প্ৰায় ৪০ বছৰীয়া এখন সশস্ত্ৰ সংগ্ৰাম। সাৰ্বভৌম অসমৰ দাবীত হাতত অস্ত্ৰ তুলি লৈছিল অসমৰ হাজাৰ হাজাৰ তেজাল ডেকাই। স্বপ্নৰ স্বাধীন অসমৰ বাবে ওলাই গৈ বহুজনে মৃত্যুক আঁকোৱালি ল’লে, বহুজন নিখোজ হ’ল, কেইবাজনো ঘুণীয়া হ’ল।
কিন্তু ঈপ্সিত ফল লাভত দীৰ্ঘদিনীয়া বিফলতা আৰু চৰকাৰৰ কৌশলৰ ফলত হাজাৰ হাজাৰজনে সংগ্ৰাম ত্যাগ কৰি পুনৰ ঘৰমুৱা হ’ল। অৱশ্যে তাৰ মাজতো দুই-এজনৰ অনমনীয় স্থিতিৰ বলত সংগ্ৰামখন চলি থাকিল। সতীৰ্থৰ পৃষ্ঠভংগৰ সংকটৰ মাজতো চলি থকা সংগ্ৰামৰ নতুন নাম হ’ল আলফা (স্বাধীন)। আলফা (স্বাঃ)ৰ সংগ্ৰাম চলি থাকিলেও ইয়াত আগৰ জোৰ নাছিল। বিভিন্ন কাৰণত লাহে লাহে স্তিমিত হ’বলৈ ধৰিছিল আলফা(স্বাঃ)ৰ এই সশস্ত্ৰ সংগ্ৰামখন।
কিন্তু এটা কথা এতিয়া অসমৰ জনগণৰ সম্পূৰ্ণ অৱগতিৰ ভিতৰত যে এই স্তিমিত সংগ্ৰামখন পুনৰ শক্তিশালী হৈ উঠিছে লাহে লাহে আৰু নীৰৱে। আনকি খোদ চোৰাংচোৱা আৰু আৰক্ষীয়েও স্বীকাৰ কৰিছে যে আলফা (স্বাঃ)ৰ সংগ্ৰামত নতুন উদ্যম আহিছে।
এই প্ৰেক্ষাপটত প্ৰশ্ন হৈছে, আলফা (স্বাঃ)ৰ সংগ্ৰাম আকৌ পূৰ্ণ গতিত চলিব নেকি? কাৰণ সংযুক্ত মুক্তি বাহিনী, অসমৰ সশস্ত্ৰ সংগ্ৰামখনৰ প্ৰতি এতিয়া নতুনকৈ আকৰ্ষিত হৈছে অসমৰ নৱপ্ৰজন্মৰ বহু যুৱক। আলফা(স্বাঃ) আৰু পৰেশ বৰুৱাৰ প্ৰতি যুৱ প্ৰজন্মৰ আকৰ্ষণ বৃদ্ধি পোৱাৰ সমান্তৰালভাৱে কেইবাজনেও যোগদান কৰিছে সশস্ত্ৰ বিপ্লৱত।
উল্লেখ্য যে, কেইদিনমানৰ পূৰ্বে দেৰগাঁৱৰ এজন শিক্ষিত যুৱক তথা সদৌ অসম ছাত্ৰ সন্থাৰ দেৰগাঁও আঞ্চলিক শাখাৰ উপ-সভাপতি পংকজ প্ৰতিম দত্তই আলফা (স্বাঃ)ত যোগদান কৰিছিল। ইয়াৰ পাছতেই তেওঁ হাতত মাৰণাস্ত্ৰ লৈ ফেইচবুক যোগে প্ৰেৰণ কৰা এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছিল। য’ত তেওঁ ‘অসমৰ নতুন প্ৰজন্মৰ প্ৰতিনিধি হিচাপে মই বিশ্বাস কৰো, অসমৰ অস্তিত্ব ৰক্ষাৰ বাবে সাৰ্বভৌম স্বাধীন অসমৰ বিকল্প নাই’ বুলি মন্তব্য কৰিছিল।
আৰক্ষীৰ পৰা পোৱা খবৰ অনুসৰি যোৱা ছেপ্টেম্বৰ মাহত অন্তৰ্ধান হোৱা পংকজৰ লগতে মৰিগাঁৱৰ মনহা কছাৰী গাঁৱৰ চম্পক ডেকা নামৰ যুৱকজনেও আলফা(স্বাঃ)ত যোগদান কৰিছে।
শেহতীয়াকৈ ওদালগুৰি জিলাৰ আৰক্ষী অধীক্ষক ৰাজবীৰ সিঙে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে সুশান্ত নাথ, জয়ন্ত ডেকা আৰু ধনজিৎ ডেকা নামৰ তিনিজন যুৱকে আলফা(স্বাঃ)ত যোগদান কৰিছে।
কেৱল ইমানেই নহয়, তিনিচুকীয়াৰ পানীতোলাৰ হোমেনজ্যোতি বৰুৱা আৰু ডিগবৈৰ ৰাইডাং গাঁৱৰ প্ৰণৱ মৰাণ নামৰ যুৱক দুজনো ভালেমান দিন ধৰি নিৰুদ্দিষ্ট হৈ আছে। তেওঁলোকেও আলফা(স্বাঃ)ত যোগদান কৰা বুলি সন্দেহ কৰা হৈছে।
উল্লেখযোগ্য যে ২০০৩ চনত ভুটানত হোৱা ‘অপাৰেইশ্যন অল ক্লীয়েৰ’ৰ পাছত এক প্ৰকাৰ আলফাৰ ৰাজহাড় ভাগি গৈছিল। ইয়াৰ পৰৱৰ্তী সময়ত ২০০৮ চনত আলফাৰ শক্তিশালী বেটেলিয়ন হিচাপে জনাজাত ২৮নং বেটেলিয়নে মৃণাল হাজৰিকা আৰু জিতেন দত্তৰ নেতৃত্বত যুদ্ধবিৰতি ঘোষণা কৰি উভতি আহিছিল মূল সুঁতিলৈ।
সমান্তৰালভাৱে, ২০০৯ চনৰ নৱেম্বৰ মাহত আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱা, উপ সভাপতি প্ৰদীপ গগৈ, উপ মুখ্য সেনাধ্যক্ষ ৰাজু বৰুৱা, বিত্ত সচিব চিত্ৰবন হাজৰিকা, বৈদেশিক সচিব শশ চৌধুৰী, সাংস্কৃতিক সচিব প্ৰণতি ডেকাকে ধৰি আলফাৰ বহু নেতা গ্ৰেপ্তাৰ হোৱাত আলফা নিশতকীয়া হৈ যোৱা, পৰেশ বৰুৱা অকলশৰীয়া হোৱা বুলিও চৰ্চিত হৈছিল।
কিন্তু ভাগি পৰা বুলি চৰ্চা লাভ কৰা আলফাৰ সশস্ত্ৰ সংগ্ৰামখনৰ এতিয়া পুনৰ ঠন ধৰি উঠিবলৈ আৰম্ভ কৰিছে নেকি? লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বহু শিক্ষিত যুৱকে আলফাত যোগ দি পৰেশ বৰুৱাৰ হাত আকৌ শক্তিশালী কৰি আছে নেকি সেই প্ৰশ্ন এতিয়া প্ৰাসংগিক।
ইপিনে, এইদৰে অসমৰ মেধাবী যুৱক সশস্ত্ৰ সংগ্ৰামত যোগদান কৰা বিষয়টোত চৰকাৰক জগৰীয়া কৰিছে আলফাৰ আলোচনাপন্থী নেতাই।
আলোচনাপন্থী নেতা তথা আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াৰ মতে কেৱল বাতৰিত প্ৰকাশ পোৱা কেইজনেই নহয়, ইয়াতকৈ বহুত বেছি যুৱকে আলফা(স্বাঃ)ত যোগ দিছে আৰু আগলৈও দিব।
“অসম আন্দোলনৰ প্ৰেক্ষাপটত আলফাৰ জন্ম হৈছিল আৰু তেতিয়া নাগৰিকত্বৰ ভিত্তি বছৰ ১৯৫১ চন চৰকাৰে মানি লোৱা হ’লে হয়তো আমাৰ সশস্ত্ৰ পন্থাৰ আৰম্ভণিয়েই নহ’ল হেঁতেন। ঠিক একেদৰেই এতিয়া নাগৰিকত্ব সংশোধনী বিধেয়কক ভাৰত চৰকাৰে যি অলৰ-অচৰ স্থিতি লৈ আছে তাৰ বাবে অসমত আগৰ সেই পৰিৱেশ পুনৰ উভতি আহিছে। এতিয়া গণতান্ত্ৰিক আন্দোলনক চৰকাৰে কোনো গুৰুত্বই নিদিয়ে”, অনুপ চেতিয়াই কয়।
একেই মত আন এগৰাকী আলোচনাপন্থী আলফা নেতা প্ৰৱাল নেওগৰো। তেওঁৰ মতেও নতুন প্ৰজন্মৰ গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰতি আস্থা হেৰাই গৈছে।
তেওঁ কয়, “আগৰ পৰিৱেশটো আমি নিবিচৰা সত্ত্বেও চৰকাৰে আনি দিছে। অসমৰ প্ৰতিটো সমস্যাকে কোনো এখন চৰকাৰে গুৰুত্ব দিয়া নাই। বৃহৎ নদীবান্ধ, ছয় জনগোষ্ঠীৰ জনজাতিকৰণ, নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ অসমৰ বিভিন্ন জাতীয়-জনগোষ্ঠীয় দল-সংগঠনে গণতান্ত্ৰিকভাৱে বহু আন্দোলন কৰিলে। কিন্তু এই গণতান্ত্ৰিক আন্দোলনসমুহ ফুটুকাৰ ফেনত পৰিণত হয়।”
দুয়োগৰাকী নেতাৰ মন্তব্যতে আন বিষয়বোৰৰ উপৰি বিশেষতঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰসংগই স্থান পাইছে। বিধেয়কখনলৈ অসমৰ সকলো খিলঞ্জীয়া জাতি-জনগোষ্ঠীয় সংগঠন আৰু ৰাইজে ব্যাপক প্ৰতিবাদ কৰি থকাৰ পাছতো চৰকাৰে এই গণতান্ত্ৰিক আন্দোলনক তিলমানো গুৰুত্ব প্ৰদান কৰা নাই। যাৰ বাবে আলফা(স্বাঃ)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ স্থিতিকেই মান্যতা প্ৰদান কৰিবলৈ আগ বাঢ়িছে একাংশ নৱপ্ৰজন্মই।
উল্লেখ্য যে, যোৱা ৭ নৱেম্বৰত পৰেশ বৰুৱাৰ মৃত্যু হোৱা বুলি এক বাতৰি প্ৰকাশ পোৱাৰ পাছত ছ’চিয়েল মিডিয়াত হোৱা সৰৱ চৰ্চা, অসমৰ বহু লোকে প্ৰকাশ কৰা উদ্বিগ্নতাৰ বিষয়টোৱেও পৰেশ বৰুৱাৰ জনপ্ৰিয়তা আৰু প্ৰাসংগিকতা বৃদ্ধি পোৱাৰ ইংগিত বহন কৰিছে।
এতিয়া এনে উদাহৰণ সমূহে ভাৰত চৰকাৰ বা অসম চৰকাৰৰ এই খিলঞ্জীয়া বিৰোধী স্থিতিৰ বাবেই যোৱা শতিকাৰ শেষৰ দুটা দশকৰ পৰিৱেশ অসমলৈ পুনৰ উভতাই আনিব নেকি? পুনৰ ৰক্তাক্ত হ’বলৈ গৈ আছে নেকি অসম?