ৰহণ কৰিছিল। ইফালে কোভিশ্বিল্ড বিতৰ্কৰ মাজতে ক’ভেক্সিনৰ কোনো পাৰ্শ্বক্ৰিয়া নাই বুলি ভাৰত বায়’টেকে ইতিমধ্যে এক বিবৃতিত প্ৰকাশ কৰিছে।