NORTHEAST NOW (Assamese)

পেৰিছত প্ৰদৰ্শিত হ’ব নিৰুদ্দিষ্ট কবি অৱনী চক্ৰৱৰ্তীৰ জীৱনৰ আধাৰত নিৰ্মিত ছবি

February 22, 2020 9:45 pm · প্ৰাঞ্জল দেউৰী
Updated: February 22, 2020 9:47 pm

অসমৰ নিৰুৰ্দ্দিষ্ট কবি অৱনী চক্ৰৱৰ্তীৰ জীৱনৰ আধাৰত নিৰ্মিত হৈছে এখন ছবি।

‘আই ড’ণ্ট ৱান্ট টু বি বৰ্ন এগেইন ফ’ৰ পয়েম’ শীৰ্ষক ছবিখন নিৰ্মাণ কৰি উলিয়াইছে গুৱাহাটীৰ ভাস্কৰজ্যোতি দাস আৰু ৱাৰীৱাম ডৰেন্দ্ৰই।

২২ মিনিটৰ এই ছবিখনে দেশৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

ছবিখন অহা ২৯ ফেব্ৰুৱাৰীত পেৰিছৰ বিশ্ববিশ্ৰুত ‘লুভাৰ মিউজিমত’ অনুষ্ঠিতব্য ‘ৰেনকণ্টাৰ্ছ ইন্টাৰ্নেশ্যচেল পেৰিছ/বাৰ্লিনত ছবি মহোৎসৱ’ত প্ৰতিযোগিতাৰ শাখাত প্ৰদৰ্শিত হ’ব। উল্লেখ্য যে বিশ্বৰ ১০১ দেশে অংশগ্ৰহণ কৰিবলগীয়া এই মহোৎসৱলৈ প্ৰায় ৫ হাজাৰখন ছবিৰ মাজৰ পৰা মাত্ৰ ৮০ খন ছবিহে প্ৰতিযোগিতা শিতানৰ বাবে বাবে নিৰ্বাচিত হৈছ।ছবিখনে ভাৰতক প্ৰতিনিধিত্ব কৰিব।

শিল্পৰ ভিন্ন দৃষ্টিকোণৰ সমাহাৰেৰে বিচিত্ৰ মাত্ৰা প্ৰদান কৰা ছবিক এই মহোৎসৱৰ বাবে নিৰ্বাচিত কৰা হয়।

উল্লেখ্য যে ‘আই ড’ণ্ট ৱান্ট টু বি বৰ্ন এগেইন ফ’ৰ পয়েম’ শীৰ্ষক ২২ মিনিট দৈৰ্ঘ্যৰ ছবিখন ‘লুভাৰ মিউজিয়াম’তে ৱৰ্ল্ড প্ৰিমিয়াৰ শ্ব’ কৰা হ’ব। এই বিখ্যাত ‘লুভাৰ মিউজিয়াম’তে লিঅ’নাৰ্দো ভিন্সিৰ বিশ্ব বিশ্ৰুত ‘মনালিছা’ সংৰক্ষণ কৰি ৰখা হৈছে।

ইফালে বিশ্বখ্যাত এই মহোৎসৱলৈ ছবিখন নিৰ্বাচিত হোৱাৰ বাবে ছবিখনৰ নিৰ্মাতাদ্বয় যথেষ্ট উৎফুল্লিত হোৱাৰ লগতে সন্মানিতবোধ কৰিছে।

নিৰ্মাতাদ্বয়ৰ ভাস্কৰজ্যোতি দাসে ইতিপূৰ্বে ‘হান্দুক’ আৰু ‘সোণাৰ বৰণ পাখী’ ছবিৰ চিত্ৰনাট্য প্ৰস্তুত কিৰিছিল আৰু ৱাৰীৱাম ডৰেন্দ্ৰ কেবাখনো তথ্যচিত্ৰ নিৰ্মাণ কৰি উলিয়াইছিল।

১৯৪১ চনত জন্মগ্ৰহণ কৰা অসমৰ প্ৰতিভাৱান কবি অৱনী চক্ৰৱৰ্তী ১৯৯৪ চনত নিৰুৰ্দ্দিষ্ট হৈছিল। অসমীয়া কবিতালৈ নতুন প্ৰৱাহ আনিবলৈ প্ৰয়াস কৰা কবিজনাৰ জীৱন তথা কৰ্মক নতুন সমপৰীক্ষাৰে ছবি নিৰ্মাতাদ্বয়ে তুলি ধৰিবলৈ প্ৰয়াস কৰিছে বুলি জানিবলৈ দিছে।

Related News