ৰাজনৈতিক সংকটত মহাৰাষ্ট্ৰ। প্ৰতিটো মুহূৰ্ততে লক্ষ্যণীয় হৈ পৰিছে সমগ্ৰ ঘটনা প্ৰবাহ। ইতিমধ্যে বিসম্বাদী বিধায়কসকলে নতুন দল গঠনৰ ঘোষণা কৰিছে। কিন্তু বিসম্বাদী শিবিৰত কিমানজন বিধায়ক হ’লে তেওঁলোকে দল গঠন কৰিব? নিজৰ দলৰ বিৰুদ্ধে বিদ্ৰোহ কৰি বিধায়ক পদ হেৰুৱাব নেকি শিৱসেনাৰ বিসম্বাদী বিধায়কসকলে? এইসমূহৰ মাজতে সেয়ে উত্থাপন হৈছে ভাৰতীয় সংবিধানত থকা এখন আইন anti-defection law প্ৰসংগ। কিন্তু কি এই anti-defection law? মহাৰাষ্ট্ৰৰ পটভূমিত কিয় ই চৰ্চালৈ আহিছে? চাও আহক এই সন্দৰ্ভত আমাৰ এক বিশেষ প্ৰতিবেদন।
শেহতীয়াকৈ কৰ্ণাটকৰ বিৰোধী নেতা চিদাৰামাইয়াই কৈছে যে মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সংকটে গণতন্ত্ৰৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। গণতন্ত্ৰক ৰক্ষা কৰিবলৈ তেওঁ anti-defection law অধিক শক্তিশালী কৰিবলৈ দাবী জনাইছে। এই anti-defection law আছে সংবিধানৰ দশম অনুসূচীৰ ১০২ অনুচ্ছেদত। আইনখনক অসমীয়াত মূলতঃ দলত্যাগবিৰোধী আইন বুলিব পাৰি। ১৯৮৫ চনত এই আইন অনা হৈছিল। সাধাৰণতে এই আইন যিসকল জনপ্ৰিতিনিধিয়ে একোটা দলৰ পৰা বিজয়ী হৈ আন এটা দললৈ যায়, সেইসকলৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হয়। আনকি নিৰ্দলীয় জনপ্ৰতিনিধিসকলৰ ক্ষেত্ৰতো ইয়াক প্ৰয়োগ কৰা হয়। আইন অনুসৰি, এইসমূহ জনপ্ৰতিনিধিয়ে এটা দলত নতুনকৈ যোগদান কৰিলে বিধায়ক অথবা সাংসদ পদ হেৰুৱাব। কিন্তু এইখিনিতে এটা বিশেষ কথা আছে যে যদি এটা দলৰ দুই-তৃতীয়াংশ জনপ্ৰতিনিধিয়ে দলত্যাগ কৰে, তেন্তে এই আইন প্ৰয়োগ কৰিব নোৱাৰি। উদাহৰণস্বৰূপে যোৱা বছৰ মেঘালয়ত ১২ জন কংগ্ৰেছ বিধায়কে তৃণমূল কংগ্ৰেছত যোগদান কৰিছিল। কিন্তু তেওঁলোকৰ ওপৰত anti-defection law প্ৰয়োগ কৰা হোৱা নাছিল। ইয়াৰ কাৰণ হৈছে মেঘালয় বিধানসভাত কংগ্ৰেছৰ বিধায়ক আছিল ১৭ জন। ইয়াৰে দুই-তৃতীয়াংশ বিধায়কে দল এৰাৰ বাবে এই আইনৰ পৰা বাচি যায়। ইয়াৰ বিপৰীতে এই আইনৰ অধীনত ২০২০ চনত মণিপুৰৰ এগৰাকী মন্ত্ৰীয়ে বিধায়ক পদ হেৰুৱাইছিল। মন্ত্ৰীজন কংগ্ৰেছৰ আছিল আৰু বিজেপিলৈ গমন কৰিছিল।
মহাৰাষ্ট্ৰৰ পটভূমিত আইনখন এইবাবেই চৰ্চালৈ আহিছে যে একনাথ সিন্দেৰ নেতৃত্বত শিৱসেনাৰ বিসম্বাদী বিধায়ক সকলে শিৱসেনাৰ পৰা পৃথক হ’ব বিচাৰিছে। তেওঁলোকে দলটোৰ প্ৰতিষ্ঠাপক বালাচাহেব ঠাকৰেৰ নামত এটা নতুন দল- শিৱসেনা (বালাচাহেব) গঠন কৰিব বিচাৰিছে। কিন্তু বিধায়কসকলৰ বিৰুদ্ধে anti-defection law প্ৰয়োগ কৰা হ’ব পাৰে। অথবা এই আইনৰ পৰা বাচি যাব পাৰে। প্ৰাৰম্ভিক পৰ্যায়ত শিৱসেনাৰ এই বিসম্বাদী বিধায়কসকলে anti-defection lawৰ ৰেহাই লাভ কৰাৰ সম্ভাৱনাই দেখা দিয়া নাছিল। যদি তেওঁলোকে দলত্যাগ কৰে, তেন্তে বিধায়ক পদবী হেৰুৱাৰ সম্ভাৱনা আছিল। ইয়াৰ কাৰণ হৈছে মহাৰাষ্ট্ৰত শিৱসেনাৰ বিধায়ক আছে ৫৫ জন।
কিন্তু প্রথম পৰ্যায়ত একনাথ সিন্দেৰ শিবিৰত আছিল ৩০ জন বিধায়ক। অৰ্থাৎ শিৱসেনাৰ দুই-তৃতীয়াংশ বিধায়কৰ সংখ্যাক ই চুব পৰা নাছিল। কিন্তু এতিয়া একনাথ সিন্দেৰ শিবিৰত ৩০জনতকৈ অধিক বিধায়ক আছে। একনাথ সিন্দেৰ শিবিৰে দাবী কৰিছে যে ৪২ জন বিধায়কে এই বিসম্বাদৰ অংশ হৈছে। ইয়াৰে ৩৫ জন শিৱসেনাৰ আৰু সাত জন নিৰ্দলীয়। এই সংখ্যা আৰু অধিক বৃদ্ধি পাব বুলিও তেওঁলোকে দাবী কৰে। আইন অনুসৰি বিসম্বাদী বিধায়কৰ সংখ্যা ৩৭ জন হ’লেই একনাথ সিন্দেই উদ্ধৱ ঠাকৰেৰ চৰকাৰ বগৰাব পাৰিব। কাৰণ ৩৭ জন বিধায়কৰ সংখ্যাই শিৱসেনাৰ দুই তৃতীয়াংশ অংকটো চুব পাৰিব। যদি এই কথা সঁচা হয়, তেন্তে এই বিসম্বাদী বিধায়কসকলে anti-defection lawৰ পৰা ৰেহাই লাভ কৰিব। কোৱা হয় যে গণতন্ত্ৰ নম্বৰৰ খেলা। মহাৰাষ্ট্ৰৰ ক্ষেত্ৰতো এই নম্বৰৰ খেলা সাংঘাতিক ধৰণে দেখা গৈছে। কিন্তু মহাৰাষ্ট্ৰৰ ক্ষেত্ৰত এই আইনৰ প্ৰয়োগ অত্যন্ত জটিল হ’ব।
মহাৰাষ্ট্ৰ দেশৰ ভিতৰতে অত্যন্ত শক্তিশালী ৰাজ্য। সেইবাবেই বিজেপিয়ে একনাথ সিন্দেক সমুখত লৈ এই খেলা খেলি আছে। দুই-এদিনতে এই খেলা অন্ত পৰিব। লক্ষ্যণীয় হ’ব, ক’ৰ পানী ক’লৈ যায়!