NORTHEAST NOW (Assamese)

আজমলৰ পত্নী ৭-৮টা সন্তান জন্ম দিবলৈ ৰাজিনে? সুব্ৰমনিয়ন স্বামীৰ প্ৰশ্ন

October 28, 2019 7:10 pm · এন ই নাও নিউজ
Updated: October 28, 2019 7:13 pm
সুব্ৰমনিয়ন স্বামী আৰু বদৰুদ্দিন আজমল

এ আই ইউ ডি এফৰ সভপাতি বদৰুদ্দিন আজমলে অসম চৰকাৰৰ দুটা সন্তানৰ নীতিক সমালোচনা কৰাৰ এদিন পিছতে জ্যেষ্ঠ বিজেপি নেতা সুব্ৰমনিয়ন স্বামীয়ে আজি আজমলক উভতি ধৰে।

আজমলৰ পত্নী তেওঁৰ চিন্তাৰ সৈতে একমত হয়নে বুলি প্ৰশ্ন কৰি স্বামীয়ে কয়, ‘৭-৮টা সন্তান জন্ম দিয়াৰ ক্ষেত্ৰত তেওঁৰ পত্নী বা পত্নীসকল একমত নে? নাৰীৰ মতৰো গুৰুত্ব আছে কাৰণ ৯ মাহ ধৰি তেওঁলোক পীড়া আৰু উৎকণ্ঠাৰ মাজেৰে যাব লাগে।‘

উল্লেখযোগ্য যে ২১ অক্টোবৰত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেটে দুটাতকৈ অধিক সন্তান থকা লোকক চৰকাৰী চাকৰিৰ বাবে আবেদন কৰিবলৈ দিয়া নহ’ব বুলি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে মন্তব্য কৰি দেওবাৰে বদৰুদ্দিন আজমলে কয়, ‘যিমান পাৰা সন্তান জন্ম দিয়া। ৰাজ্য চৰকাৰৰ দুটা সন্তানৰ নীতি ইছলামে নামানে। চৰকাৰে আমাক (মুছলমানক) এনেও চাকৰি নিদিয়ে। আমি আৰু চাকৰিৰ আশাও নকৰো।‘

‘এফালে আৰ এছ এছৰ প্ৰধান মোহন ভাগৱতে দহটাকৈ সন্তান জন্ম দিয়াৰ কথা কয় আৰু আনফালে তেওঁলোকৰ চৰকাৰে দুটা সন্তান জন্ম দিয়াৰ কথা কয়’ বুলি উল্লেখ কৰি আজমলে লগতে কয়, ‘প্ৰথমে তেওঁলোকে নিজৰ মাজত কথাবোৰ ঠিক কৰি লওক’।

Related News